--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ পাৰমাণৱিক ক্ষেত্ৰবোৰত আমেৰিকাৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে কৰা গুণাগঁথাৰ বাট মুকলি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত কৈছিল, 'বৰ্তমান ইৰানৰ -আকাশৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।'

ডিজিটেল ডেস্ক : ইৰান আৰু ইজৰাইলৰ যুদ্ধ প্রবল হৈ উঠাৰ মাজতে ইজৰাইলক ইৰানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তথা মধ্যপ্রাচ্যত থকা আমেৰিকাৰ সেনা বাহিনীবোৰক সুৰক্ষা দিবলৈ আমেৰিকাই উক্ত অঞ্চলত সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এনে মোতায়েনৰ কথা নিশ্চিত কৰি কয় যে 'আমাৰ মানুহ নিৰাপদে থকাটো নিশ্চিত কৰিবলৈ' এই সঞ্চালন কৰা হৈছে। ইজৰাইল-ইৰান যুদ্ধত গভীৰভাৱে জড়িত হোৱাৰ এক সম্ভাৱনীয় সষ্টমতাৰ ইংগিত দি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে অতিৰিক্ত যুঁজাৰু বিমান, পুনৰ ইন্ধন যোগান ধৰা টেংকাৰ প্ৰেৰণ কৰাৰ উপৰি ৰণকৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ কিছু অঞ্চলত যুদ্ধৰ জাহাজবোৰে স্থান সলনি কৰিছে।

উল্লেখযোগ্য যে ইৰানৰ পাৰমাণৱিক ক্ষেত্ৰবোৰত আমেৰিকাৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে কৰা গুণাগঁথাৰ বাট মুকলি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত কৈছিল, 'বৰ্তমান ইৰানৰ -আকাশৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।'

অৱশ্যে চৰকাৰী বিষয়াই কয় যে আমেৰিকাৰ বিমান যোৱা মঙলবাৰে ইৰানৰ আকাশক্ষেত্ৰত প্ৰৱেশ কৰিছিল আৰু সেয়া আছিল প্ৰতিৰক্ষামূলক ইজৰাইলৰ বাবে ভাবুকি হোৱা ইৰানৰ মিছাইলক প্ৰতিৰোধ কৰা। উল্লেখযোগ্য যে যদিও সংখ্যাবোৰ গোপন, তথাপি জানিব পৰা মতে আমেৰিকাই ছৌডি আৰবত এক ডজন এফ-১৬ যুঁজাৰু বিমান নতুন স্থানত মোতায়েন কৰিছে আৰু আমেৰিকাৰ যুঁজাৰু বিমানে উক্ত অঞ্চলৰ আকাশত টহল দি আছে। আমেৰিকা-ব্রিটেইনৰ যুটীয়া সামৰিক ঘাটি থকা ডিয়েগ' গার্টিয়াত সাজু হৈ আছে বি-৫২ বোমাৰু বিমান। অৱশ্যে ৩০,০০০ পাউণ্ড 'বাংকাৰ বাষ্টাৰ' বোমা কঢিয়াব পৰা বি-২ ষ্টীল্থ বোমাৰু বিমান বর্তমান মোতায়েন কৰা নাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ