--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ 'কুইন' কংগনা ৰাণাৱট(Kangana Ranaut) বৰ্তমান তেওঁৰ ছবি 'ধাকড়'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এনে ব্যস্ততাপূৰ্ণ সময়তে সোমবাৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে তেওঁ ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত উপস্থিত হয়। কংগনাই ইয়াৰ কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তেওঁৰ সৈতে 'ধাকড়' চলচ্চিত্ৰখনৰ প্ৰযোজক দীপক মুকুট আৰু তেওঁৰ পত্নী কৃষ্ণা মুকুটো উপস্থিত আছিল।


দেওবাৰে কংগনা ৰাণাৱটে বলীউডৰ স্বজনপোষণক আকৌ এবাৰ লক্ষ্য কৰি লৈছিল। তেওঁ ষ্টাৰকিডসকলক সিজোৱা কণীৰ সৈতে তুলনা কৰে। কংগনাই সোমবাৰে ৰাতিপুৱা ইনষ্টাগ্ৰামত তিৰুপতি বালাজীৰ পৰা চাৰিখন ফটো শ্বেয়াৰ কৰিছিল। ধুনীয়া বেঙুনীয়া শাৰী পৰিহিতা কংগনা ৰাণাৱটক দেখাত বৰ সুন্দৰ লাগিছিল।


 ফটোকেইখন পোষ্ট কৰি তেওঁ শিৰোনামটোত লিখিছিল, "আজি এই শুভ পূৰ্ণিমা দিৱসত মোৰ ছবি 'ধাকড়'ৰ প্ৰযোজক দীপক মুকুট, তেওঁৰ পত্নী কৃষ্ণ মুকুটৰ সৈতে দলটোৰ আন কেইজনমান সদস্যৰ সৈতে তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিলোঁ। আমাৰ বাবে এই কাম সম্ভৱ কৰাৰ বাবে আমি শ্ৰী বিষ্ণু মাঞ্চু আৰু শ্ৰী এ ভি ধৰ্ম ৰেড্ডীজীৰ ওচৰত অত্যন্ত কৃতজ্ঞ। ঈশ্বৰৰ আশীৰ্বাদ লভি মই ধন্য অনুভৱ কৰোঁ।'

 


 কংগনাৰ 'ধাকড়' ২০ মে'ত মুক্তি পাব

 কংগনা ৰাণাৱটৰ 'ধাকদ'ৰ দুটা ট্ৰেইলাৰ মুকলি কৰা হৈছে। ছবিখনত কংগনা ৰাণাৱটক প্ৰথমবাৰৰ বাবে উচ্চ-অকটেন একচন অৱতাৰত দেখা যাব। চলচ্চিত্ৰখনত তেওঁ এজেণ্ট অগ্নিৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে। অৰ্জুন ৰামপাল খলনায়কৰ চৰিত্ৰত আছে। ৰাজনীশ ঘাইৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০ মে'ত মুক্তি পাব। সেয়েহে কংগনাই বৰ্তমান ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাই আছে। বলীউডৰ ডাবাং ছলমান খানেও ''ধাকড়'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰাৰ সময়ত কংগনাক প্ৰশংসা কৰিছে। আনহাতে অমিতাভ বচ্চনে ছবিখনৰ বিষয়ে পোষ্ট কৰাৰ পিছত সেয়া ডিলিট কৰিছিল।

আৰু পঢ়কঃ আজি বুদ্ধ পূৰ্ণিমাৰ দিনাই লাগিল চন্দ্ৰগ্ৰহণ! জানক কি কি ৰাশিত পৰিব প্ৰভাৱ


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি