--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলৈ-বিপত্তি শেষ নোহোৱা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ(Imran Khan)। পাকিস্তানত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ বলি হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দুটাকৈ মোবাইল ফোন চুৰি হৈছে শিয়ালকোটত। শিয়ালকোটৰ ভিআইপি ফেক্টৰী গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দি খানে কৈছিল যে বিদেশত তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰ এটা ভিডিঅ’ ৰেকৰ্ডিং তেওঁৰ ওচৰত আছে। এই দাবী কৰাৰ পাছতেই শিয়ালকোট বিমানবন্দৰৰ পৰা তেওঁৰ দুটা মোবাইল ফোন চুৰি হয়। 

খানৰ মুখপাত্ৰ শ্বাহবাজ গিলে টুইট কৰি কয় যে ''শনিবাৰে ইমৰান খান শিয়ালকোটলৈ গৈছিল ৰেলীত ভাষণ দিবলৈ। একে সময়তে শিয়ালকোট বিমানবন্দৰত তেওঁৰ ফোন চুৰি হৈছিল। ইমৰান খানক ইচ্ছাকৃতভাৱে কোনো ধৰণৰ নিৰাপত্তা প্ৰদান কৰা হোৱা নাছিল। পাকিস্তান চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দুটা মোবাইল ফোন চুৰি হোৱাৰ পাছতে তেওঁৰ নিৰাপত্তা কটকটীয়া কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইমৰান খানক অভেদ্য নিৰাপত্তা প্ৰদান কৰিবলৈ গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহক নিৰ্দেশ দিছে। 

ইমৰাণ খানৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ইমৰান খানৰ বাণী গালা বাসগৃহৰ নিৰাপত্তাৰ বাবে আৰক্ষী আৰু সীমান্ত বাহিনীৰ ৯৪ জন জোৱান মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও ইছলামবাগ আৰক্ষীৰ চাৰিখন বাহন আৰু ২৩ জন জোৱান, ফ্ৰন্টিয়াৰ কৰ্পছৰ এখন বাহন আৰু ৫ জন জোৱান সকলো সময়তে ইমৰাণ খানৰ ওচৰত থাকিব। 

এই সকলোবোৰৰ বাহিৰেও ইমৰাণ খানৰ নিৰাপত্তাৰ বাবে নিজ নিজ চৰকাৰে খাইবাৰ পাখতুনখোৱা আৰক্ষীৰ ৩৬ জন জোৱান আৰু গিলগিট বাল্টিস্তান আৰক্ষীৰ ৬ জন আৰক্ষীক মোতায়েন কৰিছে।পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দেশৰ যিকোনো ঠাইতে ৰেলী অনুষ্ঠিত কৰাৰ সময়ত ইমৰান খানৰ সঠিক নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰাদেশিক চৰকাৰসমূহক অনুৰোধ জনাইছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ