--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিল্পাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি বিয়াৰ সময়ত প্ৰবীণৰ পৰিয়ালে নগদ ১৫ লাখ টকা, ১৫০ গ্ৰাম সোণৰ গহনা আৰু ঘৰুৱা সামগ্ৰী দাবী কৰিছিল।

ডিজিটেল ডেস্কঃ যৌতুকৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।  বেংগালুৰুত ২৭ বছৰীয়া এগৰাকী মহিলা অভিযন্তাৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। ইনফ’ছিছৰ অভিযন্তা হিচাপে কৰ্মৰত শিল্পাৰ পিতৃ-মাতৃয়ে অভিযোগ কৰিছে যে স্বামী আৰু শহুৰেকৰ যৌতুক হাৰাশাস্তিৰ বাবেই শিল্পাই এই ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰিছে।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিল্পাৰ স্বামী প্ৰবীণক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ডেৰ-দুবছৰ পূৰ্বে শিল্পাৰ বিয়া হৈছিল চফটৱেৰ পেছাদাৰী প্ৰবীণৰ সৈতে আৰু তেওঁলোকৰ এটা ডেৰ বছৰীয়া সন্তানো আছে।

শিল্পাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি বিয়াৰ সময়ত প্ৰবীণৰ পৰিয়ালে নগদ ১৫ লাখ টকা, ১৫০ গ্ৰাম সোণৰ গহনা আৰু ঘৰুৱা সামগ্ৰী দাবী কৰিছিল। এই দাবীসমূহ পূৰণ কৰাৰ পিছতো শিল্পাৰ শহুৰেকে বিয়াৰ পিছত অতিৰিক্ত ধন আৰু মূল্যৱান সামগ্ৰী দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে। যৌতুক সন্দৰ্ভত বাৰে বাৰে ঠাট্টা-মস্কৰা আৰু মানসিক হাৰাশাস্তিৰ বাবে শিল্পাই আত্মহত্যা কৰা বুলি পৰিয়ালৰ দাবী।

আনকি শিল্পাৰ ক’লা বৰণক লৈ প্ৰবীণৰ পৰিয়ালে প্ৰায়ে ঠাট্টা-মস্কৰা কৰিছিল বুলি অভিযোগ উঠিছে। শাহুৱেকে প্ৰায়ে শিল্পাক হাৰাশাস্তি কৰিছিল, "তুমি ক'লা ,মোৰ ল'ৰাৰ লগত মিলা নাই। তাক এৰি দিয়া, আমি তাৰ বাবে ভাল কইনা বিচাৰি পাম।"

শিল্পাৰ খুড়াকে ক’লে, আমি গ্ৰেণ্ড ৱেডিং পাতিছিলোঁ। আমি আমাৰ ঘৰখন বিক্ৰী কৰি বিয়াত ৪০ লাখ টকা খৰচ কৰিলোঁ। আমি বিয়াৰ সময়ত তাইক ১৬০ গ্ৰাম সোণৰ গহনাও দিছিলো।' কেইমাহমান আগতে তাই আমাৰ পৰা আৰু ১০ লাখ টকা লৈছিল। এতিয়া তেওঁলোকৰ ডেৰ বছৰীয়া সন্তান এটা আছে, আৰু তাই আকৌ গৰ্ভৱতী হৈছিল। বিয়াৰ সময়ত প্ৰবীনে নিজকে বি ই, এম টেক গ্ৰেজুৱেট বুলি অভিহিত কৰিছিল যদিও যোৱা দুবছৰ ধৰি তেওঁ পানী পুৰী বিক্ৰী কৰি আহিছে। আনহাতে আমাৰ ছোৱালীজনীয়ে আগতে ইনফ’ছিছত কাম কৰিছিল।'

ঘৰৰ ভিতৰত চকী বা ফেনৰ তলত কোনো বস্তু ৰখা নাছিল বাবে পৰিয়ালটোৱে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ফেনখনো ইমানো কম উচ্চতাত নাছিল যে কোনোৱে সহজে সেই কাম কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ