--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ 'কুইন' কংগনা ৰাণাৱট(Kangana Ranaut) বৰ্তমান তেওঁৰ ছবি 'ধাকড়'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এনে ব্যস্ততাপূৰ্ণ সময়তে সোমবাৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে তেওঁ ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত উপস্থিত হয়। কংগনাই ইয়াৰ কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তেওঁৰ সৈতে 'ধাকড়' চলচ্চিত্ৰখনৰ প্ৰযোজক দীপক মুকুট আৰু তেওঁৰ পত্নী কৃষ্ণা মুকুটো উপস্থিত আছিল।

দেওবাৰে কংগনা ৰাণাৱটে বলীউডৰ স্বজনপোষণক আকৌ এবাৰ লক্ষ্য কৰি লৈছিল। তেওঁ ষ্টাৰকিডসকলক সিজোৱা কণীৰ সৈতে তুলনা কৰে। কংগনাই সোমবাৰে ৰাতিপুৱা ইনষ্টাগ্ৰামত তিৰুপতি বালাজীৰ পৰা চাৰিখন ফটো শ্বেয়াৰ কৰিছিল। ধুনীয়া বেঙুনীয়া শাৰী পৰিহিতা কংগনা ৰাণাৱটক দেখাত বৰ সুন্দৰ লাগিছিল।

 ফটোকেইখন পোষ্ট কৰি তেওঁ শিৰোনামটোত লিখিছিল, "আজি এই শুভ পূৰ্ণিমা দিৱসত মোৰ ছবি 'ধাকড়'ৰ প্ৰযোজক দীপক মুকুট, তেওঁৰ পত্নী কৃষ্ণ মুকুটৰ সৈতে দলটোৰ আন কেইজনমান সদস্যৰ সৈতে তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিলোঁ। আমাৰ বাবে এই কাম সম্ভৱ কৰাৰ বাবে আমি শ্ৰী বিষ্ণু মাঞ্চু আৰু শ্ৰী এ ভি ধৰ্ম ৰেড্ডীজীৰ ওচৰত অত্যন্ত কৃতজ্ঞ। ঈশ্বৰৰ আশীৰ্বাদ লভি মই ধন্য অনুভৱ কৰোঁ।'

 কংগনাৰ 'ধাকড়' ২০ মে'ত মুক্তি পাব

 কংগনা ৰাণাৱটৰ 'ধাকদ'ৰ দুটা ট্ৰেইলাৰ মুকলি কৰা হৈছে। ছবিখনত কংগনা ৰাণাৱটক প্ৰথমবাৰৰ বাবে উচ্চ-অকটেন একচন অৱতাৰত দেখা যাব। চলচ্চিত্ৰখনত তেওঁ এজেণ্ট অগ্নিৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে। অৰ্জুন ৰামপাল খলনায়কৰ চৰিত্ৰত আছে। ৰাজনীশ ঘাইৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০ মে'ত মুক্তি পাব। সেয়েহে কংগনাই বৰ্তমান ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাই আছে। বলীউডৰ ডাবাং ছলমান খানেও ''ধাকড়'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰাৰ সময়ত কংগনাক প্ৰশংসা কৰিছে। আনহাতে অমিতাভ বচ্চনে ছবিখনৰ বিষয়ে পোষ্ট কৰাৰ পিছত সেয়া ডিলিট কৰিছিল।

আৰু পঢ়কঃ আজি বুদ্ধ পূৰ্ণিমাৰ দিনাই লাগিল চন্দ্ৰগ্ৰহণ! জানক কি কি ৰাশিত পৰিব প্ৰভাৱ

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ