--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্য খোৱাৰ বাবে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'বলৈ ধৰে। এনে পৰিস্থিতিত হাৰ্টএটেক আৰু ডায়েবেটিছৰ আশংকাও ক্ৰমান্বয়ে বাঢ়ি যায়। উন্নত স্বাস্থ্যৰ বাবে আমি এক স্বাস্থ্যকৰ আহাৰ বাছনি কৰা উচিত। সেয়েহে ভেণ্ডি এনে এবিধ সেউজীয়া পাচলি, যি বেয়া কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পোৱাই নহয়, শৰীৰৰ ৰক্তশৰ্কৰা স্তৰো নিয়ন্ত্ৰণ কৰে।

 ভেণ্ডিত ভিটামিন, খনিজ আৰু আঁহেৰে সমৃদ্ধ হোৱা বাবে ই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ বাহিৰেও ইয়াত পেকটিনও পোৱা যায়, যাৰ সহায়ত শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণ হয়। মনত ৰাখিব যে উচ্চ কলেষ্টেৰলক বহুতো গুৰুতৰ ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয়।

 ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে-

আমি উল্লেখ কৰাৰ দৰে যে ভেণ্ডি (লেডী ফিংগাৰ) হৈছে আঁহৰ এক সমৃদ্ধ উৎস, সেয়েহে ই পেটৰ সমস্যা আঁতৰ কৰে আৰু হজম ক্ষমতা শক্তিশালী কৰি স্বাস্থ্যৱান কৰি ৰাখে ই ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী কিয়নো এই সেউজীয়া পাচলি খোৱাৰ দ্বাৰা ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।

 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব-

ভেণ্ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে ভেণ্ডিক দৈনিক আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰে, তেনেহ'লে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত