--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২৬ জানুৱাৰীত নতুন দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা তথা লালকিল্লাত উদ্ভণ্ডালি কৰা ঘটনাক লৈ আৰক্ষীৰ তৎপৰতা অব্যাহত আছে। এই ঘটনাৰ অন্যতম অভিযুক্ত আন এজন লোকক দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিছে। লালকিল্লাৰ হিংসাৰ ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত মনিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিশেষ শাখাই।

আৰু পঢ়িব পাৰিব : ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং…

অভিযুক্ত সিঙৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখন তৰোৱাল উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ২৬ জানুৱাৰীৰ হিংসাৰ সময়ত ৰেকৰ্ড কৰা এটা ভিডিঅ’ত সিঙক তৰোৱাল হাতত লৈ উচতনি দি থকা দেখা গৈছিল। তেওঁৰ ফোনৰ পৰাই এনে আপত্তিজনক ভিডিঅ’ আৰু সিংঘু সীমাত প্ৰতিবাদৰত আলোকচিত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। মণি নামেৰে পৰিচিত ৩০বছৰীয়া লোকজনে গাড়ীৰ এচি মেকানিক হিচাপে কাম কৰে।

আৰু পঢ়িব পাৰিব : পঞ্জাবৰ পৰা বিজেপিলৈ আহিল আন এক দুঃখবৰ…

তেওঁক মঙলবাৰে পিতামপুৰা বাছ আস্থানৰ চিডি ব্লকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰি আৰু লোকজনে হাতত তৰোৱাল লৈ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদকাৰীক উচতনি দিয়া বুলি এটা বিজ্ঞপ্তিত অভিযোগ কৰিছে। প্ৰতিবাদৰ সময়ত একাংশই ভালেমান আৰক্ষীৰ লোকক তৰোৱাল, লোৰ ৰদ আৰু আন চোকা অস্ত্ৰেৰে আক্ৰমণ কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ