--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আকৌ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল ভুৱা আৰক্ষী বিষয়া৷ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভুৱা আৰক্ষী বিষয়াজনক৷ জালুকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অনুপ কুমাৰ দাস নামৰ ভুৱা বিষয়াজনক৷ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ ডিএছপি বুলি পৰিচয় দি ধন লৈছিল এজনৰ পৰা৷ জানিব পৰা মতে, জব্দকৃত কয়লাৰ গাড়ী মুকলি কৰাৰ নামত ধন লৈছিল ভুৱা ডিএছপিয়ে৷ হাকিমউদ্দিন নামৰ এজন লোকৰ পৰা ১ লাখ ৭০ হাজাৰ লৈছিল তেওঁ৷

আৰু পঢ়িব পাৰিব :‌৫ লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টীৰে কংগ্ৰেছৰ সংবাদমেল

২৪ ডিচেম্বৰত হাকিমউদ্দিনৰ পৰা ধন লৈছিল প্ৰৱঞ্চক অনুপে৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল দিছপুৰ থানাত৷ দুমাহ ধৰি পলায়ন হৈ থকা ভুৱা অনুপক বুধবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ কিছুদিন পূৰ্বেও এজন ভুৱা এছ আই গ্ৰেপ্তাৰ হৈছিল মহানগৰ আৰক্ষীয়ে৷ গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুলজিৎ বৈশ্য নামৰ এজনক৷ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ এছ আই বুলি পৰিচয় দিছিল কুলজিৎ বৈশ্যই৷

আৰু পঢ়িব পাৰিব :ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

ইয়াৰ পূৰ্বেও ভুৱা প্ৰমাণপত্ৰৰে কাম কৰি থকা দুজন গৃহৰক্ষী গ্ৰেপ্তাৰ হৈছিল৷ গীতানগৰ থানাত ভুৱা প্ৰমাণ-পত্ৰৰে কাম কৰি আছিল দুয়োজন৷ পানীখাইতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োজন গৃহৰক্ষী জোৱানক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা