--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এনে পৰিস্থিতিত বহু ভাৰতীয় ছাত্রই ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি গৈছে। কিন্তু যোৱাক লৈও সমস্যাৰ সৃষ্টি হৈছে। কাঠমাণ্ডু স্কুল অব মেডিকেল ছায়েন্সত এম বি বি এছ পঢ়ি থকা ছাত্ৰগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষানুষ্ঠান এটা সপ্তাহৰ বাবে বন্ধ দিছে।

ডিজিটেল ডেস্কঃ 'নেপালৰ পৰিৱেশ অত্যন্ত ভয়াৱহ। এতিয়া নেপাললৈ নাযাব।' নেপালত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ আনিনুল ইছলামে এই কথা প্রকাশ কৰিছে। গোৱালপাৰাৰ ছাত্ৰগৰাকীয়ে প্রকাশ কৰা মতে, সোমবাৰৰ দিনটো অত্যন্ত ভয়ংকৰ আছিল। ৰাজপথলৈ লাখ লাখ লোক ওলাই আহিছিল। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল। 


তেওঁ কয় যে এনে পৰিস্থিতিত বহু ভাৰতীয় ছাত্রই ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি গৈছে। কিন্তু যোৱাক লৈও সমস্যাৰ সৃষ্টি হৈছে। কাঠমাণ্ডু স্কুল অব মেডিকেল ছায়েন্সত এম বি বি এছ পঢ়ি থকা ছাত্ৰগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষানুষ্ঠান এটা সপ্তাহৰ বাবে বন্ধ দিছে।


আনকি মঙলবাৰে নিশা আমাৰ কাষতে থকা জে'লখনৰ কয়দী পলাই যোৱাৰ লগতে মেয়ৰৰ ঘৰটোও জ্বলাই দিয়ে। 


উল্লেখযোগ্য যে কাঠমাণ্ডুত অসমৰ শতাধিক ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছে। দেশখনত সৃষ্টি হোৱা পৰিস্থিতিয়ে উক্ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালকো চিন্তিত কৰি তুলিছে। 


ইফালে বুধবাৰে বহুসংখ্যক ছাত্র-ছাত্রীয়ে ভাৰতলৈ ঘূৰি অহাৰ বাবে চেষ্টা চলায় যদিও এতিয়াও তেওঁলোক ভাৰতলৈ ঘূৰি আহিব পৰা নাই। 


আনহাতে শিলিগুৰিৰ সমীপত থকা নেপালৰ কাকৰভিটালৈ চকু চিকিৎসাৰ বাবে যোৱা অসমৰ লোকসকলো দেশখনত দেখা দিয়া অভাৱনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে। 


অৱশ্যে কাকৰভিটাত এতিয়ালৈকে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ