--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জননী ফুদ প্ৰদাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে।

ডিজিটেল ডেস্কঃ তৈলনগৰী ডিগবৈ বৰবিলত আজি থলুৱা ভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান জননী ফুদ প্ৰদাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে।

ডিগবৈৰ বিশিষ্ট সমাজকৰ্মী জীতেন দত্তৰ বিশেষ পৃষ্ঠপোষকতাত স্থানীয় পাঁচগৰাকী উদ্যমী মহিলাৰ প্ৰচেষ্টাত থলুৱা ভাৱে উৎপাদিত বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ফুকনৰ সৈতে সংগ দিয়ে জেষ্ঠ্য ৰ'টাৰীয়ান পূৰ্ণ বড়া, বিশিষ্ট কবি দীপেন কুমাৰ বড়া, ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ড° জিতু বড়া, বিজেপি টিংৰাই মণ্ডলৰ সভানেত্ৰী সৃতি দাস, পানীখোৱা জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই পঞ্চায়তৰ সভাপতি দীলিপ সিং, পাপু গগৈ, বিচিত্ৰ মৰাণ সহ বহু সংখ্যক স্থানীয় পুৰুষ মহিলাই।

উদ্যমী মহিলা ক্ৰমে দিপীকা দত্ত কাকতি, জুৰি দত্ত, কল্পনা বৰা, ৰূপালী সোণোৱাল, লভিতা লস্কৰৰ উদ্যোগত স্থাপিত জননী কেন্দ্ৰৰ জড়িয়তে এক আত্মনিৰ্ভৰশীলতাৰ পৰিচয়ৰে আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা জনাই উৎসাহিত কৰে। আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিভিন্ন উপলব্ধ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বৰ্তমান জননী বিক্ৰী কেন্দ্ৰটোত বিভিন্ন আচাৰৰ লগতে, পিঠাপনা, স্থানীয় শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা মেখেলা চাদৰ উপলব্ধ আছে যদিও শীঘ্ৰেই থলুৱা ভাৱে উৎপাদিত মিঠাতেল, ফেনাইল, চিত্ৰনলা তেল, ফ্লৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ আদি উপলব্ধ হ'ব বুলি জানিব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ