--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে বাহাদুৰটাৰিৰ জাহান উদ্দিন, ঝগ্ৰাপাৰৰ ৰহিম উদ্দিন, মদৰগোলাৰ হাতেম আলী, মৰ্জুৰ আলী, ঝগ্ৰাৰপাৰৰ হাছেম আলী নুৰুল ইছলাম, ৰফিকুল ইছলাম। আটাইকেইজন অভিযুক্ত ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত।

ডিজিটেল ডেস্ক: ধুবুৰী আৰক্ষীয়ে অবৈধ গো হত্যাৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত সাতজন লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ৯০ কিলোগ্ৰাম গৰুৰ মাংস জব্দ কৰে। গো হত্যাৰ কামত ব্যৱহৃত বিভিন্ন সঁজুলি জব্দ কৰা হৈছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি, গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত মদৰগোলা, ঝগ্ৰাৰপাৰ পাৰ্ট-৪ অঞ্চলত ৰে'ল লাইনৰ পিছফালে অভিযান চলায়। অভিযানকালত অভিযুক্তসকলক অবৈধভাৱে গো হত্যা কৰি থকা অৱস্থাত হাতে-লোটে আটক কৰাৰ লগতে ঘটনাস্থলীৰ পৰা , প্ৰায় ৯০ কিলোগ্ৰাম গৰুৰ মাংস আৰু গো হত্যাত ব্যৱহৃত বিভিন্ন সঁজুলি জব্দ কৰা হয়।


এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে বাহাদুৰটাৰিৰ জাহান উদ্দিন, ঝগ্ৰাপাৰৰ ৰহিম উদ্দিন, মদৰগোলাৰ হাতেম আলী, মৰ্জুৰ আলী, ঝগ্ৰাৰপাৰৰ হাছেম আলী নুৰুল ইছলাম, ৰফিকুল ইছলাম। আটাইকেইজন অভিযুক্ত ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত।


আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই অবৈধ গো হত্যা চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী