--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই দুখন পাৰমাণৱিক শক্তিৰে ক্ষমতাশালী দেশৰ মাজত যুদ্ধৰ, সর্বোপৰি পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি কৰাৰ সময়তে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য প্রকাশ পাইছে। পাকিস্তানৰ এজন মন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে ১৩০টা পাৰমাণৱিক অস্ত্র সাজু কৰি ৰখা হৈছে বুলি কোৱাৰ বিপৰীতে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পাৰমাণৱিক যুদ্ধৰ আশংকা নস্যাৎ কৰিছে। 

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খোৱাজা মহম্মদ আছিফে কয় যে পেহেলগামৰ ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক পাৰমাণৱিক আক্রমণৰ পৰ্যায়লৈ লৈ যোৱাৰ আশংকা নাই। তেওঁ কয়, 'মই নাভাবোঁ যে এই সংঘাত পাৰমাণৱিক আক্ৰমণৰ পৰ্যায়লৈ বৃদ্ধি পাব। ভাৰত আৰু পাকিস্তান দুয়োখনেই হৈছে পাৰমাণৱিক শক্তিৰে ক্ষমতাশালী, কিন্তু কথাবোৰ ইমান দূৰলৈ যাব বুলি মই নাভাবোঁ।' 

পাক প্ৰতিৰক্ষা মন্ত্রীজনে আৰু কয়- ''কোনো আক্রমণ আৰম্ভ কৰাৰ আমাৰ অভিপ্রায় নাই, কিন্তু যদি ভাৰতে আক্রমণ কৰে, তেন্তে প্রত্যাক্রমণ হ'ব।' উল্লেখযোগ্য যে শুকুৰবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রীজনে কৈছিল যে দুয়োখন দেশৰ উত্তেজনাৰ বিষয়ে বিশ্ব উদ্বিগ্ন হোৱা উচিত, কাৰণ এনে উত্তেজনা সম্পূর্ণ পাৰমাণৱিক যুদ্ধলৈ ত্বৰান্বিত হ'ব পাৰে। 

ইফালে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে পাকিস্তানৰ মন্ত্রী হানিফ আব্বাচীয়ে মুকলিকৈয়ে ভাবুকি দি কয় যে পাকিস্তানৰ শ্বাহীন আৰু গজনবীকে ধৰি ১৩০টা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ভাৰতৰ বাবে ৰখা হৈছে। এখন সংবাদমেলত আব্বাচীয়ে কয়, 'শ্বাহীন, গজনৱী আদি যিবোৰ পাৰমাণৱিক অস্ত্র আমি আমাৰ ঘাটিবোৰত থৈছোঁ, সেইবোৰ হিন্দুস্তানৰ বাবেই থৈছোঁ। আপোনালোকে নাজানে পাকিস্তানৰ কোন কোন অংশত আমি সেইবোৰ ৰাখিছোঁ। সেয়ে মই বাৰে বাৰে কৈছোঁ; শ্বাহী, ঘোৰী- এইবোৰ শ্ব' কে'ছত নাই, সেইবোৰ আনৰ ফালে নহয়, আপোনালোকৰ ফালে পোনাই ৰখা হৈছে।''

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ