--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জাফ্ৰিনা-আৰিফুৰৰ ১৪ বছৰীয়া কন্যাৰ বিস্ফোৰক ভাষ্য অনুসৰি 'প্ৰায়ে আৰক্ষী পিতৃয়ে নিৰ্মম অত্যাচাৰ চলাইছিল মাতৃক।

ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ আত্মহননে লৈছে অন্য মোৰ। অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি আইনৰ চকুত, সেই প্ৰশ্ন এতিয়া দেৰগাঁওবাসীৰ মনত উত্থাপন হৈছে।


মৃত জাফ্ৰিনাৰ পৰিয়ালৰ মতে এইয়া পৰিকল্পিত হত্যাকাণ্ড। যোৱা ১৯ আগষ্টত সংঘটিত হোৱা এক আত্মহননৰ ঘটনাই কপাঁই গৈছে দেৰগাঁও।


দেৰগাঁৱস্থ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰৰ ( BTC) লেঞ্চ নায়ক আৰিফুৰ ৰহমানৰ পত্নী জাফ্ৰিনা ৰহমানে দিনৰ ভাগত কৰিছিল আত্মহনন। সেই সময়ত কন্যা স্কুললৈ গৈছিল।


উদ্ধাৰ হোৱা মৃতদেহৰ অৱস্থিতিক লৈ সৃষ্টি হয় ঘন ৰহস্যৰ। উল্লেখযোগ্য যে শোৱনি কোঠাৰ বিচনাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল জাফ্ৰিনাৰ মৃতদেহ।


ফেনত লাগি আছিল ৰচী। ইয়াৰ পিছতে দেৰগাঁও আৰক্ষীৰ থানাত জাফ্ৰিনাৰ মাতৃগৃহৰ পৰিয়ালে স্বামী আৰিফুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।


এই এজাহাৰৰ ভিত্তিত দেৰগাঁও থানাত 103(1)/,3(5) ধাৰাত গোচৰ ৰুজু হয় আৰিফুৰৰ বিৰুদ্ধে। মৃত জাফ্ৰিনাৰ মাতৃৰ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড।


ইফালে জাফ্ৰিনা-আৰিফুৰৰ ১৪ বছৰীয়া কন্যাৰ বিস্ফোৰক ভাষ্য অনুসৰি 'প্ৰায়ে আৰক্ষী পিতৃয়ে নিৰ্মম অত্যাচাৰ চলাইছিল মাতৃক। 'বুট জোটাৰে গছকি নাৰকীয় অত্যাচাৰ চলাইছিল জাফ্ৰিনাৰ ওপৰত। ঘৰত প্ৰতিদিনেই হৈছিল কাজিয়া। এবাৰ দা লৈও খেদি ফুৰিছিল।


কিন্তু ইমানখিনি নাৰকীয় অত্যাচাৰৰ কথা গম পোৱা নাছিল জাফ্ৰিনাৰ মাতৃগৃহই। আৰিফুৰক ভয় কৰিয়ে জাফ্ৰিনাই কোনো কথা কোৱা নাছিল মাতৃগৃহক আৰু কন্যাকো ক'বলৈ বাধা দিছিল।


কিন্তু ঘটনাটো ঘটাৰ দিনা পুৱা সকলো স্বাভাৱিক অৱস্থাতে আছিল। জাফ্ৰিনাই ৰান্ধি-বাঢ়ি কন্যাক খুৱাই পঠাইছিল স্কুললৈ। তাৰপাছত এনে কি ঘটিল যে জাফ্ৰিনাই জীৱনৰ চৰম সিদ্ধান্ত লৈ পেলালে।


মৃত জাফ্ৰিনাৰ মাতৃৰ পৰিয়ালৰ সন্দেহ আৰক্ষী হোৱা বাবেই সাৰি যাব নেকি আৰিফুৰ ৰহমান? এক উচিত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পৰিয়ালটোৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ