--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জাফ্ৰিনা-আৰিফুৰৰ ১৪ বছৰীয়া কন্যাৰ বিস্ফোৰক ভাষ্য অনুসৰি 'প্ৰায়ে আৰক্ষী পিতৃয়ে নিৰ্মম অত্যাচাৰ চলাইছিল মাতৃক।

ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ আত্মহননে লৈছে অন্য মোৰ। অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি আইনৰ চকুত, সেই প্ৰশ্ন এতিয়া দেৰগাঁওবাসীৰ মনত উত্থাপন হৈছে।


মৃত জাফ্ৰিনাৰ পৰিয়ালৰ মতে এইয়া পৰিকল্পিত হত্যাকাণ্ড। যোৱা ১৯ আগষ্টত সংঘটিত হোৱা এক আত্মহননৰ ঘটনাই কপাঁই গৈছে দেৰগাঁও।


দেৰগাঁৱস্থ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰৰ ( BTC) লেঞ্চ নায়ক আৰিফুৰ ৰহমানৰ পত্নী জাফ্ৰিনা ৰহমানে দিনৰ ভাগত কৰিছিল আত্মহনন। সেই সময়ত কন্যা স্কুললৈ গৈছিল।


উদ্ধাৰ হোৱা মৃতদেহৰ অৱস্থিতিক লৈ সৃষ্টি হয় ঘন ৰহস্যৰ। উল্লেখযোগ্য যে শোৱনি কোঠাৰ বিচনাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল জাফ্ৰিনাৰ মৃতদেহ।


ফেনত লাগি আছিল ৰচী। ইয়াৰ পিছতে দেৰগাঁও আৰক্ষীৰ থানাত জাফ্ৰিনাৰ মাতৃগৃহৰ পৰিয়ালে স্বামী আৰিফুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।


এই এজাহাৰৰ ভিত্তিত দেৰগাঁও থানাত 103(1)/,3(5) ধাৰাত গোচৰ ৰুজু হয় আৰিফুৰৰ বিৰুদ্ধে। মৃত জাফ্ৰিনাৰ মাতৃৰ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড।


ইফালে জাফ্ৰিনা-আৰিফুৰৰ ১৪ বছৰীয়া কন্যাৰ বিস্ফোৰক ভাষ্য অনুসৰি 'প্ৰায়ে আৰক্ষী পিতৃয়ে নিৰ্মম অত্যাচাৰ চলাইছিল মাতৃক। 'বুট জোটাৰে গছকি নাৰকীয় অত্যাচাৰ চলাইছিল জাফ্ৰিনাৰ ওপৰত। ঘৰত প্ৰতিদিনেই হৈছিল কাজিয়া। এবাৰ দা লৈও খেদি ফুৰিছিল।


কিন্তু ইমানখিনি নাৰকীয় অত্যাচাৰৰ কথা গম পোৱা নাছিল জাফ্ৰিনাৰ মাতৃগৃহই। আৰিফুৰক ভয় কৰিয়ে জাফ্ৰিনাই কোনো কথা কোৱা নাছিল মাতৃগৃহক আৰু কন্যাকো ক'বলৈ বাধা দিছিল।


কিন্তু ঘটনাটো ঘটাৰ দিনা পুৱা সকলো স্বাভাৱিক অৱস্থাতে আছিল। জাফ্ৰিনাই ৰান্ধি-বাঢ়ি কন্যাক খুৱাই পঠাইছিল স্কুললৈ। তাৰপাছত এনে কি ঘটিল যে জাফ্ৰিনাই জীৱনৰ চৰম সিদ্ধান্ত লৈ পেলালে।


মৃত জাফ্ৰিনাৰ মাতৃৰ পৰিয়ালৰ সন্দেহ আৰক্ষী হোৱা বাবেই সাৰি যাব নেকি আৰিফুৰ ৰহমান? এক উচিত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পৰিয়ালটোৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?