--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ধুনীয়া হৈ থাকিবনো কোনে নিবিচাৰে? কিন্তু মনে বিচাৰিলেও  বহুতে বয়সৰ লগে লগে ছালৰ কমনীয়তা হেৰুৱাই পেলায়। কিমানৰ আকৌ কম বয়সতে হেৰাই যায় ছালৰ কমনীয়তা? দৰাচলতে ছাল খনতেই প্ৰথমে পৰে বয়সৰ ছাপ। সেই ছাপ লুকুৱাই ৰাখিবলৈ বহু পুৰুষে নানান উপায়েৰে চেষ্টা কৰে। কিন্তু চেষ্টাৰ ফল সাময়িকহে। 

পুৰুষসকলে তেওঁলোকৰ মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ নপৰিবলৈ সাধাৰণ কেইটামান কাম কৰিলেই নিঃসন্দেহে সুফল পাব। বিশেষকৈ ছালক সতেজ কৰি ৰখাত সহায় কৰা খাদ্য গ্ৰহণ কৰিলে পুৰুষসকলৰ ছালো উজ্বল তথা সতেজ হৈ থাকিব। পুৰুষসকলৰ প্ৰায় সংখ্যকেই বিশেষ প্ৰসাধন ব্যৱহাৰ নকৰে। সেইবাবে খাদ্যৰ জৰিয়তেই তেওঁলোকে দেহত বয়য়ৰ ছাপ পৰাটো দীৰ্ঘকালৰ বাবে ৰোধ কৰিব পাৰে।

 ইয়াৰ বাবে পুৰুষসকে আহাৰত কেইটামান গুৰুত্বপূৰ্ণ খাদ্য ৰাখিব লাগিব। চাওঁ আহক, কি খাদ্য নিয়মীয়াকৈ খাই থাকিলে পুৰুষৰ দেহত  বয়সৰ ছাপ পৰা হ্ৰাস পাব বা ৰোধ হ'ব পাৰে।

বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

 প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে  জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও  মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে। 

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায়  একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব।  চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে।

তৰমুজেও বয়সৰ ছাপ পৰাত বাধা দিয়ে। বতৰৰ ফল বিধ সেয়ে খোৱাত হেলা নকৰিব।

 তৰমুজ পুৱা খালী পেটত খালেও কোনো অপকাৰ হোৱাৰ ভয় নাথাকে। সৰ্বশেষত দিনটোত যিমান পাৰে সিমান বেছিকৈ পানী খাব। পানীয়ে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে ছালৰ উজ্বলতাও বৃদ্ধি কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ