--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে বাংলাদেশত এটা মুক্ত, স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব দিব বুলি বৈদেশিক পৰিক্রমা ম্যালয়ে স্পষ্ট কৰে।

ডিজিটেল ডেস্ক : বাংলাদেশৰ মহম্মদ ইউনুছৰ নেতৃত্বাধীন চৰকাৰখনে বুধবাৰে অভিযোগ আনিছিল যে ভাৰতৰ নতুন দিল্লী আৰু কলকাতাত দেশখনত নিষিদ্ধ শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগৰ সদস্যসকলে ৰাজনৈতিক কৰ্মৰাজি চলাই আছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছিল বাংলাদেশে।


ইয়াৰ পাছতে বৃহস্পতিবাৰে নতুন দিল্লীয়ে এই অভিযোগৰ প্ৰত্যুত্তৰত কয় যে ভাৰতীয় ভূমিত শ্বেখ হাছিনাৰ আৱামী লীগৰ সদস্যই বাংলাদেশ-বিৰোধী কার্যকলাপ চলাই থকাৰ বিষয়টোৰ সন্দৰ্ভত জ্ঞাত নহয় ভাৰত চৰকাৰ। দিল্লী আৰু কলকাতাত আৱামী লীগৰ কার্যালয় আছে বুলি বাংলাদেশে অনা অভিযোগ খণ্ডন কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে কয় যে ভাৰতীয় ভূমিৰ পৰা আন দেশৰ বিৰুদ্ধে কৰ্মৰাজি চলোৱাৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও অনুমতি নিদিয়ে আৰু এনেধৰণৰ কাৰ্যক ভাৰতে প্রশ্রয়ো নিদিয়ে।


ভাৰতে বাংলাদেশত এটা মুক্ত, স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব দিব বুলি বৈদেশিক পৰিক্রমা ম্যালয়ে স্পষ্ট কৰে। আনহাতে, বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰে শুকুৰবাৰে দেশখনৰ সংবাদ মাধ্যমবোৰক সকীয়াই দিয়ে যে ক্ষমতাচ্যুত তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনা আৰু তেওঁৰ দল আৱামী লীগৰ বিষয়ে কোনো ধৰণৰ বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিব নোৱাৰিব।


যদি কোনো সংবাদ মাধ্যমে আৱামী লীগৰ নেতাৰ ভাষ্য বা বিবৃতি প্রকাশ কৰে, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব বুলি সতৰ্ক কৰি দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ