--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আকৌ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল ভুৱা আৰক্ষী বিষয়া৷ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভুৱা আৰক্ষী বিষয়াজনক৷ জালুকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অনুপ কুমাৰ দাস নামৰ ভুৱা বিষয়াজনক৷ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ ডিএছপি বুলি পৰিচয় দি ধন লৈছিল এজনৰ পৰা৷ জানিব পৰা মতে, জব্দকৃত কয়লাৰ গাড়ী মুকলি কৰাৰ নামত ধন লৈছিল ভুৱা ডিএছপিয়ে৷ হাকিমউদ্দিন নামৰ এজন লোকৰ পৰা ১ লাখ ৭০ হাজাৰ লৈছিল তেওঁ৷

আৰু পঢ়িব পাৰিব :‌৫ লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টীৰে কংগ্ৰেছৰ সংবাদমেল

২৪ ডিচেম্বৰত হাকিমউদ্দিনৰ পৰা ধন লৈছিল প্ৰৱঞ্চক অনুপে৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল দিছপুৰ থানাত৷ দুমাহ ধৰি পলায়ন হৈ থকা ভুৱা অনুপক বুধবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ কিছুদিন পূৰ্বেও এজন ভুৱা এছ আই গ্ৰেপ্তাৰ হৈছিল মহানগৰ আৰক্ষীয়ে৷ গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুলজিৎ বৈশ্য নামৰ এজনক৷ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ এছ আই বুলি পৰিচয় দিছিল কুলজিৎ বৈশ্যই৷

আৰু পঢ়িব পাৰিব :ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

ইয়াৰ পূৰ্বেও ভুৱা প্ৰমাণপত্ৰৰে কাম কৰি থকা দুজন গৃহৰক্ষী গ্ৰেপ্তাৰ হৈছিল৷ গীতানগৰ থানাত ভুৱা প্ৰমাণ-পত্ৰৰে কাম কৰি আছিল দুয়োজন৷ পানীখাইতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োজন গৃহৰক্ষী জোৱানক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ