--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হেলেনাৰ এনে প্রচেষ্টাত কম সময়ৰ ভিতৰতে সাফল্য আহিছিল আৰু পাছলৈ তেওঁ এটা বয়জ হোষ্টেলো খুলিবলৈ সক্ষম হৈছিল। নিজৰ কৰ্মদক্ষতা, পৰিশ্ৰম আৰু ব্যৱস্থাপনাৰ জৰিয়তে তেওঁ এই প্রতিষ্ঠানটোক আগুৱাই লৈ গৈছিল।

ডিজিটেল ডেস্ক: জীৱনৰ ধুমুহায়ো স্তব্ধ কৰিব পৰা নাছিল হেলেনা ভৰালীক। কম বয়সতেই বিবাহ হোৱাৰ পাছত এদিন একমাত্র পুত্রক বুকুত সাবটি গুৱাহাটী পাইছিলহি হেলেনা। স্বাভিমানী মহিলাগৰাকীয়ে পিতৃৰ টকাৰে জীৱন উপভোগ নকৰি কৰি গৈছিল সংগ্রাম। আৰম্ভ কৰিছিল ছাত্ৰ আৰু ছাত্ৰীৰ পৃথক হোষ্টেল, 'মুগা' নামেৰে থলুৱা বস্ত্ৰৰ বিপণী আৰু বহুতো। কিন্তু সোমবাৰে নিশা ঘাতক ঘনকান্তৰ নৃশংসতাত এদিন পুত্ৰক লৈ গুৱাহাটীলৈ গুচি অহা হেলেনা নেদেখা দেশলৈ গুচি গ'লগৈ। এগৰাকী সফল অসমীয়া উদ্যোগী মহিলা হিচাপে পৰিচিত হেলেনা ভৰালীৰ এনে কৰুণ পৰিণতিয়ে বহুজনক শোকস্তব্ধ কৰি তুলিছে। সমানে চর্চালৈ আহিছে তেওঁৰ জীৱন-যাত্ৰাৰ আঁৰৰ সংগ্ৰামখনৰ কাহিনীও। 


উল্লেখযোগ্য যে বৰপেটাৰ ইচ্ছাপুৰহাটীৰ বাসিন্দা বিশিষ্ট ব্যৱসায়ী বিলাস ভৰালী আৰু তুংগলতা ভৰালীৰ কন্যা আছিল হেলেনা ভৰালী। তেওঁৰ পিতৃ বিলাস ভৰালী গাড়ীৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ লগতে এটা চিনেমা হলৰো স্বত্বাধিকাৰী আছিল। বৰপেটাত তেওঁলোকৰ এক সুকীয়া পৰিচয় আছে। গাড়ীৰ ব্যৱসায়েৰে ধনী হৈ পৰিলেও বিলাস ভৰালীৰ চিনেমাৰ প্ৰতি আছিল বিৰাট ৰাপ। চিনেমাৰ প্রতি থকা ৰাপৰ বাবেই বিখ্যাত নৃত্যপটীয়সী হেলেনৰ নামেৰে বিলাস ভৰালীয়ে কন্যাৰ নাম ৰাখিছিল 'হেলেনা'। 


বিয়াৰ পাছত পুত্ৰ সন্তান জন্ম হোৱাৰ পাছত পুত্ৰৰ শিক্ষা-দীক্ষাৰ সুবিধাৰ বাবে হেলেনা গুৱাহাটীলৈ আহে। প্রথমাৱস্থাত তেওঁ হোটেল বিলাসত আছিল। পৰৱৰ্তী সময়ত পিতৃয়ে জোনালীত থকা মাটিত সাজি দিয়া তিনি মহলীয়া ঘৰ - এটাতে তেওঁ আৰম্ভ কৰিছিল নিজাকৈ ভাৰাঘৰৰ ব্যৱসায়। পাছলৈ এই ব্যৱসায় সলনি কৰি গঢ়ি তোলে গাৰ্লছ হোষ্টেলৰ ব্যৱসায়। আৰম্ভ হৈছিল - জীৱন-জীৱিকাৰ এক নতুন পথ। প্রথমে আঠখন আসনেৰে আৰম্ভ কৰি পৰৱৰ্তী সময়ত ছাত্রী নিৱাসটো ৬০খন আসনলৈ বৃদ্ধি কৰিছিল। 


হোষ্টেলৰ - কাম-কাজত নিজেই কেতিয়াবা বার্ডেন, কেতিয়াবা চকীদাৰ আৰু কেতিয়াবা ৰান্ধনীৰ ভূমিকা পালন কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল হেলেনাই। হেলেনাৰ এনে প্রচেষ্টাত কম সময়ৰ ভিতৰতে সাফল্য আহিছিল আৰু পাছলৈ তেওঁ এটা বয়জ হোষ্টেলো খুলিবলৈ সক্ষম হৈছিল। নিজৰ কৰ্মদক্ষতা, পৰিশ্ৰম আৰু ব্যৱস্থাপনাৰ জৰিয়তে তেওঁ এই প্রতিষ্ঠানটোক আগুৱাই লৈ গৈছিল। আনহাতে, এই সময়তে তেওঁ আৰম্ভ কৰিছিল 'হেলেনাজ কাৰিকৰী উদ্যোগ'। এই উদ্যোগৰ যোগেদি তেওঁ বিভিন্ন জিলাত থকা নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইউনিফর্ম যোগান ধৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মহানগৰীৰ জু-ৰোডত আৰম্ভ কৰিছিল এখন বুটিক। অৱশ্যে সময়ৰ অভাৱত পৰৱৰ্তী সময়ত বুটিকখনৰ দায়িত্ব আনৰ হাতত অর্পণ কৰে। 


প্ৰায় ছবছৰ পূৰ্বে তেওঁ মহানগৰীৰ জু-ৰোডত 'মুগা' নামৰ আন এখন ব্যাৱসায়িক প্রতিষ্ঠান আৰম্ভ কৰিছিল। এগৰাকী মহিলা হিচাপে নিজাববীয়াকৈ ব্যৱসায় গঢ়ি তোলাৰ ক্ষেত্ৰত হেলেনাৰ এই যাত্ৰা আছিল উল্লেখযোগ্য। কিন্তু নিজৰ ব্যাবসায়িক প্রতিষ্ঠান আৰু কৰ্মজীৱনৰ মাজেৰে জীৱন আগুৱাই নিয়া হেলেনা ভৰালীৰ পৰিয়ালটোৰ বাবে সোমবাৰৰ সন্ধিয়াটোত নামি আহিছিল অমানিশা। এই গুলীচালনাৰ ঘটনাত হেলেনা ভৰালীৰ লগতে পুত্ৰ-বোৱাৰী আৰু বৰপেটাৰ পৰা অহা জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালীৰ মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়াই হেৰুৱালে এগৰাকী উদ্যোগী মহিলা।

 উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু