--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩১ জুলাই আয়কৰ দাখিলৰ অন্তিম তাৰিখ। এই তাৰিখৰ ভিতৰত আয়কৰ জমা নহ’লে ডাঙৰ জৰিমনা ভৰিব লাগিব। আগষ্ট মাহৰ আৰম্ভণিতো বহু নিয়ম সলনি হ’ব, নাজানিলে বিপদত পৰিব।

এইচ ডি এফ চি বেংকৰ নিয়ম-

১ আগষ্টৰ পৰা দেশৰ অন্যতম বৃহৎ ব্যক্তিগত বেংক এইচ ডি এফ চিয়ে ক্ৰেডিট কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। এইচ ডি এফ চি বেংকে সিদ্ধান্ত লৈছে যে তৃতীয় পক্ষৰ এপ বা তৃতীয় পক্ষৰ এপৰ জৰিয়তে ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ ওপৰত এতিয়াৰ পৰা লেনদেনৰ ওপৰত চাৰ্জ লোৱা হ’ব। 

বেংকটোৰ মতে, CRED, Cheq, MobiKwik, Freecharge আদি এপৰ জৰিয়তে হোৱা লেনদেনত ১ শতাংশ চাৰ্জ আৰোপ কৰা হ’ব। সৰ্বাধিক ৩০০০ টকা লোৱা হ’ব। অৱশ্যে ১৫ হাজাৰ টকাৰ লেনদেনৰ ওপৰত ১ শতাংশ চাৰ্ভিচ চাৰ্জ দিব লাগিব। ইয়াৰ উপৰিও ইএমআইৰ ক্ষেত্ৰতো ২৯৯ টকাৰ প্ৰচেছিং চাৰ্জ লোৱা হ’ব।

এল পি জি গেছৰ মূল্য-

প্ৰতি মাহৰ আৰম্ভণিতে তেল বিপণন কোম্পানীসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য পৰ্যালোচনা কৰি এল পি জি চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে। মাত্ৰ যোৱা মাহতহে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল। কিন্তু ১৪. ২ কেজিৰ ঘৰে ঘৰে ব্যৱহাৰ কৰা এল পি জি গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা নাই। কাইলৈ ​​আগষ্ট মাহৰ প্ৰথম দিনটোত এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস পাব নে নাই সেয়া লক্ষ্যণীয় হ’ব।


বেংক ছুটী-

আগষ্ট মাহৰ পৰা আৰম্ভ হয় উৎসৱৰ বতৰ। স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত বন্ধ থাকিব বেংক। ৰাখী, জন্মাষ্টমী উপলক্ষেও বন্ধ থাকিব বেংক। আগষ্ট মাহত শনিবাৰ আৰু দেওবাৰকে ধৰি মুঠ ১৩ দিনৰ বাবে বেংক বন্ধ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ