--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেওবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিজৰ মাটিত কাম কৰি থকা সময়তে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলায়।

ডিজিটেল ডেস্কঃ কাছাৰৰ কাটিগড়াৰ ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন হৰিনগৰৰ ফেন্সিং অঞ্চলত খেতি কৰিবলৈ গৈ এদল ভাৰতীয় কৃষকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। 

দেওবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নিজৰ মাটিত কাম কৰি থকা সময়তে বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলায়। এই ঘটনাত আব্দুল হান্নানসহ কমেও ছয়জন কৃষক গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰেৱা হৈছে।

ঘটনাৰ পিছতেই পুৱাৰে পৰা সীমান্ত অঞ্চলত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ উঠে। আনহাতে প্ৰায় ১১ বজালৈ প্ৰায় দুই শতাধিক ভাৰতীয় কৃষক হৰিনগৰ ফেন্সিং অঞ্চলত একত্ৰিত হৈ সুৰক্ষা আৰু ন্যায় বিচাৰৰ দাবী জনায়।

তেওঁলোকৰ অভিযোগ, সীমান্ত সংলগ্ন মাটিত খেতি কৰা দিনক দিন বেছি বিপদজনক হৈ পৰিছে, ফলত জীৱিকা নিৰ্বাহ কৰাটো কঠিন হৈ উঠিছে। ইফালে, সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাক লৈও স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, নজৰদাৰীৰ অভাৱ আৰু উদাসীনতাৰ বাবেই এনে ধৰণৰ ঘটনা বৃদ্ধি পাইছে। যদিও এই বিষয়ত বিএছএফৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

সীমান্তৱৰ্তী কৃষকসকলে দাবী জনাইছে যে অঞ্চলটোত সুৰক্ষা অধিক জোৰদাৰ কৰি খেতি কৰিবলৈ এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা হওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ