--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ তালাচীত ধৰা পৰাৰ ভয়ত যুৱক দুজনে কিশোৰজনক আধা বাটতে বাহনখনৰ পৰা নমাই থৈ পলায়ন কৰে।

ডিজিটেল ডেস্ক: জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন ১০ বছৰীয়া কিশোৰক অপহৰণৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমান 'সোপাধৰা'ৰ তীব্ৰ আতংকে বিৰাজ কৰিছে।


যোৱা দেওবাৰে আবেলি প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হয়। জাগুন ৬ মাইল মাঞ্চে পথাৰৰ নিবাসী স্বৰ্গীয় ঘনশ্যাম ঠাকুৰৰ পুত্ৰ তথা ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ দিলীপ ঠাকুৰে স্কুলৰ পৰা আহি আবেলি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। খেলিবলৈ যোৱাৰ সময়তে ৰামপুৰ ৬ মাইলৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড ব্ৰেকাৰৰ কাষত থিয় হৈ থকা অৱস্থাত জাগুনৰ দিশৰ পৰা অহা এখন বগা ৰঙৰ মাৰুতি ইকো (Maruti Eeco) ভানত দুজন অচিনাকি যুৱক আহে। যুৱকদ্বয়ে কিশোৰগৰাকীক বলপূৰ্বকভাৱে বাহনখনত উঠাই অপহৰণ লৈ যায়।


বাহনখনৰ ভিতৰত কিশোৰ দিলীপে ভয় নাখায় চিঞৰ-বাখৰ কৰিবলৈ ধৰে। ঠিক তেনেতে অপহৰণকাৰীৰ দলটোৱে পাটকাই গেটত আৰক্ষীৰ নাকা চেকিং প্ৰত্যক্ষ কৰে। আৰক্ষীৰ তালাচীত ধৰা পৰাৰ ভয়ত যুৱক দুজনে কিশোৰজনক আধা বাটতে বাহনখনৰ পৰা নমাই থৈ পলায়ন কৰে।


পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকে কিশোৰাজনক বাটত অকলশৰীয়া আৰু আতংকিত অৱস্থাত প্ৰত্যক্ষ কৰি এখন টমটমৰ (E-rickshaw) সহায়ত সুৰক্ষিতভাৱে ঘৰলৈ পঠিয়াই দিয়ে।


এই ঘটনাৰ পিছৰে পৰাই সমগ্ৰ জাগুনৰ ৰামপুৰ অঞ্চলৰ অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত আৰক্ষীৰ কঠোৰ পদক্ষেপ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান