--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : কৰ’নাৰ পাছৰে পৰা বিভিন্ন ভাইৰাছে ইতিমধ্যে বিশ্ববাসীক আশ্বস্ত কৰি তোলাৰ মাজতে এইবাৰ বিশেষ সতৰ্কতাৰ প্ৰয়োজনীতা আহি পৰিছে শিশুসকলৰ প্ৰতি৷ দক্ষিণ ভাৰতত ভাইৰেল জ্বৰ 'ট'মেট' ফ্লু'ত প্ৰায় ১০০টা শিশু প্ৰভাৱিত হোৱাৰ তথ্য পোৱা গৈছে। কেৰালাত ৮০জন প্ৰভাৱিত হোৱাৰ লগতে সংক্ৰমণৰ শংকাত সমগ্ৰ তামিলনাডুত কঠোৰ সতৰ্কতা গ্ৰহণ কৰা হৈছে।

 

সংক্ৰামক ৰোগ মাংকিপক্সক লৈ উদ্বিগ্নতা বৃদ্ধি হৈ থকাৰ ৰহস্যজনকভাৱে 'ট'মেট ফ্লু'য়ে শংকা বৃদ্ধি কৰিছে। দক্ষিণ ভাৰতৰ শ শ শিশু এই জ্বৰত ভুগি আছে। কেৰালাত ইতিমধ্যে এই ৰহস্যজনক জ্বৰৰ ফলত কমেও ৮০টা শিশু আক্ৰান্ত হৈছে। উৰিষ্যাত ২৬টা শিশু আক্ৰান্ত হৈছে।

 

এই ট'মেট' ফ্লু কি?  

 

ই এক ভাইৰেল ৰোগ। হাতৰ তলুৱা আৰু ভৰিত ফোঁহা ৰঙা ৰঙৰ দাগ দেখা যায়। ৰঙা ৰঙৰ ফোঁহাবোৰ বিলাহীৰ দৰে দেখা যায়, সেয়েহে ইয়াৰ নাম বিলাহী বা ট'মেট ফ্লু ।

 

কি লক্ষণে দেখা দিয়ে?

 

জ্বৰ, চৰ্দি আৰু কাহ, নাক ওলোৱা, বমি, পেটৰ বিষ, ডায়েৰিয়া আদি হৈছে এই ৰোগৰ লক্ষণ। লগতে, ডিঙি, মুখ আৰু জিভাত ঘা হয়, জ্বলা-পোৰা হয়। খোৱাটো কঠিন।

 

মাইক্ৰ'বায়োলজিষ্ট সৌগত ঘোষে কয় যে ই এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পে। কিয়নো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট কম। চিকিৎসকসকলে কয় যে সংক্ৰমণ মুখ্যতঃ ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত দেখা যায়। ট'মেট' ফ্লুৰ লক্ষণবোৰ ৩ৰ পৰা ৫দিন থাকে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন খুব কম। ৰোগটোৰ নাম মুখ্যতঃ ভাইৰাছ বা বেক্টেৰিয়াৰ নামৰ ওপৰত আধাৰিত। অৱশ্যে, চিকিৎসকে কয় যে অতিৰিক্ত হ'লে বিলাহী ফ্লু প্ৰায়ে মাৰাত্মক হ'ব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ