--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই দুখন পাৰমাণৱিক শক্তিৰে ক্ষমতাশালী দেশৰ মাজত যুদ্ধৰ, সর্বোপৰি পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি কৰাৰ সময়তে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য প্রকাশ পাইছে। পাকিস্তানৰ এজন মন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে ১৩০টা পাৰমাণৱিক অস্ত্র সাজু কৰি ৰখা হৈছে বুলি কোৱাৰ বিপৰীতে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পাৰমাণৱিক যুদ্ধৰ আশংকা নস্যাৎ কৰিছে। 

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খোৱাজা মহম্মদ আছিফে কয় যে পেহেলগামৰ ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক পাৰমাণৱিক আক্রমণৰ পৰ্যায়লৈ লৈ যোৱাৰ আশংকা নাই। তেওঁ কয়, 'মই নাভাবোঁ যে এই সংঘাত পাৰমাণৱিক আক্ৰমণৰ পৰ্যায়লৈ বৃদ্ধি পাব। ভাৰত আৰু পাকিস্তান দুয়োখনেই হৈছে পাৰমাণৱিক শক্তিৰে ক্ষমতাশালী, কিন্তু কথাবোৰ ইমান দূৰলৈ যাব বুলি মই নাভাবোঁ।' 

পাক প্ৰতিৰক্ষা মন্ত্রীজনে আৰু কয়- ''কোনো আক্রমণ আৰম্ভ কৰাৰ আমাৰ অভিপ্রায় নাই, কিন্তু যদি ভাৰতে আক্রমণ কৰে, তেন্তে প্রত্যাক্রমণ হ'ব।' উল্লেখযোগ্য যে শুকুৰবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রীজনে কৈছিল যে দুয়োখন দেশৰ উত্তেজনাৰ বিষয়ে বিশ্ব উদ্বিগ্ন হোৱা উচিত, কাৰণ এনে উত্তেজনা সম্পূর্ণ পাৰমাণৱিক যুদ্ধলৈ ত্বৰান্বিত হ'ব পাৰে। 

ইফালে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে পাকিস্তানৰ মন্ত্রী হানিফ আব্বাচীয়ে মুকলিকৈয়ে ভাবুকি দি কয় যে পাকিস্তানৰ শ্বাহীন আৰু গজনবীকে ধৰি ১৩০টা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ভাৰতৰ বাবে ৰখা হৈছে। এখন সংবাদমেলত আব্বাচীয়ে কয়, 'শ্বাহীন, গজনৱী আদি যিবোৰ পাৰমাণৱিক অস্ত্র আমি আমাৰ ঘাটিবোৰত থৈছোঁ, সেইবোৰ হিন্দুস্তানৰ বাবেই থৈছোঁ। আপোনালোকে নাজানে পাকিস্তানৰ কোন কোন অংশত আমি সেইবোৰ ৰাখিছোঁ। সেয়ে মই বাৰে বাৰে কৈছোঁ; শ্বাহী, ঘোৰী- এইবোৰ শ্ব' কে'ছত নাই, সেইবোৰ আনৰ ফালে নহয়, আপোনালোকৰ ফালে পোনাই ৰখা হৈছে।''

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ