--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিল্পাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি বিয়াৰ সময়ত প্ৰবীণৰ পৰিয়ালে নগদ ১৫ লাখ টকা, ১৫০ গ্ৰাম সোণৰ গহনা আৰু ঘৰুৱা সামগ্ৰী দাবী কৰিছিল।

ডিজিটেল ডেস্কঃ যৌতুকৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।  বেংগালুৰুত ২৭ বছৰীয়া এগৰাকী মহিলা অভিযন্তাৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। ইনফ’ছিছৰ অভিযন্তা হিচাপে কৰ্মৰত শিল্পাৰ পিতৃ-মাতৃয়ে অভিযোগ কৰিছে যে স্বামী আৰু শহুৰেকৰ যৌতুক হাৰাশাস্তিৰ বাবেই শিল্পাই এই ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰিছে।


পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিল্পাৰ স্বামী প্ৰবীণক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ডেৰ-দুবছৰ পূৰ্বে শিল্পাৰ বিয়া হৈছিল চফটৱেৰ পেছাদাৰী প্ৰবীণৰ সৈতে আৰু তেওঁলোকৰ এটা ডেৰ বছৰীয়া সন্তানো আছে।


শিল্পাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি বিয়াৰ সময়ত প্ৰবীণৰ পৰিয়ালে নগদ ১৫ লাখ টকা, ১৫০ গ্ৰাম সোণৰ গহনা আৰু ঘৰুৱা সামগ্ৰী দাবী কৰিছিল। এই দাবীসমূহ পূৰণ কৰাৰ পিছতো শিল্পাৰ শহুৰেকে বিয়াৰ পিছত অতিৰিক্ত ধন আৰু মূল্যৱান সামগ্ৰী দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে। যৌতুক সন্দৰ্ভত বাৰে বাৰে ঠাট্টা-মস্কৰা আৰু মানসিক হাৰাশাস্তিৰ বাবে শিল্পাই আত্মহত্যা কৰা বুলি পৰিয়ালৰ দাবী।


আনকি শিল্পাৰ ক’লা বৰণক লৈ প্ৰবীণৰ পৰিয়ালে প্ৰায়ে ঠাট্টা-মস্কৰা কৰিছিল বুলি অভিযোগ উঠিছে। শাহুৱেকে প্ৰায়ে শিল্পাক হাৰাশাস্তি কৰিছিল, "তুমি ক'লা ,মোৰ ল'ৰাৰ লগত মিলা নাই। তাক এৰি দিয়া, আমি তাৰ বাবে ভাল কইনা বিচাৰি পাম।"


শিল্পাৰ খুড়াকে ক’লে, আমি গ্ৰেণ্ড ৱেডিং পাতিছিলোঁ। আমি আমাৰ ঘৰখন বিক্ৰী কৰি বিয়াত ৪০ লাখ টকা খৰচ কৰিলোঁ। আমি বিয়াৰ সময়ত তাইক ১৬০ গ্ৰাম সোণৰ গহনাও দিছিলো।' কেইমাহমান আগতে তাই আমাৰ পৰা আৰু ১০ লাখ টকা লৈছিল। এতিয়া তেওঁলোকৰ ডেৰ বছৰীয়া সন্তান এটা আছে, আৰু তাই আকৌ গৰ্ভৱতী হৈছিল। বিয়াৰ সময়ত প্ৰবীনে নিজকে বি ই, এম টেক গ্ৰেজুৱেট বুলি অভিহিত কৰিছিল যদিও যোৱা দুবছৰ ধৰি তেওঁ পানী পুৰী বিক্ৰী কৰি আহিছে। আনহাতে আমাৰ ছোৱালীজনীয়ে আগতে ইনফ’ছিছত কাম কৰিছিল।'


ঘৰৰ ভিতৰত চকী বা ফেনৰ তলত কোনো বস্তু ৰখা নাছিল বাবে পৰিয়ালটোৱে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ফেনখনো ইমানো কম উচ্চতাত নাছিল যে কোনোৱে সহজে সেই কাম কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ