--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেওবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিজৰ মাটিত কাম কৰি থকা সময়তে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলায়।

ডিজিটেল ডেস্কঃ কাছাৰৰ কাটিগড়াৰ ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন হৰিনগৰৰ ফেন্সিং অঞ্চলত খেতি কৰিবলৈ গৈ এদল ভাৰতীয় কৃষকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। 


দেওবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিজৰ মাটিত কাম কৰি থকা সময়তে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলায়। এই ঘটনাত আব্দুল হান্নানসহ কমেও ছয়জন কৃষক গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰেৱা হৈছে।



ঘটনাৰ পিছতেই পুৱাৰে পৰা সীমান্ত অঞ্চলত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ উঠে। আনহাতে প্ৰায় ১১ বজালৈ প্ৰায় দুই শতাধিক ভাৰতীয় কৃষক হৰিনগৰ ফেন্সিং অঞ্চলত একত্ৰিত হৈ সুৰক্ষা আৰু ন্যায় বিচাৰৰ দাবী জনায়।


তেওঁলোকৰ অভিযোগ, সীমান্ত সংলগ্ন মাটিত খেতি কৰা দিনক দিন বেছি বিপদজনক হৈ পৰিছে, ফলত জীৱিকা নিৰ্বাহ কৰাটো কঠিন হৈ উঠিছে। ইফালে, সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাক লৈও স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, নজৰদাৰীৰ অভাৱ আৰু উদাসীনতাৰ বাবেই এনে ধৰণৰ ঘটনা বৃদ্ধি পাইছে। যদিও এই বিষয়ত বিএছএফৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।


সীমান্তৱৰ্তী কৃষকসকলে দাবী জনাইছে যে অঞ্চলটোত সুৰক্ষা অধিক জোৰদাৰ কৰি খেতি কৰিবলৈ এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা হওক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ