--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইউনেস্ক'ৰ সঞ্চালক প্রধান অ'ড্ৰে' আজোলে'য়ে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ (ইউনেস্ক') 'ক্রিয়েটিভ চিটীজ নেটৱৰ্ক'ত নতুনকৈ ৫৮খন মহানগৰৰ নাম অন্তর্ভুক্ত কৰে।

ডিজিটেল ডেস্ক : চহকী আৰু বৈচিত্র্য ৰন্ধন ইতিহাসৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ নাম অন্তর্ভুক্ত হৈছে ইউনেস্ক'ৰ 'সৃষ্টিশীল মহানগৰী' তালিকাত।


ইউনেস্ক'ৰ সঞ্চালক প্রধান অ'ড্ৰে' আজোলে'য়ে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ (ইউনেস্ক') 'ক্রিয়েটিভ চিটীজ নেটৱৰ্ক'ত নতুনকৈ ৫৮খন মহানগৰৰ নাম অন্তর্ভুক্ত কৰে। ইয়াকে ধৰি এই তালিকাত এতিয়া ১০০খন দেশৰ ৪০৮ মহানগৰৰ নাম হ'ল। 


উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ নাম অন্তর্ভুক্ত হৈছে 'গেষ্ট্ৰ'নমি' (ৰন্ধন প্ৰকৰণ) শাখাত। উল্লেখযোগ্য যে জনপ্রিয় ষ্ট্ৰীট ফুড 'চাট'ৰ পৰা অৱধী ৰন্ধন শৈলী আৰু সোৱাদ লগা মিঠাইলৈকে লক্ষ্ণৌ চহকী আৰু পৰম্পৰাগত সুস্বাদু খাদ্যৰ বাবে প্রখ্যাত। 


ইউনেস্ক'ৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত কেইখনমান মহানগৰ হৈছে -সংগীতৰ বাবে কিছুমু (কেনিয়া) আৰু নিউ অ'ৰলীনছ, ডিজাইনৰ বাবে ৰিয়াধ (ছৌডি আৰব), গেষ্ট্ৰ'নমিৰ বাবে 

মাট'ছিনহ'ছ (পর্তুগাল) আৰু কুৱেনকা (ইকুৱেডৰ), চলচ্চিত্ৰৰ বাবে গিজা (ইজিপ্ট), স্থাপত্যৰ বাবে ৰ'ভেনিয়েমি (ফিনলেণ্ড), মিডিয়া আৰ্টছৰ বাবে মালাং (ইণ্ডোনেছিয়া) আৰু সাহিত্যৰ বাবে এবেৰিছটুইথ মহানগৰ (ব্রিটেইন, ইউ কে)।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ