--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলৈ-বিপত্তি শেষ নোহোৱা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ(Imran Khan)। পাকিস্তানত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ বলি হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দুটাকৈ মোবাইল ফোন চুৰি হৈছে শিয়ালকোটত। শিয়ালকোটৰ ভিআইপি ফেক্টৰী গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দি খানে কৈছিল যে বিদেশত তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰ এটা ভিডিঅ’ ৰেকৰ্ডিং তেওঁৰ ওচৰত আছে। এই দাবী কৰাৰ পাছতেই শিয়ালকোট বিমানবন্দৰৰ পৰা তেওঁৰ দুটা মোবাইল ফোন চুৰি হয়। 

খানৰ মুখপাত্ৰ শ্বাহবাজ গিলে টুইট কৰি কয় যে ''শনিবাৰে ইমৰান খান শিয়ালকোটলৈ গৈছিল ৰেলীত ভাষণ দিবলৈ। একে সময়তে শিয়ালকোট বিমানবন্দৰত তেওঁৰ ফোন চুৰি হৈছিল। ইমৰান খানক ইচ্ছাকৃতভাৱে কোনো ধৰণৰ নিৰাপত্তা প্ৰদান কৰা হোৱা নাছিল। পাকিস্তান চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দুটা মোবাইল ফোন চুৰি হোৱাৰ পাছতে তেওঁৰ নিৰাপত্তা কটকটীয়া কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইমৰান খানক অভেদ্য নিৰাপত্তা প্ৰদান কৰিবলৈ গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহক নিৰ্দেশ দিছে। 

ইমৰাণ খানৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ইমৰান খানৰ বাণী গালা বাসগৃহৰ নিৰাপত্তাৰ বাবে আৰক্ষী আৰু সীমান্ত বাহিনীৰ ৯৪ জন জোৱান মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও ইছলামবাগ আৰক্ষীৰ চাৰিখন বাহন আৰু ২৩ জন জোৱান, ফ্ৰন্টিয়াৰ কৰ্পছৰ এখন বাহন আৰু ৫ জন জোৱান সকলো সময়তে ইমৰাণ খানৰ ওচৰত থাকিব। 

এই সকলোবোৰৰ বাহিৰেও ইমৰাণ খানৰ নিৰাপত্তাৰ বাবে নিজ নিজ চৰকাৰে খাইবাৰ পাখতুনখোৱা আৰক্ষীৰ ৩৬ জন জোৱান আৰু গিলগিট বাল্টিস্তান আৰক্ষীৰ ৬ জন আৰক্ষীক মোতায়েন কৰিছে।পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দেশৰ যিকোনো ঠাইতে ৰেলী অনুষ্ঠিত কৰাৰ সময়ত ইমৰান খানৰ সঠিক নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰাদেশিক চৰকাৰসমূহক অনুৰোধ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ