--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লোকজনৰ মৰণ কাতৰ চিঞৰ শুনি ঘৰৰ মালিকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি চিকিৎসকে তেওঁক ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰে

ডিজিটেল ডেস্কঃ পত্নীয়ে পতিৰ ওপৰত কৰা ভয়ংকৰ নৃশংস অত্যাচাৰৰ কাহিনী পোহৰলৈ আহিছে। মাজ নিশা গভীৰ টোপনিত থকা অৱস্থাত এজন লোকক পত্নীয়ে গৰম উতলা তেল দেহৰ ওপৰত ঢালি দিয়ে। লোকজনে যন্ত্ৰণাত ছটফটাই থকাৰ সময়তে পত্নীয়ে জলকীয়া গুড়ি ঢালি দিয়ে। এই ঘটনা দিল্লীত সংঘটিত হৈছে।


লোকজনৰ মৰণ কাতৰ চিঞৰ শুনি ঘৰৰ মালিকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি চিকিৎসকে তেওঁক ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰে, য’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়। লোকজনৰ অৱস্থা সংকটজনক হৈয়ে আছে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছ আৰক্ষীয়ে। পত্নী আৰু এগৰাকী কণমানি কন্যাৰে তেওঁ ভাড়াঘৰত বাস কৰে। ব্যক্তিগত ফাৰ্মাচিউটিকেল কোম্পানীত কৰ্মৰত লোকজনে ৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয়। দুবছৰ পূৰ্বে পত্নীয়ে ভুক্তভোগীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও দুয়োৰে মাজত এক নিষ্পত্তি হয়। তেওঁৰ পত্নীৰ বিৰুদ্ধে এতিয়াও CAW কোষত এজাহাৰ দাখিল কৰা হৈছে।



আৰক্ষীক দিয়া বক্তব্যত ভুক্তভোগীয়ে উল্লেখ কৰিছে যে তেওঁ কৰ্মস্থলীৰ পৰা উভতি আহি ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুইছিল। ওচৰতে শুই আছিল তেওঁৰ ছোৱালী আৰু পত্নী। হঠাতে ৩:১৫ বজাত শৰীৰত জ্বলা-পোৰা অনুভৱ কৰি তেওঁ সাৰ পালে। তেওঁ দেখিলে যে পত্নীয়ে তেওঁৰ ওপৰত উতলি থকা গৰম তেল ঢালি হাতত ৰঙা জলকীয়াৰ গুড়ি লৈ ​​থিয় হৈ আছে। এই কথাত স্তম্ভিত হৈ পৰে ভুক্তভোগী লোকজন। নিজকে ৰক্ষা কৰাৰ আগতেই তেওঁৰ পত্নীয়ে গৰম তেলৰ ফলত হোৱা ঘাঁত ৰঙা জলকীয়াৰ গুড়ি ছটিয়াবলৈ ধৰিলে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে সংশ্লিষ্ট ধাৰাত পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ