--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধোঁৱা আৰু জুইৰ শিখা দেখি স্থানীয় অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হৈছিল। চুবুৰীয়াই নিজৰ জীৱনকো তুচ্ছ কৰি জুই নিৰ্বাপন কৰিছিল যদিও তেতিয়ালৈকে স্নেহা ৮০ শতাংশ জ্বলি গৈছিল।

ডিজিটেল ডেস্কঃ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নাযাওতেই এগৰাকীয়ে বোৱাৰীয়ে ললে চৰম সিদ্ধান্ত। ঝাৰখণ্ডৰ জমছেদপুৰৰ আজাদ নগৰ থানা এলেকাৰ পুৰণি পুৰুলীয়া পথত অৱস্থিত চাণক্যপুৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

ইয়াতে ২৪ বছৰীয়া স্নেহা কুমাৰীয়ে নিজৰ ভাড়াঘৰত পেট্ৰল ঢালি নিজকে জুই লগাই দিলে। ধোঁৱা আৰু জুইৰ শিখা দেখি স্থানীয় অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হৈছিল। চুবুৰীয়াই নিজৰ জীৱনকো তুচ্ছ কৰি জুই নিৰ্বাপন কৰিছিল যদিও তেতিয়ালৈকে স্নেহা ৮০ শতাংশ জ্বলি গৈছিল।

স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক এম জি এম হাস্পতাললৈ লৈ যায়। সংকটজনক অৱস্থা দেখি চিকিৎসকে লগে লগে টি এম এইচলৈ প্ৰেৰণ কৰে। কিন্তু বাটতে স্নেহাৰ মৃত্যু হয়। ধনবাদৰ বাসিন্দা আছিল স্নেহা। প্ৰায় ছমাহ আগতে শুভম সিং নামৰ এজন যুৱকৰ লগত তেওঁৰ প্ৰেম বিবাহ হৈছিল। এই হৃদয় বিদাৰক ঘটনাৰ সময়ত তেওঁ কৰ্মসূত্ৰে ৰাঁচীত আছিল।

এজন চুবুৰীয়াৰ মতে, ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত সঘনাই তৰ্ক-বিতৰ্ক হৈছিল। এই উত্তেজনাৰ মাজতে স্নেহাই এই ভয়ংকৰ পদক্ষেপ ল’লে। গভীৰ নিশা পেট্ৰল ছটিয়াই নিজকে জুই লগাই দিলে। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰি আশে-পাশে থকা লোকসকলক সোধা-পোছা কৰে।

বৰ্তমান স্নেহাই কিয় আত্মহত্যা কৰিলে সেয়া স্পষ্ট হোৱা নাই। স্বামী শুভম সিঙক খবৰ দিয়া হৈছে। ৰাঁচীৰ পৰা জামছেদপুৰলৈ তেওঁ উভতি আহিছে। এই ঘটনাত মানুহ স্তম্ভিত হৈ পৰিছে। ঘৰৰ মালিক বিনোদ পাণ্ডেই কয় যে ৰাতি কোনো বিবাদ শুনা নাছিলোঁ। ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি মানুহে দৌৰি গৈ দুৱাৰ ভাঙি পেলালে।জুইকুৰা ইমানেই প্ৰচণ্ড আছিল যে ওচৰলৈ যোৱাটো মানুহৰ বাবে টান হৈ পৰিছিল।

বিয়াৰ মাত্ৰ ৬ মাহ পাছতেই স্নেহা কুমাৰীয়ে কিয় মৃত্যুক সাবটি ললে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ