--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কৃষি খণ্ডত দুখন প্রধান আঁচনিৰ শুভাৰম্ভ কৰে। পি এম ধন ধান্য কৃষি যোজনা আৰু মাহজাতীয় খাদ্য-শস্যত আত্মনিৰ্ভৰতা শীৰ্ষক দুখন কৃষি খণ্ডৰ আঁচনি মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ডিজিটেল ডেস্ক : দীপাৱলীৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে দেশৰ কৃষকসকলৰ কল্যাণৰ বাবে এটা বৃহৎ ঐতিহাসিক পদক্ষেপ লয়। 


প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কৃষি খণ্ডত দুখন প্রধান আঁচনিৰ শুভাৰম্ভ কৰে। পি এম ধন ধান্য কৃষি যোজনা আৰু মাহজাতীয় খাদ্য-শস্যত আত্মনিৰ্ভৰতা শীৰ্ষক দুখন কৃষি খণ্ডৰ আঁচনি মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষ এই আঁচনি দুখন প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীৰ ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠানত আয়োজিত এটা বিশেষ কৃষি কার্যসূচীত মুকলি কৰে। 


লোকনায়ক জয়প্রকাশ নাৰায়ণৰ জন্ম বার্ষিকীৰ উপলক্ষত আয়োজিত অনুষ্ঠানটোত আঁচনি দুখন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে শস্যৰ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈকে পৰিৱৰ্তন সাধন কৰিছে।কালি মোদীয়ে মুকলি কৰা পি এম ধন ধান্য কৃষি যোজনাৰ বাবে ব্যয় হ'ব ২৪,০০০ কোটি টকা আৰু কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই আঁচনি গ্রহণ কৰা হৈছে। আঁচনি দুখন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে গ্রামীণ ভাৰতৰ কণ্ঠ জয়প্রকাশ নাৰায়ণৰ জন্ম বার্ষিকীৰ এই শুভদিনত দুখন গুৰুত্বপূৰ্ণ কৃষক কল্যাণ আঁচনি মুকলি কৰা হৈছে। মোদীয়ে কয় যে খেতিপথাৰ আৰু কৃষকসকল হৈছে দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে তেওঁৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে সময়োচিত পদক্ষেপ লৈ অহা বুলি মোদীয়ে কয়। বিকশিত ৰাষ্ট্ৰ গঢ় দিবলৈ কৃষকসকলৰ উন্নতি সাধন হ'ব লাগিব বুলি মোদীয়ে কয়। 


উল্লেখযোগ্য যে প্রধানমন্ত্রী ধন ধান্য কৃষি যোঁজনাৰ পাঁচটা মুখ্য উদ্দেশ্য আছে। কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি, খাদ্য-শস্যৰ বিবিধকৰণ, বহনক্ষম কৃষি ব্যৱস্থা আৰু পঞ্চায়ত আৰু ব্লক পর্যায়ত খেতি চপোৱাৰ পাছত খাদ্য শস্যৰ ভঁৰাল বৃদ্ধি আৰু নিৰ্বাচিত ১০০খন জিলাত দীর্ঘম্যদী আৰু হ্রস্বম্যাদী ঋণৰ উপলব্ধতা। আনহাতে, মাহজাতীয় খাদ্যত আত্মনিৰ্ভৰশীলতাৰ অভিযানত ব্যয় হ'ব ১১,৪৪০ কোটি টকা। এই আঁচনিৰ লক্ষ্য হৈছে মাহজাতীয় খাদ্য-শস্যৰ উৎপাদন বৃদ্ধি, মাহজাতীয় খাদ্য শস্যৰ খেতিৰ এলেকা সম্প্ৰসাৰণ আৰু গুণগত শৃংখলসমূহ, যেনে- ক্রয়, সংৰক্ষণ আৰু সংসাধন প্রক্রিয়া শক্তিশালীকৰণ। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালিৰ এই অনুষ্ঠানটোত কৃষকসকলৰ সৈতে মত বিনিময়ো কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ