--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জননী ফুদ প্ৰদাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে।

ডিজিটেল ডেস্কঃ তৈলনগৰী ডিগবৈ বৰবিলত আজি থলুৱা ভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান জননী ফুদ প্ৰদাক্ট বিক্ৰী কেন্দ্ৰৰ শুভ মুকলি কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে।


ডিগবৈৰ বিশিষ্ট সমাজকৰ্মী জীতেন দত্তৰ বিশেষ পৃষ্ঠপোষকতাত স্থানীয় পাঁচগৰাকী উদ্যমী মহিলাৰ প্ৰচেষ্টাত থলুৱা ভাৱে উৎপাদিত বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ফুকনৰ সৈতে সংগ দিয়ে জেষ্ঠ্য ৰ'টাৰীয়ান পূৰ্ণ বড়া, বিশিষ্ট কবি দীপেন কুমাৰ বড়া, ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ড° জিতু বড়া, বিজেপি টিংৰাই মণ্ডলৰ সভানেত্ৰী সৃতি দাস, পানীখোৱা জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই পঞ্চায়তৰ সভাপতি দীলিপ সিং, পাপু গগৈ, বিচিত্ৰ মৰাণ সহ বহু সংখ্যক স্থানীয় পুৰুষ মহিলাই।


উদ্যমী মহিলা ক্ৰমে দিপীকা দত্ত কাকতি, জুৰি দত্ত, কল্পনা বৰা, ৰূপালী সোণোৱাল, লভিতা লস্কৰৰ উদ্যোগত স্থাপিত জননী কেন্দ্ৰৰ জড়িয়তে এক আত্মনিৰ্ভৰশীলতাৰ পৰিচয়ৰে আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা জনাই উৎসাহিত কৰে। আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিভিন্ন উপলব্ধ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


বৰ্তমান জননী বিক্ৰী কেন্দ্ৰটোত বিভিন্ন আচাৰৰ লগতে, পিঠাপনা, স্থানীয় শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা মেখেলা চাদৰ উপলব্ধ আছে যদিও শীঘ্ৰেই থলুৱা ভাৱে উৎপাদিত মিঠাতেল, ফেনাইল, চিত্ৰনলা তেল, ফ্লৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ আদি উপলব্ধ হ'ব বুলি জানিব দিয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ