--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানে ইজৰাইললৈ ৩০টা মিছাইল নিক্ষেপ কৰে। ইয়াৰে ১টা মিছাইলে বীৰশ্বেবাত থকা দক্ষিণ ইজৰাইলৰ প্ৰধান চিকিৎসালয় ছ'ৰ'কা মেডিকেল চেণ্টাৰত আঘাত কৰি বিস্তৰ ক্ষতিসাধন কৰে। ইৰানে চিকিৎসালয়ত কৰা এই আক্ৰমণত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ এধানম ঘেব্রেয়েছাছে শোকাবহ আখ্যা দিয়ে।

ডিজিটেল ডেস্কঃ ইজৰাইল-ইৰানৰ মাজৰ যুদ্ধখন ক্রমান্বয়ে অধিক ভয়াৱহ হৈ গৈ আছে। যুদ্ধৰ সপ্তম দিনা ইৰানে বৃহস্পতিবাৰে পুৱা ইজৰাইলৰ ৰাজধানী টেল আভিভ, বীৰশ্বেবা, ৰামাট গান আৰু হ'ল'নত মিছাইলেৰে আক্ৰমণ কৰে।

 ইৰানে ইজৰাইললৈ ৩০টা মিছাইল নিক্ষেপ কৰে। ইয়াৰে ১টা মিছাইলে বীৰশ্বেবাত থকা দক্ষিণ ইজৰাইলৰ প্ৰধান চিকিৎসালয় ছ'ৰ'কা মেডিকেল চেণ্টাৰত আঘাত কৰি বিস্তৰ ক্ষতিসাধন কৰে। ইৰানে চিকিৎসালয়ত কৰা এই আক্ৰমণত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ এধানম ঘেব্রেয়েছাছে শোকাবহ আখ্যা দিয়ে।

 ইফালে বৃহস্পতিবাৰে ইৰানে নিক্ষেপ কৰা আন কিছু মিছাইলে টেল আভিভৰ ইজৰাইলী ষ্টক এক্সচেঞ্জকে ধৰি উচ্চ অট্টালিকা আৰু মধ্য ইজৰাইলৰ কিছু স্থানত আঘাত কৰে। এই আক্রমণসমূহত ২৪০জন লোক আহত হয়। তাৰে চাৰিজনৰ অৱস্থা গুৰুতৰ। ইফালে ইজৰাইলেও ইৰানৰ আৰাক হেভী ৱাটাৰ ৰিয়েক্টৰত আক্ৰমণ কৰে। উক্ত আক্ৰমণৰ আগতে ইজৰাইলে ইৰানৰ আৰাক আৰু খোণ্ডৱ মহানগৰৰ লোকক মহানগৰ দুখন খালী কৰিবলৈ সকীয়নি দিয়ে। ইফালে ইৰানৰ ৰাষ্ট্ৰীয় টেলিভিছনে জনায় যে আক্রমণ হোৱাৰ আগতেই আৰাকৰ প্রকল্প খালী কৰা হৈছিল আৰু ইয়াত তেজষ্ক্রিয়তাৰ কোনো বিপদ নাই।

আনহাতে ইজৰাইলে বৃহস্পতিবাৰে ইৰানৰ নাটাঞ্জ, ইছফাহান আৰু আৰাকৰ পাৰমাণৱিক প্রকল্পতো আক্রমণ কৰে। বাতৰি মতে বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ ইজৰাইলী বায়ু সেনা বাহিনীয়ে ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনি, মিছাইল উৎপাদন কেন্দ্ৰ আৰু এয়াৰ ডিফেন্স ছিষ্টেমক লক্ষ্য কৰি ৪০খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে। এই বিমানকেইখনে শতাধিক বোমা নিক্ষেপ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ