--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড ভেকছিনে এবছৰতকৈও অধিক সময়ৰ ভিতৰত প্ৰায় ৩ লক্ষ্যাধিকতকৈও অধিক আমেৰিকান লোকৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন বুলি দেশৰ গৱেষকসকলে দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়, মাইক্ৰছফ্ট এআই হেল্থ, হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ গৱেষকসকলে দাবী কৰিছে যে, ২০২১ চনৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ এপ্ৰিললৈকে দেশখনত ৬,৪১,০০০ ক’ভিড ৰোগীৰ মৃত্যু হৈছে। গৱেষকসকলৰ বিশ্লেষণ অনুসৰি, এই বিপুল সংখ্যক কৰ’না ৰোগীৰ আধাতকৈও অধিক ৰোগীক আৰোগ্য কৰিব পৰা গ’লহেঁতেন। ক’ভিড ভেকছিন প্ৰয়োগ কৰিলেহে এয়া সম্ভৱ হ'লহেঁতেন বুলি দাবী গৱেষকৰ।

ক’ভিড ভেকছিনৰ কাৰ্যকৰীতা সম্পৰ্কে বহুতো আমেৰিকানৰ মনত সন্দেহ থকা বুলি সদৰী কৰিছে গৱেষকসকলে। ইয়াৰোপৰি, ভেকছিন উপলব্ধ নোহোৱা বাবে বহুতে ল’ব পৰা নাই বুলিও প্ৰকাশ পাইছে। এইবোৰ কাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বন্ধ কৰিব পৰা নগ'ল বুলি বিশ্বাস গৱেষকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনবোৰ ৰাজ্যত ক’ভিডৰ ফলত হোৱা মৃত্যু প্ৰতিহত কৰিব পাৰিলেহেঁতেন? গৱেষকসকলৰ মতে, তালিকাৰ শীৰ্ষত থকা পাঁচখন ৰাজ্য হৈছে। পশ্চিম ভাৰ্জিনিয়াত ২,৩৩৮ ৰোগীৰ মৃত্যু প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। আনহাতে, বহুতো ৰোগীক ৱিওমিঙত ২,১০৯, টেনেচীত ২,০৭৭, কেণ্টাকীত ২,০৬৫ আৰু ওকলাহোমাত ১,৯৪০ ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা গ’লহেঁতেন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি