--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি কালি বহুতে নিজৰ ছালখনৰ ওপৰত বহু গুৰুত্ব দিয়া পৰিলক্ষিত হয়। নিজৰ ছালখন উজ্জ্বল কৰি ৰখাৰ বাবে সকলোৱে বিভিন্ন প্ৰসাধন ছালত প্ৰয়োগ কৰে যাৰ ফলত ছালখনৰ উজ্জ্বলতা বঢ়াৰ পৰিৱৰ্তে কমিবলৈহে ধৰে।

ছালৰ যত্নৰ বাবে বজাৰত বহু দামী প্ৰসাধন সামগ্ৰী পোৱা যায় যদিও প্ৰাকৃতিক বস্তুৰ লগত সেই সামগ্ৰীসমূহ তুলনা কৰিব নোৱাৰি। নাৰিকল তেলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু ময়শ্ব’ৰাইজিং গুণ থাকে যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। নাৰিকল তেলত আছে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ এক অনন্য যাদু। জানো আহক নাৰিকল তেলত মিহলোৱা বস্তুকেইবিধৰ বিষয়ে

১) মৌ আৰু নাৰিকল তেল : নাৰিকল তেল আৰু মৌ সমান পৰিমাণে মিহলাই ১৫ মিনিট মুখত লগাই ৰাখি কুহুমীয়া পানীৰে ধুব লাগে। এনে কৰিলে মৃত ছাল আঁতৰি যায়।

২) চন্দনৰ গুড়ি আৰু নাৰিকল তেল : এচামুচ চন্দনৰ গুৰি নাৰিকল তেলত মিহলাই এটা পেষ্ট তৈয়াৰ কৰি মুখত লগাই ১৫-২০ মিনিট ৰাখি ধুব লাগে‌। এই মিশ্ৰণটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে দাগ আঁতৰোৱাত সহায় কৰে।

৩) এলোভেৰা জেল আৰু নাৰিকল তেল : এলোভেৰা জেলৰ সৈতে নাৰিকল তেল মিহলাই ছালত লগালে যিয়ে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। শুকান আৰু সংৱেদনশীল ছালৰ বাবে ই অতি উপকাৰী ।

৪) হালধি আৰু নাৰিকল তেল : নাৰিকল তেলৰ লগত হালধি মিহলাই মুখত লগালে ছালখন পৰিষ্কাৰ হয় আৰু দাগ কম হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ