--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে বহু ৰোগে মানুহক কম বয়সতে আগুৰি ধৰে। ইয়াৰ মাজত বহুতেই জীৱন সংকটজনক ৰোগৰ মাজেৰেও পাৰ কৰিবলগীয়া হয়। হঠাতে লগ লগা ৰোগৰ বাবে কোনো ব্যক্তিৰ অকাল মৃত্যুও হয়। কিন্তু এনে কিছুমান লোক আছে যিয়ে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে দীৰ্ঘায়ু জীৱন লাভ কৰে। কিন্তু এনে কিছুমান লোক আছে যিয়ে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে দীৰ্ঘায়ু লাভ কৰে। এনে এগৰাকী মহিলা আছে যিয়ে শেহতীয়াকৈ ১১ মে’ত ১২৮ সংখ্যক জন্মদিন উদযাপন কৰিছে। দাবী কৰা হৈছে যে তেওঁ বৰ্তমান পৃথিৱীৰ আটাইতকৈ বয়সস্থ জীৱিত ব্যক্তি। 


১৮৯৪ চনৰ ১১ মে’ত দক্ষিণ আফ্ৰিকাত (South Africa) জন্মগ্ৰহণ কৰা জোহানা মাজিবুকোৰ (Johanna Mazibuko) জন্ম হৈছিল কুঁহিয়াৰৰ পথাৰত আৰু তেওঁ ১২ জন ভাই-ভনীৰ ভিতৰত ডাঙৰ। জোহানাই কয় যে, "আমাৰ পৰিয়ালটো নিৰক্ষৰ আছিল আৰু আমি আগতে বহু সময় পথাৰত কটাবলগীয়া হৈছিল। মোৰ বৰ ভালকৈ মনত আছে, সৰুতে পথাৰবোৰত ফৰিঙে আক্ৰমণ কৰিছিল। আমি সেই ফৰিংবোৰ ধৰি ভাজি খাইছিলোঁ। কিন্তু বয়স বঢ়াৰ লগে লগে গাখীৰ আৰু বনৰীয়া কচু খাবলৈ ধৰিলোঁ।" 

জোহানাই লগতে কয় যে "এতিয়া মই আজিৰ খাদ্য খাওঁ কিন্তু মোৰ শৈশৱৰ সেই খাদ্যলৈ (গাখীৰ,বনৰীয়া কচু, ফৰিং) মোৰ মনত পৰে। মোৰ বিয়া হৈছিল এজন বুঢ়া মানুহৰ লগত, যাৰ নাম আছিল স্তৱনা মাজিবুকো। মোৰ স্বামীৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। মোৰ স্বামীৰ বহুত গৰু-ঘোঁৰাৰ গোহালি আছিল। মোৰ স্বামী আৰু তেওঁৰ প্ৰথম পত্নী মেস্তৱানাৰ ৭টা সন্তান আছিল, ইয়াৰে ২টা এতিয়াও জীয়াই আছে। মেস্তৱানা আৰু মোৰ ২ টা সন্তানৰ উপৰিও মোৰ প্ৰায় ৫০ জন নাতি-পৰিনাতিও আছে।" জোহানাই কয় যে "বিয়াৰ আগতে ফাৰ্মৰ কাম কৰিছিলোঁ। পথাৰত কাম কৰাৰ উপৰিও কাপোৰ চাফা কৰা কাম কৰিছিলোঁ। মোৰ বিশ্বাস কাৰোবাৰ হাতত টকা নথকালৈকে তেওঁ বহুত সংগ্ৰাম কৰিবলগীয়া হয়। 


উল্লেখ্য যে জোহানাই বৰ্তমান কাণেৰে ভালকৈ শুনা নাপায় কিন্তু চকুৰে ভালকৈ দেখা পায়। এতিয়াও সুস্বাস্থ্যৱান হৈ থকা জোহানাই কয় যে লাহে লাহে তেওঁ খোজ কঢ়াত অসুবিধা পাইছে। তেওঁ কয় যে, "যেতিয়া মই মানুহক খোজকাঢ়ি যোৱা দেখোঁ, তেতিয়া মই ভাবো যে ময়ো তেওঁলোকৰ দৰে খোজকাঢ়ি যাব পৰা হ'লে ভাল আছিল।মোৰ এজন কেয়াৰটেকাৰ আছে যি ২০০১ চনৰ পৰা মোৰ লগত আছে। তেওঁ মোৰ বাবে ইমানেই বিশেষ হৈ পৰিছে যে তেওঁ ওচৰত নাথাকিলে মই টোপনিও নাযাওঁ।" জোহানাৰ ঘনিষ্ঠ লোকসকলে কয় যে তেওঁলোকৰ হাতত জোহানাৰ আইডি আছে আৰু সেই ভিত্তিত জোহানাৰ নাম গিনিজ বুক অৱ ৰেকৰ্ডত লিখিব লাগে, যাতে তেওঁ উপযুক্ত সন্মান লাভ কৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে