--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি জাপান ভ্ৰমণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অৱ অনাৰেৰে সন্মানিত কৰা হয়।

ডিজিটেল ডেস্কঃ কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি যেতিয়া বিদেশ ভ্ৰমণলৈ যায় তেতিয়া তেওঁ কেৱল এজন ব্যক্তি নহয়। তেওঁ নিজৰ দেশৰ প্ৰতিনিধি হিচাপে যায়। এনে পৰিস্থিতিত আন দেশৰ জনসাধাৰণে তেওঁক অতি বিশেষ ধৰণে আদৰি লয়, যাতে তেওঁলোকে সেই দেশ আৰু সেই নেতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰে।

এই সন্মানৰ এক অংশ হ’ল গাৰ্ড অৱ অনাৰ। কেৱল আনুষ্ঠানিক অনুষ্ঠান নহয়, ই অতিথিৰ প্ৰতি সন্মান, বিশ্বাস আৰু দুয়োখন দেশৰ সম্পৰ্কৰ গভীৰতাৰ প্ৰতীক।

আজি জাপান ভ্ৰমণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অৱ অনাৰেৰে সন্মানিত কৰা হয়।

গাৰ্ড অৱ অনাৰ কি?

গাৰ্ড অৱ অনাৰ হৈছে সামৰিক পৰম্পৰা, য’ত এখন দেশৰ সেনাই শাৰী পাতি থিয় হৈ বিশেষ অতিথিক চেলুট দিয়ে। এই সময়ত জোৱানসকল নিজৰ ইউনিফৰ্ম পিন্ধি আৰু অস্ত্ৰ-শস্ত্ৰ লৈ থাকে। সামৰিক বেণ্ডে জাতীয় সংগীত বা আদৰণি সংগীত বজায়। বিশেষ অতিথি অৰ্থাৎ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে জোৱানক পৰিদৰ্শন কৰে। এই কাৰ্যসূচী অতি অনুশাসিত, আনুষ্ঠানিক আৰু প্ৰতীকী। ইয়াৰ উপৰিও জোৱানসকলৰ সাহস আৰু দেশৰ সামৰিক শক্তিৰ পৰিচয় দিয়ে।

জাপানত গাৰ্ড অৱ অনাৰৰ অৰ্থ কি?

জাপানৰ সেনাবাহিনীক আত্মৰক্ষা বাহিনী (JSDF) বুলি কোৱা হয়, কাৰণ জাপানৰ নীতি হৈছে শান্তি বজাই ৰখা আৰু আক্ৰমণ নকৰা। ইয়াৰ বাবেই জাপানত গাৰ্ড অৱ অনাৰ কেৱল সামৰিক শক্তি প্ৰদৰ্শনৰ বাবেই নহয়, কূটনৈতিক সন্মান দেখুৱাবলৈ, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু বিশেষ অতিথিক সন্মান কৰিবলৈ এই কাম কৰা হয়। এই অনুষ্ঠান সাধাৰণতে আকাছাকা প্ৰাসাদ বা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।

জাপানত কাক গাৰ্ড অৱ অনাৰ দিয়া হয়?

জাপানত গাৰ্ড অৱ অনাৰ কেৱল কিছুমান বিশেষ ব্যক্তিকহে দিয়া হয়। ইয়াক বিদেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী, যেনে ভাৰতৰ প্ৰধানমন্ত্ৰী, আমেৰিকাৰ ৰাষ্ট্ৰপতি আদিৰ লগতে ৰাষ্ট্ৰসংঘ বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ উচ্চপদস্থ বিষয়াক বিশেষ অনুষ্ঠানত জাপানৰ সম্ৰাট বা ৰাজপৰিয়ালৰ কোনো সদস্যক বা শ্বহীদ সৈনিকক তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ