--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে প্রতিদিনে ৫ গ্রাম নিমখ খাব লাগে যদিও নগৰাঞ্চলৰ লোকসকলে প্রতিদিনে গড়ে ৯
  • ২ গ্রাম আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৫
  • ৬ গ্রাম নিমখ সেৱন কৰে

ডিজিটেল ডেস্ক : ভাৰতত এতিয়া নীৰৱ ঘাতকৰ ৰূপ ল'বলৈ ধৰিছে নিমখে। ভাৰতীয় লোকসকলে বিশ্ব স্বাস্থ্য সংগঠনে বান্ধি দিয়া সীমাতকৈ অধিক নিমখ সেৱন কৰে।


এই বিষয়টোক লৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু নেশ্যনেল ইনষ্টিটিউট অব্ এপিডেমিয়'লজিৰ (আই চি এম আৰ-এন আই ই) চলোৱা এটা গৱেষণাৰ পৰা জানিব পৰা মতে, ভাৰতীয় লোকসকলে বিশ্ব স্বাস্থ্য সংগঠনে বান্ধি দিয়া সীমাতকৈ দৈনিক প্রায় দুগুণ নিমখ সেৱন কৰে।


বিশ্ব স্বাস্থ্য সংগঠনৰ মতে এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে প্রতিদিনে ৫ গ্রাম নিমখ খাব লাগে যদিও নগৰাঞ্চলৰ লোকসকলে প্রতিদিনে গড়ে ৯.২ গ্রাম আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৫.৬ গ্রাম নিমখ সেৱন কৰে। আই চি এম আৰ-এন আই ইৰ বিশেষজ্ঞই প্রকাশ কৰা ভাৰতীয় লোকসকলে মাত্রাধিক নিমখ সেৱন কৰাৰ অভ্যাসে এতিয়া 'চাইলেন্ট ছল্ট এপিডেমিক'ৰ ৰূপ লৈছে। ইয়াৰ ফলত লাহে লাহে লাখ লাখ লোক উচ্চ ৰক্তচাপ, হৃৎপিণ্ডৰ ৰোগ তথা ষ্ট্ৰ'কৰ দৰে গুৰুতৰ ৰোগত ভোগাৰ আশংকা সৃষ্টি কৰিছে। প্রতিষ্ঠান দুটাই প্ৰকাশ কৰা মতে, সময় থাকোঁতেই সতর্ক নহ'লে নিমখে মানুহৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ইফালে দেশখনত অধিক মাত্রাত নিমখ খোৱাৰ ফলত স্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে এতিয়া এক সমূহীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে জনসাধাৰণক নিমখ খোৱাটো কমোৱাত সহায় কৰা হৈছে। ইয়াৰ লগতে ছ'ডিয়াম কম মাত্রাত থকা নিমখ খোৱাৰো পৰামৰ্শ দিয়া হৈছে।


এন আই ইৰ ড° ছেৰন মুৰলীয়ে কয় যে ছ'ডিয়াম কম মাত্রাত থকা নিমখ ব্যৱহাৰ কৰি স্বাস্থ্যৰ বহুখিনি উন্নত কৰিব পাৰি। ইয়াৰ দ্বাৰা ৰক্তচাপ প্রায় ৭/৪এম এম এইচ জি কম কৰিব পাৰি। ছ'ডিয়াম কম মাত্ৰাত থকা নিমখ ব্যৱহাৰ কৰিলে ৰক্তচাপ কমোৱাৰ লগতে হৃৎপিণ্ডকো শক্তিশালী কৰিব পাৰি। এন আই ইয়ে তেলেংগানা আৰু পঞ্জাবত নিমখ কম ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰিবলৈ পঞ্জাব আৰু তেলেংগানাত অভিযানো আৰম্ভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ