--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰৰ ভিতৰত থকা পশুধন, তিনিটা ছাগলী আৰু প্ৰায় ২৫ টা মুৰ্গী জ্বলি ভস্মীভূত হয়। ধান আদিকে ধৰি বাচন-বৰ্তনসমূহো ভস্মীভূত হয়।

ডিজিটেল ডেস্ক: গোসাঁইগাঁও মহকুমাৰ বুঢ়াচাৰা গাঁৱত আছাৰ কোকৰাঝাৰ জিলা সভাপতি পাউল টুডুৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়৷ দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে জিলা সভাপতিগৰাকী তথা পৰিয়ালবৰ্গই। 


ৰান্ধনী ঘৰত অগ্নিসংযোগ হৈ দপদপকৈ জ্বলি ৰান্ধনী ঘৰটো ভস্মীভূত হয়। ঘৰৰ ভিতৰত থকা পশুধন, তিনিটা ছাগলী আৰু প্ৰায় ২৫ টা মুৰ্গী জ্বলি ভস্মীভূত হয়। ধান আদিকে ধৰি বাচন-বৰ্তনসমূহো ভস্মীভূত হয়।


প্ৰায় ৯ লাখ টকাৰ সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। ক’ৰ পৰা আৰু কেনেদৰে অগ্নিসংযোগ হৈছে তাৰ কোনো স্পষ্ট সূত্ৰ পোৱা নাই যদিও, কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।


ঘটনাস্থলীত গোসাঁইগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। ইপিনে জিলা সভাপতি গৰাকীয়ে সন্দেহ কৰিছে যে নিৰ্বাচনত জাতীয় স্বাৰ্থত এগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবেই উক্ত ঘটনা সংঘটিত হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ