--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনস্বাস্থ্যক সুৰক্ষা দিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰি কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রণ সংগঠনে (চিডিএছচিঅ') নিৰাপদ অৱস্থা তথা ফলপ্রসূতাত উদ্বেগ প্রকাশ কৰি ৩৫ বিধ ফিল্ড ড'জ কম্বিনেশ্যন (এফডিচি) দৰবৰ বিক্ৰী আৰু উৎপাদন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই দৰববোৰৰ ভিতৰত পেইনকিলাৰ, পৰিপুষ্টি পৰিপূৰক (নিউট্ৰেশ্যনেল ছাপ্লিমেন্ট), জনন ক্ষমতাৰ দৰব আৰু ডায়েবেটিছ প্ৰতিৰোধী ঔষধো আছে। 

'ককটেইল দৰব' নামে জনাজাত এফ ডি চি দৰববোৰত পূৰ্বনিৰ্ধাৰিত অনুপাতত দুটা বা অধিক সক্রিয় ঔষধীয় উপাদান (এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্টছ- এ পি আই) থাকে। জনস্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰি কিছু এফ ডি চি দৰব কিমান নিৰাপদ সেয়া আগতে পৰীক্ষা নকৰাকৈ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বাবে লাইচেন্স দিয়া বাবেই চি ডি এছ চি অ'ই এই নিষেধাজ্ঞা জাৰি কৰে। 

কেন্দ্ৰীয় নিয়ন্ত্রণ সংগঠনটোৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দৰব নিয়ন্ত্ৰকলৈ এই সন্দৰ্ভত যোৱা ১১ এপ্রিলত নিৰ্দেশ জাৰি কৰে। নিষিদ্ধ কৰা দৰৱবোৰৰ ভিতৰত আছে নেফ'পাম হাইড্ৰ'ক্লৰাইড ৩০ মিঃ গ্রাঃ+ পেৰাচিটামল ৩২৫ মিঃ গ্রাঃ, চেফিকজাইম আই পি ২০০ মিঃ গ্রাঃ) + অফ্লক্সেচিন আই পি ২০০ মিঃ গ্রাঃ+ লেকটিক এচিড বেচিলাছ ৬০। তদুপৰি নিৰীক্ষণত আছে ডায়েবেটিছৰ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লিমেপিৰাইড ১ মিঃ গ্রাঃ + মেটফৰমিন ৫০০ মিঃ গ্রাঃ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ