--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানে ইজৰাইললৈ ৩০টা মিছাইল নিক্ষেপ কৰে। ইয়াৰে ১টা মিছাইলে বীৰশ্বেবাত থকা দক্ষিণ ইজৰাইলৰ প্ৰধান চিকিৎসালয় ছ'ৰ'কা মেডিকেল চেণ্টাৰত আঘাত কৰি বিস্তৰ ক্ষতিসাধন কৰে। ইৰানে চিকিৎসালয়ত কৰা এই আক্ৰমণত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ এধানম ঘেব্রেয়েছাছে শোকাবহ আখ্যা দিয়ে।

ডিজিটেল ডেস্কঃ ইজৰাইল-ইৰানৰ মাজৰ যুদ্ধখন ক্রমান্বয়ে অধিক ভয়াৱহ হৈ গৈ আছে। যুদ্ধৰ সপ্তম দিনা ইৰানে বৃহস্পতিবাৰে পুৱা ইজৰাইলৰ ৰাজধানী টেল আভিভ, বীৰশ্বেবা, ৰামাট গান আৰু হ'ল'নত মিছাইলেৰে আক্ৰমণ কৰে।


 ইৰানে ইজৰাইললৈ ৩০টা মিছাইল নিক্ষেপ কৰে। ইয়াৰে ১টা মিছাইলে বীৰশ্বেবাত থকা দক্ষিণ ইজৰাইলৰ প্ৰধান চিকিৎসালয় ছ'ৰ'কা মেডিকেল চেণ্টাৰত আঘাত কৰি বিস্তৰ ক্ষতিসাধন কৰে। ইৰানে চিকিৎসালয়ত কৰা এই আক্ৰমণত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ এধানম ঘেব্রেয়েছাছে শোকাবহ আখ্যা দিয়ে।


 ইফালে বৃহস্পতিবাৰে ইৰানে নিক্ষেপ কৰা আন কিছু মিছাইলে টেল আভিভৰ ইজৰাইলী ষ্টক এক্সচেঞ্জকে ধৰি উচ্চ অট্টালিকা আৰু মধ্য ইজৰাইলৰ কিছু স্থানত আঘাত কৰে। এই আক্রমণসমূহত ২৪০জন লোক আহত হয়। তাৰে চাৰিজনৰ অৱস্থা গুৰুতৰ। ইফালে ইজৰাইলেও ইৰানৰ আৰাক হেভী ৱাটাৰ ৰিয়েক্টৰত আক্ৰমণ কৰে। উক্ত আক্ৰমণৰ আগতে ইজৰাইলে ইৰানৰ আৰাক আৰু খোণ্ডৱ মহানগৰৰ লোকক মহানগৰ দুখন খালী কৰিবলৈ সকীয়নি দিয়ে। ইফালে ইৰানৰ ৰাষ্ট্ৰীয় টেলিভিছনে জনায় যে আক্রমণ হোৱাৰ আগতেই আৰাকৰ প্রকল্প খালী কৰা হৈছিল আৰু ইয়াত তেজষ্ক্রিয়তাৰ কোনো বিপদ নাই।


আনহাতে ইজৰাইলে বৃহস্পতিবাৰে ইৰানৰ নাটাঞ্জ, ইছফাহান আৰু আৰাকৰ পাৰমাণৱিক প্রকল্পতো আক্রমণ কৰে। বাতৰি মতে বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ ইজৰাইলী বায়ু সেনা বাহিনীয়ে ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনি, মিছাইল উৎপাদন কেন্দ্ৰ আৰু এয়াৰ ডিফেন্স ছিষ্টেমক লক্ষ্য কৰি ৪০খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে। এই বিমানকেইখনে শতাধিক বোমা নিক্ষেপ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ