--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধোঁৱা আৰু জুইৰ শিখা দেখি স্থানীয় অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হৈছিল। চুবুৰীয়াই নিজৰ জীৱনকো তুচ্ছ কৰি জুই নিৰ্বাপন কৰিছিল যদিও তেতিয়ালৈকে স্নেহা ৮০ শতাংশ জ্বলি গৈছিল।

ডিজিটেল ডেস্কঃ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নাযাওতেই এগৰাকীয়ে বোৱাৰীয়ে ললে চৰম সিদ্ধান্ত। ঝাৰখণ্ডৰ জমছেদপুৰৰ আজাদ নগৰ থানা এলেকাৰ পুৰণি পুৰুলীয়া পথত অৱস্থিত চাণক্যপুৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।


ইয়াতে ২৪ বছৰীয়া স্নেহা কুমাৰীয়ে নিজৰ ভাড়াঘৰত পেট্ৰল ঢালি নিজকে জুই লগাই দিলে। ধোঁৱা আৰু জুইৰ শিখা দেখি স্থানীয় অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হৈছিল। চুবুৰীয়াই নিজৰ জীৱনকো তুচ্ছ কৰি জুই নিৰ্বাপন কৰিছিল যদিও তেতিয়ালৈকে স্নেহা ৮০ শতাংশ জ্বলি গৈছিল।


স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক এম জি এম হাস্পতাললৈ লৈ যায়। সংকটজনক অৱস্থা দেখি চিকিৎসকে লগে লগে টি এম এইচলৈ প্ৰেৰণ কৰে। কিন্তু বাটতে স্নেহাৰ মৃত্যু হয়। ধনবাদৰ বাসিন্দা আছিল স্নেহা। প্ৰায় ছমাহ আগতে শুভম সিং নামৰ এজন যুৱকৰ লগত তেওঁৰ প্ৰেম বিবাহ হৈছিল। এই হৃদয় বিদাৰক ঘটনাৰ সময়ত তেওঁ কৰ্মসূত্ৰে ৰাঁচীত আছিল।


এজন চুবুৰীয়াৰ মতে, ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত সঘনাই তৰ্ক-বিতৰ্ক হৈছিল। এই উত্তেজনাৰ মাজতে স্নেহাই এই ভয়ংকৰ পদক্ষেপ ল’লে। গভীৰ নিশা পেট্ৰল ছটিয়াই নিজকে জুই লগাই দিলে। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰি আশে-পাশে থকা লোকসকলক সোধা-পোছা কৰে।


বৰ্তমান স্নেহাই কিয় আত্মহত্যা কৰিলে সেয়া স্পষ্ট হোৱা নাই। স্বামী শুভম সিঙক খবৰ দিয়া হৈছে। ৰাঁচীৰ পৰা জামছেদপুৰলৈ তেওঁ উভতি আহিছে। এই ঘটনাত মানুহ স্তম্ভিত হৈ পৰিছে। ঘৰৰ মালিক বিনোদ পাণ্ডেই কয় যে ৰাতি কোনো বিবাদ শুনা নাছিলোঁ। ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি মানুহে দৌৰি গৈ দুৱাৰ ভাঙি পেলালে।জুইকুৰা ইমানেই প্ৰচণ্ড আছিল যে ওচৰলৈ যোৱাটো মানুহৰ বাবে টান হৈ পৰিছিল।


বিয়াৰ মাত্ৰ ৬ মাহ পাছতেই স্নেহা কুমাৰীয়ে কিয় মৃত্যুক সাবটি ললে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ