--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ তালাচীত ধৰা পৰাৰ ভয়ত যুৱক দুজনে কিশোৰজনক আধা বাটতে বাহনখনৰ পৰা নমাই থৈ পলায়ন কৰে।

ডিজিটেল ডেস্ক: জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন ১০ বছৰীয়া কিশোৰক অপহৰণৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমান 'সোপাধৰা'ৰ তীব্ৰ আতংকে বিৰাজ কৰিছে।


যোৱা দেওবাৰে আবেলি প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হয়। জাগুন ৬ মাইল মাঞ্চে পথাৰৰ নিবাসী স্বৰ্গীয় ঘনশ্যাম ঠাকুৰৰ পুত্ৰ তথা ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ দিলীপ ঠাকুৰে স্কুলৰ পৰা আহি আবেলি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। খেলিবলৈ যোৱাৰ সময়তে ৰামপুৰ ৬ মাইলৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড ব্ৰেকাৰৰ কাষত থিয় হৈ থকা অৱস্থাত জাগুনৰ দিশৰ পৰা অহা এখন বগা ৰঙৰ মাৰুতি ইকো (Maruti Eeco) ভানত দুজন অচিনাকি যুৱক আহে। যুৱকদ্বয়ে কিশোৰগৰাকীক বলপূৰ্বকভাৱে বাহনখনত উঠাই অপহৰণ লৈ যায়।


বাহনখনৰ ভিতৰত কিশোৰ দিলীপে ভয় নাখায় চিঞৰ-বাখৰ কৰিবলৈ ধৰে। ঠিক তেনেতে অপহৰণকাৰীৰ দলটোৱে পাটকাই গেটত আৰক্ষীৰ নাকা চেকিং প্ৰত্যক্ষ কৰে। আৰক্ষীৰ তালাচীত ধৰা পৰাৰ ভয়ত যুৱক দুজনে কিশোৰজনক আধা বাটতে বাহনখনৰ পৰা নমাই থৈ পলায়ন কৰে।


পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকে কিশোৰাজনক বাটত অকলশৰীয়া আৰু আতংকিত অৱস্থাত প্ৰত্যক্ষ কৰি এখন টমটমৰ (E-rickshaw) সহায়ত সুৰক্ষিতভাৱে ঘৰলৈ পঠিয়াই দিয়ে।


এই ঘটনাৰ পিছৰে পৰাই সমগ্ৰ জাগুনৰ ৰামপুৰ অঞ্চলৰ অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত আৰক্ষীৰ কঠোৰ পদক্ষেপ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী