--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি কালি বহুতে নিজৰ ছালখনৰ ওপৰত বহু গুৰুত্ব দিয়া পৰিলক্ষিত হয়। নিজৰ ছালখন উজ্জ্বল কৰি ৰখাৰ বাবে সকলোৱে বিভিন্ন প্ৰসাধন ছালত প্ৰয়োগ কৰে যাৰ ফলত ছালখনৰ উজ্জ্বলতা বঢ়াৰ পৰিৱৰ্তে কমিবলৈহে ধৰে।

ছালৰ যত্নৰ বাবে বজাৰত বহু দামী প্ৰসাধন সামগ্ৰী পোৱা যায় যদিও প্ৰাকৃতিক বস্তুৰ লগত সেই সামগ্ৰীসমূহ তুলনা কৰিব নোৱাৰি। নাৰিকল তেলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু ময়শ্ব’ৰাইজিং গুণ থাকে যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। নাৰিকল তেলত আছে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ এক অনন্য যাদু। জানো আহক নাৰিকল তেলত মিহলোৱা বস্তুকেইবিধৰ বিষয়ে

১) মৌ আৰু নাৰিকল তেল : নাৰিকল তেল আৰু মৌ সমান পৰিমাণে মিহলাই ১৫ মিনিট মুখত লগাই ৰাখি কুহুমীয়া পানীৰে ধুব লাগে। এনে কৰিলে মৃত ছাল আঁতৰি যায়।

২) চন্দনৰ গুড়ি আৰু নাৰিকল তেল : এচামুচ চন্দনৰ গুৰি নাৰিকল তেলত মিহলাই এটা পেষ্ট তৈয়াৰ কৰি মুখত লগাই ১৫-২০ মিনিট ৰাখি ধুব লাগে‌। এই মিশ্ৰণটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে দাগ আঁতৰোৱাত সহায় কৰে।

৩) এলোভেৰা জেল আৰু নাৰিকল তেল : এলোভেৰা জেলৰ সৈতে নাৰিকল তেল মিহলাই ছালত লগালে যিয়ে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। শুকান আৰু সংৱেদনশীল ছালৰ বাবে ই অতি উপকাৰী ।

৪) হালধি আৰু নাৰিকল তেল : নাৰিকল তেলৰ লগত হালধি মিহলাই মুখত লগালে ছালখন পৰিষ্কাৰ হয় আৰু দাগ কম হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ