--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱতীগৰাকীৰ অভিযোগ, বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি অভিযুক্তই তেওঁক কৰ্মস্থলী বেংগালুৰুলৈ লৈ যায়। তাত প্ৰায় পাঁচ মাহ ধৰি দুয়োজনে ভাড়াঘৰত স্বামী-স্ত্ৰীৰ দৰে একেলগে বাস কৰিছিল।

ডিজিটেল ডেস্ক: কাছাৰ জিলাত প্ৰেম, বিয়াৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে, বিয়াৰ প্ৰলোভন দেখুৱাই অভিযুক্ত যুৱকে তেওঁৰ সৈতে সহবাস কৰে আৰু তেওঁ গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ কৰে। ঘটনাটোৰ ন্যায় বিচাৰি যুৱতীগৰাকীয়ে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।


অভিযোগ অনুসৰি, বাসকান্দিৰ গোবিন্দপুৰ পাৰ্ট-১ৰ নিবাসী যুৱতীগৰাকীৰ সৈতে প্ৰায় ডেৰ বছৰ পূৰ্বে সামাজিক মাধ্যমযোগে বৰখলা উজননগৰ পাৰ্ট-২ৰ বাসিন্দা আবু ছালেম লস্কৰৰ চিনাকি হয়। সেই চিনাকিৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।


যুৱতীগৰাকীৰ অভিযোগ, বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি অভিযুক্তই তেওঁক কৰ্মস্থলী বেংগালুৰুলৈ লৈ যায়। তাত প্ৰায় পাঁচ মাহ ধৰি দুয়োজনে ভাড়াঘৰত স্বামী-স্ত্ৰীৰ দৰে একেলগে বাস কৰিছিল।


পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে নিজ গৰ্ভধাৰণৰ কথা জানিব পাৰিলে আৰু প্ৰেমিকক জনায়। ইয়াৰ পাছতেই আবু ছালেম লস্কৰে তেওঁক বেংগালুৰুতে এৰি থৈ কাকো নজনোৱাকৈ পলাই আহে বুলি অভিযোগ উত্থাপন হৈছে।


ইয়াৰ পিছত যুৱতীগৰাকীয়ে অভিযুক্তৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। প্ৰথমে তেওঁৰ পিতৃয়ে বিষয়টো সমাধান কৰাৰ আশ্বাস দিলেও পিছত পৰিয়ালৰ সদস্যসকলে তেওঁক গ্ৰহণ নকৰি আৰ্থিক লেনদেনৰ প্ৰস্তাৱ আগবঢ়ায়। অৱশ্যে যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰি গৰ্ভস্থ সন্তানসহ তেওঁক পত্নী হিচাপে স্বীকৃতি দি গ্ৰহণ কৰাৰ দাবীত অটল থাকে।


অভিযোগত আৰু উল্লেখ কৰা হৈছে যে, পৰিয়ালৰ পৰা ন্যায় নাপাই তেওঁ বৰখলা থানাতো অভিযোগ দাখিল কৰিছিল যদিও ব্যৱস্থা লাভ নকৰিলে। অৱশেষত তেওঁ কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰি ঘটনাটোৰ উচিত তদন্ত, আইনী ব্যৱস্থা আৰু ন্যায় বিচাৰ প্ৰদানৰ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান