--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ পাৰমাণৱিক ক্ষেত্ৰবোৰত আমেৰিকাৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে কৰা গুণাগঁথাৰ বাট মুকলি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত কৈছিল, 'বৰ্তমান ইৰানৰ -আকাশৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।'

ডিজিটেল ডেস্ক : ইৰান আৰু ইজৰাইলৰ যুদ্ধ প্রবল হৈ উঠাৰ মাজতে ইজৰাইলক ইৰানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তথা মধ্যপ্রাচ্যত থকা আমেৰিকাৰ সেনা বাহিনীবোৰক সুৰক্ষা দিবলৈ আমেৰিকাই উক্ত অঞ্চলত সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।


আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এনে মোতায়েনৰ কথা নিশ্চিত কৰি কয় যে 'আমাৰ মানুহ নিৰাপদে থকাটো নিশ্চিত কৰিবলৈ' এই সঞ্চালন কৰা হৈছে। ইজৰাইল-ইৰান যুদ্ধত গভীৰভাৱে জড়িত হোৱাৰ এক সম্ভাৱনীয় সষ্টমতাৰ ইংগিত দি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে অতিৰিক্ত যুঁজাৰু বিমান, পুনৰ ইন্ধন যোগান ধৰা টেংকাৰ প্ৰেৰণ কৰাৰ উপৰি ৰণকৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ কিছু অঞ্চলত যুদ্ধৰ জাহাজবোৰে স্থান সলনি কৰিছে।


উল্লেখযোগ্য যে ইৰানৰ পাৰমাণৱিক ক্ষেত্ৰবোৰত আমেৰিকাৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে কৰা গুণাগঁথাৰ বাট মুকলি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত কৈছিল, 'বৰ্তমান ইৰানৰ -আকাশৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।'


অৱশ্যে চৰকাৰী বিষয়াই কয় যে আমেৰিকাৰ বিমান যোৱা মঙলবাৰে ইৰানৰ আকাশক্ষেত্ৰত প্ৰৱেশ কৰিছিল আৰু সেয়া আছিল প্ৰতিৰক্ষামূলক ইজৰাইলৰ বাবে ভাবুকি হোৱা ইৰানৰ মিছাইলক প্ৰতিৰোধ কৰা। উল্লেখযোগ্য যে যদিও সংখ্যাবোৰ গোপন, তথাপি জানিব পৰা মতে আমেৰিকাই ছৌডি আৰবত এক ডজন এফ-১৬ যুঁজাৰু বিমান নতুন স্থানত মোতায়েন কৰিছে আৰু আমেৰিকাৰ যুঁজাৰু বিমানে উক্ত অঞ্চলৰ আকাশত টহল দি আছে। আমেৰিকা-ব্রিটেইনৰ যুটীয়া সামৰিক ঘাটি থকা ডিয়েগ' গার্টিয়াত সাজু হৈ আছে বি-৫২ বোমাৰু বিমান। অৱশ্যে ৩০,০০০ পাউণ্ড 'বাংকাৰ বাষ্টাৰ' বোমা কঢিয়াব পৰা বি-২ ষ্টীল্থ বোমাৰু বিমান বর্তমান মোতায়েন কৰা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ