--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত এজন পুৰুষৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে।

ডিজিটেল ডেস্কঃ দুধনৈ চহৰৰ মাজমজিয়াত আজি সংঘটিত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুধনৈ দৈনিক বজাৰত অৱস্থিত সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত এজন ব্যক্তিৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

আজি পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত এজন পুৰুষৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। মৃতদেহটোৰ চাৰিওফালে তেজৰ চেকুৰা আৰু শৰীৰত গুৰুতৰ আঘাতৰ চিন স্পষ্ট আছিল। নিহত ব্যক্তিগৰাকীক দুধনৈ নদীৰ পাৰৰ বাসিন্দা বাটচু ৰাহা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ঘটনাটো অত্যন্ত পৰিকল্পিত আৰু নৃশংস আছিল। দুৰ্বৃত্তই ব্যক্তিগৰাকীক সম্ভৱতঃ ইটা, শিল বা লোৰ ৰডেৰে মূৰত আৰু শৰীৰৰ বিভিন্ন অংগত আঘাত কৰি হত্যা কৰিছে। ঘটনাস্থলীৰ পৰিৱেশ চাই স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ব্যক্তিগৰাকীক আন কোনো স্থানত হত্যা কৰি মৃতদেহটো বহু দূৰলৈ চোঁচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱা হৈছে।

ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। দিন-দুপৰতে বা ৰাজহুৱা স্থানত এনেদৰে হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাই চহৰখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই যদিও আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ