--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লোকজনৰ মৰণ কাতৰ চিঞৰ শুনি ঘৰৰ মালিকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি চিকিৎসকে তেওঁক ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰে

ডিজিটেল ডেস্কঃ পত্নীয়ে পতিৰ ওপৰত কৰা ভয়ংকৰ নৃশংস অত্যাচাৰৰ কাহিনী পোহৰলৈ আহিছে। মাজ নিশা গভীৰ টোপনিত থকা অৱস্থাত এজন লোকক পত্নীয়ে গৰম উতলা তেল দেহৰ ওপৰত ঢালি দিয়ে। লোকজনে যন্ত্ৰণাত ছটফটাই থকাৰ সময়তে পত্নীয়ে জলকীয়া গুড়ি ঢালি দিয়ে। এই ঘটনা দিল্লীত সংঘটিত হৈছে।


লোকজনৰ মৰণ কাতৰ চিঞৰ শুনি ঘৰৰ মালিকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি চিকিৎসকে তেওঁক ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰে, য’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়। লোকজনৰ অৱস্থা সংকটজনক হৈয়ে আছে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছ আৰক্ষীয়ে। পত্নী আৰু এগৰাকী কণমানি কন্যাৰে তেওঁ ভাড়াঘৰত বাস কৰে। ব্যক্তিগত ফাৰ্মাচিউটিকেল কোম্পানীত কৰ্মৰত লোকজনে ৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হয়। দুবছৰ পূৰ্বে পত্নীয়ে ভুক্তভোগীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও দুয়োৰে মাজত এক নিষ্পত্তি হয়। তেওঁৰ পত্নীৰ বিৰুদ্ধে এতিয়াও CAW কোষত এজাহাৰ দাখিল কৰা হৈছে।



আৰক্ষীক দিয়া বক্তব্যত ভুক্তভোগীয়ে উল্লেখ কৰিছে যে তেওঁ কৰ্মস্থলীৰ পৰা উভতি আহি ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুইছিল। ওচৰতে শুই আছিল তেওঁৰ ছোৱালী আৰু পত্নী। হঠাতে ৩:১৫ বজাত শৰীৰত জ্বলা-পোৰা অনুভৱ কৰি তেওঁ সাৰ পালে। তেওঁ দেখিলে যে পত্নীয়ে তেওঁৰ ওপৰত উতলি থকা গৰম তেল ঢালি হাতত ৰঙা জলকীয়াৰ গুড়ি লৈ ​​থিয় হৈ আছে। এই কথাত স্তম্ভিত হৈ পৰে ভুক্তভোগী লোকজন। নিজকে ৰক্ষা কৰাৰ আগতেই তেওঁৰ পত্নীয়ে গৰম তেলৰ ফলত হোৱা ঘাঁত ৰঙা জলকীয়াৰ গুড়ি ছটিয়াবলৈ ধৰিলে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে সংশ্লিষ্ট ধাৰাত পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?