--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে বহু ৰোগে মানুহক কম বয়সতে আগুৰি ধৰে। ইয়াৰ মাজত বহুতেই জীৱন সংকটজনক ৰোগৰ মাজেৰেও পাৰ কৰিবলগীয়া হয়। হঠাতে লগ লগা ৰোগৰ বাবে কোনো ব্যক্তিৰ অকাল মৃত্যুও হয়। কিন্তু এনে কিছুমান লোক আছে যিয়ে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে দীৰ্ঘায়ু জীৱন লাভ কৰে। কিন্তু এনে কিছুমান লোক আছে যিয়ে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে দীৰ্ঘায়ু লাভ কৰে। এনে এগৰাকী মহিলা আছে যিয়ে শেহতীয়াকৈ ১১ মে’ত ১২৮ সংখ্যক জন্মদিন উদযাপন কৰিছে। দাবী কৰা হৈছে যে তেওঁ বৰ্তমান পৃথিৱীৰ আটাইতকৈ বয়সস্থ জীৱিত ব্যক্তি। 


১৮৯৪ চনৰ ১১ মে’ত দক্ষিণ আফ্ৰিকাত (South Africa) জন্মগ্ৰহণ কৰা জোহানা মাজিবুকোৰ (Johanna Mazibuko) জন্ম হৈছিল কুঁহিয়াৰৰ পথাৰত আৰু তেওঁ ১২ জন ভাই-ভনীৰ ভিতৰত ডাঙৰ। জোহানাই কয় যে, "আমাৰ পৰিয়ালটো নিৰক্ষৰ আছিল আৰু আমি আগতে বহু সময় পথাৰত কটাবলগীয়া হৈছিল। মোৰ বৰ ভালকৈ মনত আছে, সৰুতে পথাৰবোৰত ফৰিঙে আক্ৰমণ কৰিছিল। আমি সেই ফৰিংবোৰ ধৰি ভাজি খাইছিলোঁ। কিন্তু বয়স বঢ়াৰ লগে লগে গাখীৰ আৰু বনৰীয়া কচু খাবলৈ ধৰিলোঁ।" 

জোহানাই লগতে কয় যে "এতিয়া মই আজিৰ খাদ্য খাওঁ কিন্তু মোৰ শৈশৱৰ সেই খাদ্যলৈ (গাখীৰ,বনৰীয়া কচু, ফৰিং) মোৰ মনত পৰে। মোৰ বিয়া হৈছিল এজন বুঢ়া মানুহৰ লগত, যাৰ নাম আছিল স্তৱনা মাজিবুকো। মোৰ স্বামীৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। মোৰ স্বামীৰ বহুত গৰু-ঘোঁৰাৰ গোহালি আছিল। মোৰ স্বামী আৰু তেওঁৰ প্ৰথম পত্নী মেস্তৱানাৰ ৭টা সন্তান আছিল, ইয়াৰে ২টা এতিয়াও জীয়াই আছে। মেস্তৱানা আৰু মোৰ ২ টা সন্তানৰ উপৰিও মোৰ প্ৰায় ৫০ জন নাতি-পৰিনাতিও আছে।" জোহানাই কয় যে "বিয়াৰ আগতে ফাৰ্মৰ কাম কৰিছিলোঁ। পথাৰত কাম কৰাৰ উপৰিও কাপোৰ চাফা কৰা কাম কৰিছিলোঁ। মোৰ বিশ্বাস কাৰোবাৰ হাতত টকা নথকালৈকে তেওঁ বহুত সংগ্ৰাম কৰিবলগীয়া হয়। 


উল্লেখ্য যে জোহানাই বৰ্তমান কাণেৰে ভালকৈ শুনা নাপায় কিন্তু চকুৰে ভালকৈ দেখা পায়। এতিয়াও সুস্বাস্থ্যৱান হৈ থকা জোহানাই কয় যে লাহে লাহে তেওঁ খোজ কঢ়াত অসুবিধা পাইছে। তেওঁ কয় যে, "যেতিয়া মই মানুহক খোজকাঢ়ি যোৱা দেখোঁ, তেতিয়া মই ভাবো যে ময়ো তেওঁলোকৰ দৰে খোজকাঢ়ি যাব পৰা হ'লে ভাল আছিল।মোৰ এজন কেয়াৰটেকাৰ আছে যি ২০০১ চনৰ পৰা মোৰ লগত আছে। তেওঁ মোৰ বাবে ইমানেই বিশেষ হৈ পৰিছে যে তেওঁ ওচৰত নাথাকিলে মই টোপনিও নাযাওঁ।" জোহানাৰ ঘনিষ্ঠ লোকসকলে কয় যে তেওঁলোকৰ হাতত জোহানাৰ আইডি আছে আৰু সেই ভিত্তিত জোহানাৰ নাম গিনিজ বুক অৱ ৰেকৰ্ডত লিখিব লাগে, যাতে তেওঁ উপযুক্ত সন্মান লাভ কৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ