--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মেচিনেৰে বিভিন্ন চৰাইৰ মাত দি আকৰ্ষিত কৰে বনৰীয়া চৰাইক।

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ লাহৰীঘাটত বনৰীয়া চৰাইৰ নিধন যজ্ঞ। প্ৰতি নিশা এটা চক্ৰই চলাই আহিছে বনৰীয়া চৰাইৰ নিধন যজ্ঞ। মেচিনেৰে বিভিন্ন চৰাইৰ মাত দি আকৰ্ষিত কৰে বনৰীয়া চৰাইক। মেচিনত অবিকল নিজ প্ৰজাতিৰ চৰাই মাত শুনিলে ওলাই আহে বনৰীয়া চৰাই। লগে লগে চোৰাং চিকাৰীৰ জালত বন্দী হয় নিৰীহ চৰাই।


ৰবিবাৰে নিশা লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাই সহ এটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গৰৈমাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ দূৰ্লভ প্ৰজাতিৰ চৰাই জব্দ কৰে। লগতে চোৰাং চিকাৰী এটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।


ইফালে আন্ধাৰৰ সুযোগ লৈ আন এটা চোৰাং চিকাৰী পানীত জঁপিয়াই পলায়ন কৰে। গ্ৰেপ্তাৰ হোৱা এই চোৰাং চিকাৰীটোৰ নাম ছাইদুল ইছলাম।


উল্লেখ্য যে দীৰ্ঘদিন ধৰি চিকাৰীটোৱে এটা বিশেষ মেচিনৰ জৰিয়তে চৰাইৰ মাত উলিয়াই কামচৰাই, শৰালি হাঁহ আদি বিভিন্ন বনৰীয়া চৰাই ধৰি বিক্ৰী কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ