--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এনে পৰিস্থিতিত বহু ভাৰতীয় ছাত্রই ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি গৈছে। কিন্তু যোৱাক লৈও সমস্যাৰ সৃষ্টি হৈছে। কাঠমাণ্ডু স্কুল অব মেডিকেল ছায়েন্সত এম বি বি এছ পঢ়ি থকা ছাত্ৰগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষানুষ্ঠান এটা সপ্তাহৰ বাবে বন্ধ দিছে।

ডিজিটেল ডেস্কঃ 'নেপালৰ পৰিৱেশ অত্যন্ত ভয়াৱহ। এতিয়া নেপাললৈ নাযাব।' নেপালত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ আনিনুল ইছলামে এই কথা প্রকাশ কৰিছে। গোৱালপাৰাৰ ছাত্ৰগৰাকীয়ে প্রকাশ কৰা মতে, সোমবাৰৰ দিনটো অত্যন্ত ভয়ংকৰ আছিল। ৰাজপথলৈ লাখ লাখ লোক ওলাই আহিছিল। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল। 


তেওঁ কয় যে এনে পৰিস্থিতিত বহু ভাৰতীয় ছাত্রই ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি গৈছে। কিন্তু যোৱাক লৈও সমস্যাৰ সৃষ্টি হৈছে। কাঠমাণ্ডু স্কুল অব মেডিকেল ছায়েন্সত এম বি বি এছ পঢ়ি থকা ছাত্ৰগৰাকীয়ে লগতে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শিক্ষানুষ্ঠান এটা সপ্তাহৰ বাবে বন্ধ দিছে।


আনকি মঙলবাৰে নিশা আমাৰ কাষতে থকা জে'লখনৰ কয়দী পলাই যোৱাৰ লগতে মেয়ৰৰ ঘৰটোও জ্বলাই দিয়ে। 


উল্লেখযোগ্য যে কাঠমাণ্ডুত অসমৰ শতাধিক ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছে। দেশখনত সৃষ্টি হোৱা পৰিস্থিতিয়ে উক্ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালকো চিন্তিত কৰি তুলিছে। 


ইফালে বুধবাৰে বহুসংখ্যক ছাত্র-ছাত্রীয়ে ভাৰতলৈ ঘূৰি অহাৰ বাবে চেষ্টা চলায় যদিও এতিয়াও তেওঁলোক ভাৰতলৈ ঘূৰি আহিব পৰা নাই। 


আনহাতে শিলিগুৰিৰ সমীপত থকা নেপালৰ কাকৰভিটালৈ চকু চিকিৎসাৰ বাবে যোৱা অসমৰ লোকসকলো দেশখনত দেখা দিয়া অভাৱনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে। 


অৱশ্যে কাকৰভিটাত এতিয়ালৈকে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ