--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড ভেকছিনে এবছৰতকৈও অধিক সময়ৰ ভিতৰত প্ৰায় ৩ লক্ষ্যাধিকতকৈও অধিক আমেৰিকান লোকৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন বুলি দেশৰ গৱেষকসকলে দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়, মাইক্ৰছফ্ট এআই হেল্থ, হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ গৱেষকসকলে দাবী কৰিছে যে, ২০২১ চনৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ এপ্ৰিললৈকে দেশখনত ৬,৪১,০০০ ক’ভিড ৰোগীৰ মৃত্যু হৈছে। গৱেষকসকলৰ বিশ্লেষণ অনুসৰি, এই বিপুল সংখ্যক কৰ’না ৰোগীৰ আধাতকৈও অধিক ৰোগীক আৰোগ্য কৰিব পৰা গ’লহেঁতেন। ক’ভিড ভেকছিন প্ৰয়োগ কৰিলেহে এয়া সম্ভৱ হ'লহেঁতেন বুলি দাবী গৱেষকৰ।

ক’ভিড ভেকছিনৰ কাৰ্যকৰীতা সম্পৰ্কে বহুতো আমেৰিকানৰ মনত সন্দেহ থকা বুলি সদৰী কৰিছে গৱেষকসকলে। ইয়াৰোপৰি, ভেকছিন উপলব্ধ নোহোৱা বাবে বহুতে ল’ব পৰা নাই বুলিও প্ৰকাশ পাইছে। এইবোৰ কাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বন্ধ কৰিব পৰা নগ'ল বুলি বিশ্বাস গৱেষকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনবোৰ ৰাজ্যত ক’ভিডৰ ফলত হোৱা মৃত্যু প্ৰতিহত কৰিব পাৰিলেহেঁতেন? গৱেষকসকলৰ মতে, তালিকাৰ শীৰ্ষত থকা পাঁচখন ৰাজ্য হৈছে। পশ্চিম ভাৰ্জিনিয়াত ২,৩৩৮ ৰোগীৰ মৃত্যু প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। আনহাতে, বহুতো ৰোগীক ৱিওমিঙত ২,১০৯, টেনেচীত ২,০৭৭, কেণ্টাকীত ২,০৬৫ আৰু ওকলাহোমাত ১,৯৪০ ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা গ’লহেঁতেন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?