--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাঁচ বছৰীয়া শিশুৱে আগ্নেয়াস্ত্ৰ লৈ স্কুললৈ গ’ল! প্ৰত্যক্ষভাৱে আন এটা শিশুক গুলীয়াই হত্যা কৰে। শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে বিহাৰত। গুলীচালনাত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন।

জানিব পৰা মতে, উত্তৰ বিহাৰৰ চুপাল জিলাৰ ছেইণ্ট জোয়ান বৰ্ডিং স্কুলৰ এটা সৰু বেগত এটা আগ্নেয়াস্ত্ৰ লুকুৱাই ৰাখিছিল। নাৰ্চাৰীত থকা শিশুটিৰ বয়স পাঁচ বছৰ। স্কুললৈ গৈ আন এজন দহ বছৰীয়া ছাত্ৰক বন্দুকেৰে গুলীয়াই হত্যা কৰে। ল'ৰাটোৰ হাতত গুলী লাগিছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

আৰক্ষী অধীক্ষক আছামান যাদৱে জনোৱা মতে, আহত ল’ৰাটো একেখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ছাত্ৰজনে সংবাদ মাধ্যমক জনোৱা মতে, ল’ৰাজনে ক্লাছলৈ যাওঁতে হঠাতে বন্দুক উলিয়াই তাৰ ওপৰত গুলীচালনা কৰে। ল'ৰাটোক বাধা দিবলৈ চেষ্টা কৰি থকা অৱস্থাত হাতত গুলী লাগিছিল। ঘটনাৰ দিনটোত দুয়োৰে মাজত কোনো কাজিয়া হোৱা নাছিল বুলিও আহত ল’ৰাজনে জানিবলৈ দিয়ে। ল'ৰাটোৱে হঠাতে তাক ধেমালি বুলি গুলীয়াই মাৰিলে।

ইতিমধ্যে গাফিলতিৰ অভিযোগত সেই বিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে অৱহেলিত হ’ল সেই সন্দৰ্ভতো কৰ্তৃপক্ষক জেৰা অব্যাহত ৰাখিছে। ঘটনাৰ পিছৰে পৰা আতংকিত হৈ পৰিছে অভিভাৱকসকল। বিদ্যালয়খন ঘেৰাও কৰিও বিক্ষোভ প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ