ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। মানুহৰ জীৱনযাত্ৰাত কুকুৰৰ সংগই যুগ যুগ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কুকুৰৰ কিছুমান এনে ঘটনা শুনিবলৈ পোৱা যায় যিবোৰে ভাবিবলৈ বাধ্য কৰাই যে কুকুৰক এনেই ‘প্ৰভুভক্ত’ আখ্যা দিয়া হোৱা নাই।
শেহতীয়াকৈ কৰ্ণাটকৰ বেলাগাৱী জিলাৰ নিপানী তালুকৰ ইয়ামগৰ্ণী গাঁৱত পোহৰলৈ আহিছে এক মনোৰম ঘটনা। ২৫০ কিলোমিটাৰ যাত্ৰা কৰি নিজ ঘৰত আহি উপস্থিত হ’লহি হেৰাই যোৱা এটা পোহনীয়া কুকুৰ। কুকুৰটোৰ নাম মহাৰাজ।
মহাৰাজক ঘূৰি অহা দেখি গাঁওবাসী আচৰিত হৈ পৰে, কিয়নো কোনেও কেতিয়াও সপোনতো ভবা নাছিল যে এখন বেলেগ ঠাইত সন্ধানহীন হোৱা কুকুৰটোৱে নিজৰ ঘৰখনত উপস্থিত হ’বহি বুলি।
মহাৰাজ নিৰুদ্দেশ হৈছিল মহাৰাষ্ট্ৰত। মহাৰাজ ঘূৰি অহা দেখি গাঁওবাসীয়ে তাৰ কপালত তিলক দি, মালা পিন্ধাই গোটেই গাঁওখন ফুৰাই এক প্ৰকাৰৰ সাংগীতিক শোভাযাত্ৰাই কৰে। আৰু তাৰ সন্মানত এটা ভোজৰো আয়োজন কৰে।
প্ৰভুভক্ত মহাৰাজৰ গৃহস্থৰ প্ৰতি আনুগত্য দেখি সকলোৰে মনত আনন্দৰ লহৰ উঠে।
গাঁৱৰ মানুহৰ বাবে হেৰাই যোৱা কুকুৰটো উভতি অহাটো এক অলৌকিক ঘটনাতকৈ কোনোগুণে কম নাছিল।
কৰ্ণাটকৰ এখন সৰু গাঁৱত বাস কৰা মহাৰাজ দক্ষিণ মহাৰাষ্ট্ৰৰ তীৰ্থস্থান পান্ধৰপুৰত ভিৰৰ মাজত হেৰাই গৈছিল যদিও ২৫০ কিলোমিটাৰ যাত্ৰা কৰি নিজ ঘৰখনলৈ উভতি আহে।
জুন মাহৰ শেষ সপ্তাহত মহাৰাজৰ মালিক কমলেশ কুম্ভৰে পান্ধৰপুৰত অনুষ্ঠিত বাৰ্ষিক ‘বৰী পদযাত্ৰা’লৈ গৈছিল। তেতিয়া তেওঁৰ লগত মহাৰাজো গৈছিল।
কুম্ভৰে কয় যে ‘‘মই প্ৰতি বছৰে আহাৰ একাদশী আৰু কাৰ্তিক একাদশী উপলক্ষে পান্ধৰপুৰ ভ্ৰমণ কৰোঁ। মই লগত এইবাৰ মৰমৰ পোহনীয়া কুকুৰ মহাৰাজকো লৈ গৈছিলোঁ। মহাৰাজে সদায় ভজন শুনি ভাল পায়। এইবাৰ সি মোৰ লগত মহাবলেশ্বৰৰ ওচৰৰ জ্যোতিবা মন্দিৰলৈ তীৰ্থযাত্ৰা কৰিছিল। বিথোবা মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত কুকুৰটো নিৰুদ্দেশ হৈ যায়। বহুত বিচাৰিলোঁ তাক নাপালোঁ।
যেতিয়া কুকুৰটোক বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া তাত থকা মানুহে কৈছিল যে কুকুৰটো আন এটা দলৰ সৈতে গুচি গৈছে।
মই বহুত বিচাৰিলোঁ কিন্তু তাক নাপলোঁ। গতিকে, মই ভাবিলোঁ হয়তো মানুহে ঠিকেই কৈছে যে সি আন কাৰোবাৰ লগত গুচি গ’ল। তাক হেৰুৱাই মই দুখত ভাগি পৰিছিলোঁ আৰু বুকুত দুখ লৈয়ে মই মোৰ গৃহ চহৰলৈ উভতি আহিলোঁ।”
আশ্চৰ্য্য প্ৰকাশ কৰি কুম্ভৰে কয় যে ‘‘ঠিক দুদিন পাছতেই মহাৰাজে মোৰ ঘৰৰ সন্মুখত নেজ জোকাৰি থিয় হৈ আছিল, যেন একো হোৱাই নাই। তাক দেখি নিমিষতে মোৰ বুকুৰ পৰা বৰ ডাঙৰ পাথৰ এটা আঁতৰি যোৱা যেন অনুভৱ হৈছিল। সি ধুনীয়াকৈ খোৱা-বোৱা কৰিছে আৰু একদম সুস্থ অৱস্থাত আছে।”
কুম্ভৰে লগতে কয়, ‘‘ঘৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত হেৰাই যোৱা এটা কুকুৰ ঘৰলৈ সুকলমে উভতি অহাটো আমাৰ এতিয়াও সপোন সপোন যেন লাগি আছে। আমি বিশ্বাস কৰোঁ যে ভগৱানে তাক পথ প্ৰদৰ্শন কৰিছিল। তাক ঘূৰাই পাই এতিয়া আমি বহুত সুখী।”