--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত আই পি এলত আঘাত সমস্যাত জৰ্জৰিত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দলৰ একাধিক তাৰকা বলাৰ আঘাত সমস্যাত ভুগি আছে। প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে মহছিন খান। দীর্ঘ আঘাত সমস্যা একাষৰীয়া কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেললৈ উভতি আহে আকাশদীপ। 

ইয়াৰ উপৰি, আন এগৰাকী বেগী বলাৰ মায়ংক যাদৱ এতিয়াও ফিট হৈ উঠা নাই। মায়ংকৰ আঘাত সমস্যা সন্দৰ্ভত এইবাৰ মুখ খুলিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) প্ৰশিক্ষক জাষ্টিন লেংগাৰে। 

যোৱা অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়তে আঘাত সমস্যাত ভোগে মায়ংকে। তাৰ পাছৰ পৰাই তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছে। অৱশ্যে, তাৰকা বেগী বলাৰ মায়ংক ক্ৰমশঃ ফিট হৈ উঠিছে। মায়ংক নিজৰ কাংক্ষিত বলিং স্তৰৰ প্ৰায় ৯০-ৰ পৰা ৯৫ শতাংশ অতিক্ৰম কৰিছে বুলি জানিবলৈ দিছে লেংগাৰে। 

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলৰ পাছত লেংগাৰে কয়, 'মই যিমানদূৰ জানো মায়ংকে ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁ শেহতীয়াকৈ আৰম্ভ কৰা বলিং অনুশীলনৰ এক ভিডিঅ' দেখা পালোঁ। তেওঁ প্রায় ৯০-ৰ পৰা ৯৫ শতাংশ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্রায় ফিট হৈ উঠা বিষয়টো ভাৰতীয় ক্রিকেট তথা আই পি এলৰ বাবে সু-খবৰ।
 
যোৱা ছিজনত তেওঁৰ প্ৰভাৱশালী প্রদর্শন আমি সকলোৱে দেখা পালোঁ। মোৰ মতে তেওঁতকৈ ভাৰতৰ আন কোনো বলাৰে অধিক বেগত বলিং কৰিব পাৰে বুলি নাভাবোঁ। সেইবাবেই তেওঁক লৈ ইমান চর্চা চলিছে।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ