--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডেঞ্জাৰ বাপ্পীৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখনকৈ চাৰিচকীয়া বাহন ক্ৰমে AS01FA0015 নম্বৰৰ বলেৰ আৰু এখন মাৰুতি Breeza গাড়ী জব্দ কৰে। তদুপৰি LED TV, POWER HONDA, বিদ্যালয়ৰ স্মাৰ্ট ব'ৰ্ড, কম্পিউটাৰ,ছিলিং ফেন, খালি চিলিণ্ডাৰ আদি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক: মৰিগাঁৱত চুৰি সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকা সময়তে পোহৰলৈ আহিল ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ডেঞ্জাৰ খবৰ। 

 

টেঙাগুৰি কছাৰি গাঁওস্থিত ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত আৰক্ষীৰ অভিযানত ওলাল বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী।


মৰিগাঁও সদৰ আৰক্ষী, ভূৰাগাঁও আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীৰ সহযোগত চুৰি সামগ্ৰীৰ বিৰুদ্ধে চলিছিল অভিযান। 


মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পীৰ ঘৰত চলা আৰক্ষীৰ যৌথ অভিযান বহু লক্ষাধিক টকাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


ডেঞ্জাৰ বাপ্পীৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখনকৈ চাৰিচকীয়া বাহন ক্ৰমে AS01FA0015 নম্বৰৰ বলেৰ আৰু এখন মাৰুতি Breeza গাড়ী জব্দ কৰে। তদুপৰি LED TV, POWER HONDA, বিদ্যালয়ৰ স্মাৰ্ট ব'ৰ্ড, কম্পিউটাৰ,ছিলিং ফেন, খালি চিলিণ্ডাৰ আদি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 


উল্লেখ্য যে মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পী পূৰ্বে আছিল এটা দুৰ্ধৰ্ষ গাড়ী চোৰ। চুৰি কাৰ্য সংঘটিত কৰি বহুবাৰ জে’ল হাজোতলৈ যাবলগীয়া হৈছিল বাপ্পী। কিন্তু হঠাত ৰত্নাকৰৰ পৰা বাল্মিকীৰ বেশ ধৰি মহছিন আহমেদ ওৰফে বাপ্পীয়ে সামজিক কাম-কাজত লাগি সাধাৰণ দুখীয়া-দৰিদ্ৰ লোকক সাহায্য প্ৰদান কৰাৰ দৰে কামত লাগিছিল। 


মানুহৰ মাজত নিজৰ ভাৱমূৰ্তি সলনি কৰি হঠাত এই চোৰটো পৰিচিত হৈ পৰিছিল ইউটিউবাৰ ডেঞ্জাৰ বাপ্পী নামেৰে। কিন্তু 'চোৰে নেৰে চোৰৰ প্ৰবৃত্তি' তাকে পুনৰ প্ৰমাণ কৰিলে ডেঞ্জাৰ বাপ্পীয়ে, বাপ্পীৰ ঘৰত ওলাল দমে দমে চুৰি সামগ্ৰী। অৱশ্যে আৰক্ষীৰ উমান পাই মহছিন আহমেদ উৰফে ডেঞ্জাৰ বাপ্পীয়ে আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে। 


ডেঞ্জাৰ বাপ্পীৰ সন্ধানত নামি পৰিছে আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান