--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ ক্রিকেটত আন এক মাইলৰ খুঁটি স্পর্শ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে আই পি এলৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ২০ অ'ভাৰৰ ক্রিকেটত ১৩,০০০ ৰান পূর্ণ কৰিলে কোহলীয়ে। বিশ্বৰ দ্বিতীয় দ্রুততম বেটাৰ হিচাপে এই কীর্তি অর্জন কৰিলে তাৰকা বেটাৰগৰাকীয়ে। 

সোমবাৰে খেলৰ আগেয়ে সেই অভিলেখ গঢ়িবলৈ কোহলীক প্রয়োজন আছিল মাথোঁ ১৭ ৰান। হার্দিক পাণ্ডিয়াৰ দল মুম্বাইৰ বিৰুদ্ধে কোহলীয়ে ৪২টা বলত ৬৭ ৰানৰ ইনিংছ খেলে। 

ইয়াৰ জৰিয়তে টি-২০ ক্রিকেটত কোহলীৰ ৰানৰ সংখ্যা হয়গৈ ১৩,০০০। বিশ্বৰ পঞ্চম ক্রিকেটাৰ হিচাপে তেওঁ এই অভিলেখ গঢ়ে। ক্রিছ গেইলৰ পাছত দ্বিতীয় দ্রুততম হিচাপে টি-২০ত ১৩,০০০ ৰানৰ ক্লাবত প্রৱেশ কৰে। তেওঁলোক দুগৰাকীৰ উপৰি এলেক্স হেলছ, শ্বোৱেইব মালিক আৰু কাইৰন পোলার্ডৰ নামত আছে ১৩,০০০ ৰান সংগ্ৰহৰ ৰেকৰ্ড। 

দ্রুততম ১৩,০০০ ৰান গোটোৱাৰ অভিলেখ প্রতিষ্ঠা কৰি থৈছে গেইলে। বেষ্ট ইণ্ডিজৰ প্রাক্তন তাৰকা বেটাৰ গেইলে ৩৮১সংখ্যক ইনিংছত এই মাইল ফলক অর্জন কৰে। কোহলীয়ে ৩৮৬সংখ্যক ইনিংছত উক্ত ৰেকৰ্ডৰ অধিকাৰী হয়।

উৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ