--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বৈঠকতে সমগ্র দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন চলোৱাৰ প্রস্তাৱে সন্মতিও লাভ কৰে। উল্লেখযোগ্য যে বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ আগত নির্বাচন আয়োগে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ কাম চলাই আছে আৰু ৩০ ছেপ্টেম্বৰত এয়া সম্পূর্ণ হ'ব।

ডিজিটেল ডেস্ক : অক্টোবৰ মাহ অন্ত পৰাৰ আগতেই সমগ্র দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ) হোৱাৰ সম্ভাৱনা আছে। নির্বাচন আয়োগৰ এটা সূত্রই এই কথা জনায়। বুধবাৰে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়া (চি ই অ') সকলৰ সৈতে হোৱা এক বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। ‌


কালিৰ সভাত চি ই অ'সকলৰ সৈতে ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত, নির্বাচন আয়ুক্তসকল আৰু নির্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে। 


সূত্র মতে, এই বৈঠকতে সমগ্র দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন চলোৱাৰ প্রস্তাৱে সন্মতিও লাভ কৰে। উল্লেখযোগ্য যে বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ আগত নির্বাচন আয়োগে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ কাম চলাই আছে আৰু ৩০ ছেপ্টেম্বৰত এয়া সম্পূর্ণ হ'ব। 


এতিয়া উক্ত প্রক্রিয়া দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত চলোৱা হ'ব। সূত্র মতে, বিহাৰৰ নিৰ্বাচন অন্ত পৰাৰ আগতে দেশজুৰি এছ আই আৰৰ প্ৰক্ৰিয়া চলোৱা হ'ব। 


কালি অনুষ্ঠিত সম্মিলন তথা প্রশিক্ষণত চি ই অ'সকলক সোধা হৈছিল যে কিমান সোনকালে তেওঁলোকে ভোটাৰ তালিকা সংশোধনৰ বাবে সাজু হ'ব পাৰিব। অক্টোবৰত এছ আই আৰ আৰম্ভণি কৰিব পৰাকৈ বেছিভাগ বিষয়াই কৈছিল যে ছেপ্টেম্বৰৰ ভিতৰতে বুনিয়াদী কামবোৰ সম্পূৰ্ণ কৰিব পৰা হ'ব। চাৰে তিনি ঘণ্টাজুৰি হোৱা উক্ত সভাত মূলতঃ এছ আই আৰ প্ৰস্তুতিৰ বিষয়তে মনোনিৱেশ কৰা হৈছিল বুলি সূত্ৰটোৱে কয়। 


উল্লেখযোগ্য যে এই বৈঠকৰ আহ্বান কৰি ভাৰতীয় নির্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰত এই সভাত চি ই অ'সকলক ১০টা মুখ্য বিষয়ত পাৱাৰ পইট প্রেজেন্টেশ্যনৰ নির্দেশ দিয়া হৈছিল। উক্ত বিষয়কেইটা হৈছে- 


(১) তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বর্তমান থকা ভোটাৰৰ সংখ্যা, 

(২) শেহৰটো এছ আই আৰৰ কাৰ্যকৰী তাৰিখ, 

(৩) শেষৰটো এছ আই আৰত ভোটাৰৰ সংখ্যা, 

(৪) শেষৰটো এ আই আৰৰ ভোটাৰ তালিকা ডিজিটেলাইজ কৰা হৈছিলনে আৰু চি ই অ'ৰ ৱেবছাইটত আপল'ড কৰা হৈছিলনে?, 

(৫) শেষৰটো এছআইআৰৰ ভোটাৰৰ সৈতে বৰ্তমানৰ ভোটাৰৰ বিতংভাৱে জৰীপৰ অৱস্থা, 

(৬) ভাৰতীয় নাগৰিকহে অন্তর্ভুক্ত হোৱাটো নিশ্চিত কব্বিলৈ প্ৰস্তাৱিত অতিৰিক্ত নথি, 

(৭) ভোট গ্রহণ কেন্দ্ৰবোৰত অধিক ভোটাৰবাদ দিয়া (প্ৰতিটো কেন্দ্ৰতে ১,২০০ ভোটাৰত সীমিত কৰা), 

(৮) অধিক ভোটাৰ বাদ দিয়াৰ পাছত ভোট গ্রহণ কেন্দ্ৰৰ সংখ্যা, 

(৯) জিলা নির্বাচন বিষয়া (ডি ইঅ'), ভোটাৰ পঞ্জীয়ন বিষয়া (ইআৰ অ'), সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া (এ ইআৰ অ'), ভোট গ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়া (বি এল অ') আৰু ভোট গ্রহণ কেন্দ্ৰ পৰ্যায়ৰ এজেন্ট (বি এল এ)ৰ নিয়োগ আৰু প্ৰশিক্ষণৰ অৱস্থা আৰু 

(১০) আন কোনো পৰামৰ্শ।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ