--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি কাতি মাহৰ একাদশী । এই উপলক্ষে মন্দিৰত সমবেত হোৱা ভক্তৰ ব্যাপক ভিৰৰ বাবেই এই ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা । ভক্তৰ সমাগমত ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। 


আজি কাতি মাহৰ একাদশী । এই উপলক্ষে মন্দিৰত সমবেত হোৱা ভক্তৰ ব্যাপক ভিৰৰ বাবেই এই ঘটনা সংঘটিত হয়।


এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। টুইটাৰত এক পোষ্ট যোগে তেওঁ ভেংকটেশ্বৰ মন্দিৰত হোৱা ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে


ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে মন্দিৰলৈ যোৱা সৰু পথটোৰ ৰেলিঙৰ মাজত আবদ্ধ হৈ থকা লোকসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে হুলস্থুল কৰি আছে। কেইবাগৰাকীও মহিলাই একাদশী পূজাৰ বাবে চিঞৰ-বাখৰ আৰু টোপোলা কঢ়িয়াই অনা দেখা গৈছিল। 


তদুপৰি ভিডিঅ’টোত দেখা গৈছে যে এই ঘটনাত আহতসকলক এম্বুলেন্সলৈ লৈ যোৱা হৈছে যাতে তেওঁলোকৰ সময়মতে ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰিব পৰা যায়। চিকিৎসকে পৰীক্ষাৰ অন্তত ১০ জন লোকক মৃত ঘোষণা কৰে। ইফালে চিকিৎসাধীন কেইবাজনো আহত লোকৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি অত্যন্ত সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ