--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰে উত্তৰদাতাক (ৰেছপণ্ডেণ্ট) তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছিল।

ডিজিটেল ডেস্ক : ইণ্ডিয়া টুডে আৰু চি ভোটাৰে কৰা শেহতীয়া 'মুড অব দ্য নেশ্যন' সমীক্ষাত উজলি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা।

জুলাই-আগষ্টত কৰা এই সমীক্ষা মতে ভাৰতৰ বৃহৎ ৰাজ্যবোৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা হৈছে শ্রেষ্ঠ কর্মদক্ষ (বেষ্ট পাৰফৰমিং) মুখ্যমন্ত্রী।

এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰে উত্তৰদাতাক (ৰেছপণ্ডেণ্ট) তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছিল।

এনে সমীক্ষাত পোৱা গ'ল যে ১০টাতকৈ বেছি লোক সভা সমষ্টি থকা ৰাজ্যবোৰৰ ভিতৰত কৰ্মদক্ষতাৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমীয়া উত্তৰদাতাসকলৰ ভিতৰত ৪৪.৬ শতাংশই ড° শৰ্মাৰ চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্রকাশ কৰে। ইয়াৰ ফলত শৰ্মা হৈ পৰে ভাৰতৰ বৃহৎ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শ্রেষ্ঠ কর্মদক্ষ মুখ্যমন্ত্রী। শৰ্মাৰ পাছতে আছে ছট্টিশগড়ৰ বিষ্ণু দেৱ সাই আৰু ঝাৰখণ্ডৰ হেমন্ত ছোৰেন (৪১.৯ শতাংশ)।

৪০.৭ শতাংশৰে তৃতীয় স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেল। আনহাতে ৪০.৪ শতাংশৰে চতুৰ্থ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ। অৱশ্যে এই তালিকাত অসমৰ মুখ্যমন্ত্রী শর্মা শীর্ষত থাকিলেও ২০২৫ চনৰ ফেব্ৰুৱাৰীত শৰ্মাৰ প্ৰতি থকা সন্তুষ্টিৰ হাৰ ৫৫ শতাংশৰ পৰা এই আগষ্টত ৪৪.৬ শতাংশলৈ হ্রাস পালে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ