--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্রীলংকাত এই মাহৰ শেষৰফালে হ'ব লগীয়া ত্রিদলীয় মহিলা এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়িকা হিচাপে প্রত্যাৱর্তন ঘটিছে তাৰকা বেটাৰ হৰমনপ্রীত কৌৰৰ। 

জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হৰমনপ্ৰীতক জিৰণি দিয়া হৈছিল। বি চি চি আইৰ মহিলা নির্বাচন কমিটীয়ে ঘোষণা কৰা ১৫জনীয়া দলটোৰ সহঃ অধিনায়িকাৰ দায়িত্ব লাভ কৰিছে স্মৃতি মান্ধানাই। ভাৰতকে ধৰি ঘৰুৱা শ্রীলংকা আৰু দক্ষিণ আফ্রিকাই অংশ ল'বলগীয়া শৃংখলাটো ২৭ এপ্রিলত আৰম্ভ হ'ব। 

১১ মে'ত অন্ত পৰিবলগীয়া শৃংখলাত ভাৰতে ২৭ এপ্রিলত শ্রীলংকাৰ বিৰুদ্ধে প্রথম খেলত নামিব। ডাবল ৰাউণ্ড-ৰবীন লীগ ইভেন্টত দলকেইটাই ৪খনকৈ মেচ খেলিব। শীর্ষৰ দুটা দলে ফাইনেললৈ যোগ্যতা অর্জন কৰিব। ফাইনেল হ'ব ১১ মে'ত। শৃংখলাৰ কেউখন খেল হ'ব কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত। 

ভাৰতীয় দলটো: হৰমনপ্রীত কৌৰ (অধিনায়িকা), স্মৃতি মান্ধনা (সহঃ অধিনায়িকা), প্রতীকা ৰাৱাল, হার্লিন দেউল, জেমিমা ৰড্রিগুৱেজ, ৰিশা ঘোষ (উইকেটকীপাৰ), য়াস্তিকা ভাটিয়া (উইকেটকীপাৰ), দীপ্তি শর্মা, অমনজ্যোত কৌৰ, কাশভী গৌতম, স্নেহ ৰাণা, অৰুন্ধতী ৰেড্ডী, তেজাল হাছাবনিছ, শ্রী চৰণী আৰু যুশী উপাধ্যায়।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ