--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে প্রতিদিনে ৫ গ্রাম নিমখ খাব লাগে যদিও নগৰাঞ্চলৰ লোকসকলে প্রতিদিনে গড়ে ৯
  • ২ গ্রাম আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৫
  • ৬ গ্রাম নিমখ সেৱন কৰে

ডিজিটেল ডেস্ক : ভাৰতত এতিয়া নীৰৱ ঘাতকৰ ৰূপ ল'বলৈ ধৰিছে নিমখে। ভাৰতীয় লোকসকলে বিশ্ব স্বাস্থ্য সংগঠনে বান্ধি দিয়া সীমাতকৈ অধিক নিমখ সেৱন কৰে।

এই বিষয়টোক লৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু নেশ্যনেল ইনষ্টিটিউট অব্ এপিডেমিয়'লজিৰ (আই চি এম আৰ-এন আই ই) চলোৱা এটা গৱেষণাৰ পৰা জানিব পৰা মতে, ভাৰতীয় লোকসকলে বিশ্ব স্বাস্থ্য সংগঠনে বান্ধি দিয়া সীমাতকৈ দৈনিক প্রায় দুগুণ নিমখ সেৱন কৰে।

বিশ্ব স্বাস্থ্য সংগঠনৰ মতে এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে প্রতিদিনে ৫ গ্রাম নিমখ খাব লাগে যদিও নগৰাঞ্চলৰ লোকসকলে প্রতিদিনে গড়ে ৯.২ গ্রাম আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৫.৬ গ্রাম নিমখ সেৱন কৰে। আই চি এম আৰ-এন আই ইৰ বিশেষজ্ঞই প্রকাশ কৰা ভাৰতীয় লোকসকলে মাত্রাধিক নিমখ সেৱন কৰাৰ অভ্যাসে এতিয়া 'চাইলেন্ট ছল্ট এপিডেমিক'ৰ ৰূপ লৈছে। ইয়াৰ ফলত লাহে লাহে লাখ লাখ লোক উচ্চ ৰক্তচাপ, হৃৎপিণ্ডৰ ৰোগ তথা ষ্ট্ৰ'কৰ দৰে গুৰুতৰ ৰোগত ভোগাৰ আশংকা সৃষ্টি কৰিছে। প্রতিষ্ঠান দুটাই প্ৰকাশ কৰা মতে, সময় থাকোঁতেই সতর্ক নহ'লে নিমখে মানুহৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ইফালে দেশখনত অধিক মাত্রাত নিমখ খোৱাৰ ফলত স্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে এতিয়া এক সমূহীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে জনসাধাৰণক নিমখ খোৱাটো কমোৱাত সহায় কৰা হৈছে। ইয়াৰ লগতে ছ'ডিয়াম কম মাত্রাত থকা নিমখ খোৱাৰো পৰামৰ্শ দিয়া হৈছে।

এন আই ইৰ ড° ছেৰন মুৰলীয়ে কয় যে ছ'ডিয়াম কম মাত্রাত থকা নিমখ ব্যৱহাৰ কৰি স্বাস্থ্যৰ বহুখিনি উন্নত কৰিব পাৰি। ইয়াৰ দ্বাৰা ৰক্তচাপ প্রায় ৭/৪এম এম এইচ জি কম কৰিব পাৰি। ছ'ডিয়াম কম মাত্ৰাত থকা নিমখ ব্যৱহাৰ কৰিলে ৰক্তচাপ কমোৱাৰ লগতে হৃৎপিণ্ডকো শক্তিশালী কৰিব পাৰি। এন আই ইয়ে তেলেংগানা আৰু পঞ্জাবত নিমখ কম ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰিবলৈ পঞ্জাব আৰু তেলেংগানাত অভিযানো আৰম্ভ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ