--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত এজন পুৰুষৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে।

ডিজিটেল ডেস্কঃ দুধনৈ চহৰৰ মাজমজিয়াত আজি সংঘটিত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুধনৈ দৈনিক বজাৰত অৱস্থিত সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত এজন ব্যক্তিৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।


আজি পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত এজন পুৰুষৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। মৃতদেহটোৰ চাৰিওফালে তেজৰ চেকুৰা আৰু শৰীৰত গুৰুতৰ আঘাতৰ চিন স্পষ্ট আছিল। নিহত ব্যক্তিগৰাকীক দুধনৈ নদীৰ পাৰৰ বাসিন্দা বাটচু ৰাহা (৩৫) বুলি চিনাক্ত কৰা হৈছে।


প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ঘটনাটো অত্যন্ত পৰিকল্পিত আৰু নৃশংস আছিল। দুৰ্বৃত্তই ব্যক্তিগৰাকীক সম্ভৱতঃ ইটা, শিল বা লোৰ ৰডেৰে মূৰত আৰু শৰীৰৰ বিভিন্ন অংগত আঘাত কৰি হত্যা কৰিছে। ঘটনাস্থলীৰ পৰিৱেশ চাই স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ব্যক্তিগৰাকীক আন কোনো স্থানত হত্যা কৰি মৃতদেহটো বহু দূৰলৈ চোঁচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱা হৈছে।


ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। দিন-দুপৰতে বা ৰাজহুৱা স্থানত এনেদৰে হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাই চহৰখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।


বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই যদিও আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ