--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২৬ জানুৱাৰীত নতুন দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা তথা লালকিল্লাত উদ্ভণ্ডালি কৰা ঘটনাক লৈ আৰক্ষীৰ তৎপৰতা অব্যাহত আছে। এই ঘটনাৰ অন্যতম অভিযুক্ত আন এজন লোকক দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিছে। লালকিল্লাৰ হিংসাৰ ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত মনিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিশেষ শাখাই।

আৰু পঢ়িব পাৰিব : ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং…

অভিযুক্ত সিঙৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখন তৰোৱাল উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ২৬ জানুৱাৰীৰ হিংসাৰ সময়ত ৰেকৰ্ড কৰা এটা ভিডিঅ’ত সিঙক তৰোৱাল হাতত লৈ উচতনি দি থকা দেখা গৈছিল। তেওঁৰ ফোনৰ পৰাই এনে আপত্তিজনক ভিডিঅ’ আৰু সিংঘু সীমাত প্ৰতিবাদৰত আলোকচিত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। মণি নামেৰে পৰিচিত ৩০বছৰীয়া লোকজনে গাড়ীৰ এচি মেকানিক হিচাপে কাম কৰে।

আৰু পঢ়িব পাৰিব : পঞ্জাবৰ পৰা বিজেপিলৈ আহিল আন এক দুঃখবৰ…

তেওঁক মঙলবাৰে পিতামপুৰা বাছ আস্থানৰ চিডি ব্লকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰি আৰু লোকজনে হাতত তৰোৱাল লৈ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদকাৰীক উচতনি দিয়া বুলি এটা বিজ্ঞপ্তিত অভিযোগ কৰিছে। প্ৰতিবাদৰ সময়ত একাংশই ভালেমান আৰক্ষীৰ লোকক তৰোৱাল, লোৰ ৰদ আৰু আন চোকা অস্ত্ৰেৰে আক্ৰমণ কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ