--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱতীগৰাকীৰ অভিযোগ, বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি অভিযুক্তই তেওঁক কৰ্মস্থলী বেংগালুৰুলৈ লৈ যায়। তাত প্ৰায় পাঁচ মাহ ধৰি দুয়োজনে ভাড়াঘৰত স্বামী-স্ত্ৰীৰ দৰে একেলগে বাস কৰিছিল।

ডিজিটেল ডেস্ক: কাছাৰ জিলাত প্ৰেম, বিয়াৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে, বিয়াৰ প্ৰলোভন দেখুৱাই অভিযুক্ত যুৱকে তেওঁৰ সৈতে সহবাস কৰে আৰু তেওঁ গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ কৰে। ঘটনাটোৰ ন্যায় বিচাৰি যুৱতীগৰাকীয়ে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।


অভিযোগ অনুসৰি, বাসকান্দিৰ গোবিন্দপুৰ পাৰ্ট-১ৰ নিবাসী যুৱতীগৰাকীৰ সৈতে প্ৰায় ডেৰ বছৰ পূৰ্বে সামাজিক মাধ্যমযোগে বৰখলা উজননগৰ পাৰ্ট-২ৰ বাসিন্দা আবু ছালেম লস্কৰৰ চিনাকি হয়। সেই চিনাকিৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।


যুৱতীগৰাকীৰ অভিযোগ, বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি অভিযুক্তই তেওঁক কৰ্মস্থলী বেংগালুৰুলৈ লৈ যায়। তাত প্ৰায় পাঁচ মাহ ধৰি দুয়োজনে ভাড়াঘৰত স্বামী-স্ত্ৰীৰ দৰে একেলগে বাস কৰিছিল।


পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে নিজ গৰ্ভধাৰণৰ কথা জানিব পাৰিলে আৰু প্ৰেমিকক জনায়। ইয়াৰ পাছতেই আবু ছালেম লস্কৰে তেওঁক বেংগালুৰুতে এৰি থৈ কাকো নজনোৱাকৈ পলাই আহে বুলি অভিযোগ উত্থাপন হৈছে।


ইয়াৰ পিছত যুৱতীগৰাকীয়ে অভিযুক্তৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। প্ৰথমে তেওঁৰ পিতৃয়ে বিষয়টো সমাধান কৰাৰ আশ্বাস দিলেও পিছত পৰিয়ালৰ সদস্যসকলে তেওঁক গ্ৰহণ নকৰি আৰ্থিক লেনদেনৰ প্ৰস্তাৱ আগবঢ়ায়। অৱশ্যে যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰি গৰ্ভস্থ সন্তানসহ তেওঁক পত্নী হিচাপে স্বীকৃতি দি গ্ৰহণ কৰাৰ দাবীত অটল থাকে।


অভিযোগত আৰু উল্লেখ কৰা হৈছে যে, পৰিয়ালৰ পৰা ন্যায় নাপাই তেওঁ বৰখলা থানাতো অভিযোগ দাখিল কৰিছিল যদিও ব্যৱস্থা লাভ নকৰিলে। অৱশেষত তেওঁ কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰি ঘটনাটোৰ উচিত তদন্ত, আইনী ব্যৱস্থা আৰু ন্যায় বিচাৰ প্ৰদানৰ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী