--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেতা তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিহাৰ ভ্ৰমণৰ সময়ত বেগুচৰাইত এক পদযাত্রাত অংশগ্রহণ কৰে। 

তেওঁ 'চাকৰি দিয়ক, পলায়ন প্ৰতিৰোধ কৰক' যাত্ৰাত ২০-২৫ মিনিট থাকে আৰু প্রায় এক কিল'মিটাৰ পদযাত্রা কৰে। পদযাত্ৰাত বৃহৎ সংখ্যক লোকে অংশগ্রহণ কৰে। পদযাত্ৰাৰ সময়ত গান্ধীক চোৱাৰ বাবে পথৰ কাষত বৃহৎ সংখ্যক লোকে ভিৰ কৰে।

অৱশ্যে তেওঁ ইয়াত ভাষণ দিয়া নাছিল। কগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ দায়িত্বত থকা নেতা কানহায়া কুমাৰৰ নেতৃত্বত চলি থকা এই যাত্ৰা আজি বেগুচৰাই পায়হি। পাছত তেওঁ পাটনাত সংবিধান সুৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক লোকৰ উপস্থিতিত সন্মিলনত দিয়া ভাষণত গান্ধীয়ে আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

গান্ধীয়ে কয় যে ভাৰতীয় সংবিধান ছাভাৰকাৰৰ মতাদৰ্শৰ নহয়, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু, আম্বেদকাৰৰ দৰে ব্যক্তিৰ চিন্তাৰ ফল। আজি দেশত আদিবাসী, দলিত, পিছপৰা শ্ৰেণী তথা অ' বি চি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিক ড'নাল্ড ট্রাম্পে শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে শ্বেয়াৰ বজাৰত সাধাৰণ মানুহৰ বাবে কোনো সুযোগ নাই। 

গান্ধী মঞ্চত উপস্থিত হোৱাৰ লগে লগে তাত উপস্থিত থকা লোকসকলে 'সিংহ আহিছে, সিংহ আহিছে বুলি ধ্বনি দিয়ে। তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰে। ইফালে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ কৌশল প্রস্তুত কৰাৰ বাবে তেওঁ প্রদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হয়। সেই সময়তে প্রদেশ কংগ্ৰেছৰ দুটা গোটৰ মাজত হতাহতি লাগে। এটা গোটৰ সমৰ্থকসকলে আনটো গোটৰ সমৰ্থকক খেদি খেদি মাৰপিট কৰে। ইয়াৰে এটা গোট প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি অখিলেশ প্রতাপ সিঙৰ সমৰ্থক আৰু আনটো গোট প্রাক্তন বিধায়ক অমিত কুমাৰ টুন্নাৰ সমৰ্থক।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ