--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একাংশ চোৰাং ব্যবসায়ী তথা বনমাফিয়াৰ চকুত পৰিছে বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল।

ডিজিটেল ডেস্কঃ বনদস্যুৰ কবলত পৰিছে কাকৈজানা সংৰক্ষিত বনাঞ্চল। পৃথিৱীৰ একমাত্ৰ আপুৰুগীয়া সোণালী বান্দৰৰ ৰম্যভূমিত চলিছে অবাধ বনধ্বংস। একাংশ চোৰাং ব্যবসায়ী তথা বনমাফিয়াৰ চকুত পৰিছে বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল।


প্রতিক্রিয়া চোৰাং কাঠ সৰবৰাহ হৈ থকাত বনধ্বংসস্থলীত পৰিণত হৈছে বঙাইগাঁও জিলাৰ কাকৈজানা বনাঞ্চল। ৰাজ্যৰ অন্য বনাঞ্চলসমূহৰ দৰে অবাধ হাৰত বনধ্বংস চলাই আহিছে বনমাফিয়া চক্রই। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মূল্যৱান গছ বন ধ্বংস কৰি চলাথ কৰিছে একাংশই। বনাঞ্চলৰ ভিতৰত সাংবাদিকৰ কেমেৰাত বন্দী হৈছে গছ কাটি নিয়াৰ পাচত গছৰ মূৰা আৰু কাঠৰ কুন্দাসমূহৰ দৃশ্য।


বঙাইগাঁও জিলা আই ভেলী সংমণ্ডলৰ অন্তৰ্গত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে এনেদৰে বনধংস চলাই থকা বুলি অভিযোগ উঠিছে। লগতে সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ অতি দুর্গম অঞ্চলত এই বনধংস হোৱা বাবে সাধাৰণতে বন বিষয়া কিম্বা বনকর্মী কেতিয়াও এই অঞ্চলত নায়ায় বুলিও অভিযোগ উঠিছে। যাৰ ফলত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ মাজভাগত অতি দুর্গম অঞ্চলত দৈনিক চলিছে বনধ্বংস আৰু ট্ৰেক্টৰ বা সৰু ট্রাকৰে নিশা বহিৰলৈ উলিয়াই নিবলৈ সক্ষম হৈছে বনমাফিয়াসকলে। জিলাখনৰ বিভিন্ন কাঠৰ মিল তথা কাঠৰ দোকানত কাঠৰ কুন্দাসমূহ চালান হয় বুলি জানিব পৰা গৈছে।


ইপিনে উক্ত অঞ্চলত গছ কাটি দুষ্কৃতিকাৰীয়ে ৰোপণ কৰিছে তামোল গছ। সোণালী বান্দৰৰ বসতিস্থল কাকৈজানা সংৰক্ষিত বনাঞ্চলত এইদৰে দৈনিক বনধ্বংস চলাই থকাত বিপদত পৰিছে জীৱকুলবিধ। কাকৈজানা বনাঞ্চলত বন ধংস হোৱাৰ পাছৰ পৰা বিভিন্ন প্রকৃতিপ্রেমী সংগঠন, সচেতন ৰাইজে বিভাগক অভিযোগ প্রদান কৰিছে যদিও আজিলৈ কোনো কুন্দা গ্রহণ কৰা নাই বুলি অভিযোগ উঠিছে। ৰাজ্যৰ বন বিভাগ, বন মন্ত্ৰী আৰু বঙাইগাঁও জিলা প্রশাসনক বন ধ্বংসকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী উত্থাপন কৰিছে সচেতন ৰাইজে।


ইপিনে আজি সাংবাদিকৰ দলে উক্ত অঞ্চলত গৈ বাতৰি সংগ্ৰহ কৰাৰ পাছৰে পৰা হাহাকাৰ লাগিছে বন বিভাগত। এসপ্তাহৰ ভিতৰত বনধ্বংসকাৰী আৰু কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত তামোল বাগান গঢ়ি তোলা লোকৰ নাম সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনৰ পৰা নিৰ্দেশ দিয়ে অভয়াপুৰী সমজিলা আৰক্ষী অধীক্ষক আৰু অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক।


তদুপৰি বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই এক নির্দেশনা জাৰি কৰে। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বনধ্বংসৰ বাতৰিৰ পাছৰে পৰা বনধ্বংস তথা বেদখলস্থলীত উপস্থিত হয় বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক, সমজিলা আৰক্ষী অধীক্ষক অনুপজ্যোতি দাস, বন বিষয়া খনীন্দ্র কলিতাকে ধৰি আৰক্ষী তথা বন বিভাগৰ বৃহৎ দল। ইয়াৰ পাছতে বনকর্মীসকলে কাটি তহিলং কৰে অবৈধভাৱে ৰোপণ কৰা তামোল গছৰ বাগানসমূহ। জিলা আয়ুক্তই বন বিষয়াক সকলো তদন্ত কৰি প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ