--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেতা তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিহাৰ ভ্ৰমণৰ সময়ত বেগুচৰাইত এক পদযাত্রাত অংশগ্রহণ কৰে। 

তেওঁ 'চাকৰি দিয়ক, পলায়ন প্ৰতিৰোধ কৰক' যাত্ৰাত ২০-২৫ মিনিট থাকে আৰু প্রায় এক কিল'মিটাৰ পদযাত্রা কৰে। পদযাত্ৰাত বৃহৎ সংখ্যক লোকে অংশগ্রহণ কৰে। পদযাত্ৰাৰ সময়ত গান্ধীক চোৱাৰ বাবে পথৰ কাষত বৃহৎ সংখ্যক লোকে ভিৰ কৰে।

অৱশ্যে তেওঁ ইয়াত ভাষণ দিয়া নাছিল। কগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ দায়িত্বত থকা নেতা কানহায়া কুমাৰৰ নেতৃত্বত চলি থকা এই যাত্ৰা আজি বেগুচৰাই পায়হি। পাছত তেওঁ পাটনাত সংবিধান সুৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক লোকৰ উপস্থিতিত সন্মিলনত দিয়া ভাষণত গান্ধীয়ে আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

গান্ধীয়ে কয় যে ভাৰতীয় সংবিধান ছাভাৰকাৰৰ মতাদৰ্শৰ নহয়, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু, আম্বেদকাৰৰ দৰে ব্যক্তিৰ চিন্তাৰ ফল। আজি দেশত আদিবাসী, দলিত, পিছপৰা শ্ৰেণী তথা অ' বি চি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিক ড'নাল্ড ট্রাম্পে শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে শ্বেয়াৰ বজাৰত সাধাৰণ মানুহৰ বাবে কোনো সুযোগ নাই। 

গান্ধী মঞ্চত উপস্থিত হোৱাৰ লগে লগে তাত উপস্থিত থকা লোকসকলে 'সিংহ আহিছে, সিংহ আহিছে বুলি ধ্বনি দিয়ে। তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰে। ইফালে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ কৌশল প্রস্তুত কৰাৰ বাবে তেওঁ প্রদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হয়। সেই সময়তে প্রদেশ কংগ্ৰেছৰ দুটা গোটৰ মাজত হতাহতি লাগে। এটা গোটৰ সমৰ্থকসকলে আনটো গোটৰ সমৰ্থকক খেদি খেদি মাৰপিট কৰে। ইয়াৰে এটা গোট প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি অখিলেশ প্রতাপ সিঙৰ সমৰ্থক আৰু আনটো গোট প্রাক্তন বিধায়ক অমিত কুমাৰ টুন্নাৰ সমৰ্থক।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ