--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাজিয়াবাদৰ নন্দগ্ৰাম থানা এলেকাৰ মাষ্টাৰ কলনীৰ বাসিন্দা ৰামবীৰ সিং গোলাই যোৱা ৭ ছেপ্টেম্বৰত ৫৫ বছৰীয়া পত্নী ৰাজেশ গোলাৰ সৈতে পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।

ডিজিটেল ডেস্কঃ নেপালত অৰাজক পৰিস্থিতি হোৱাৰ পাছতেই মহাসংকটত পৰিছে বহু ভাৰতীয়। নেপালত সংঘটিত হৈছে অতি কৰুণ ঘটনা। নেপাললৈ গৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এক দম্পতীৰ জীৱনলৈ নামি আহিল কাল অমানিশা।


নেপালৰ পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গাজিয়াবাদৰ পৰা গৈছিল এহাল পতি-পত্নী। কাঠমাণ্ডুৰ এখন হোটেলত থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে হোটেলখনত জুই লগাই দিয়ে, তাৰ পিছত তেওঁলোকে চতুৰ্থ মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে। এই ঘটনাত মহিলাগৰাকীয়ে মৃত্যুক সাবটি লয়।


গাজিয়াবাদৰ নন্দগ্ৰাম থানা এলেকাৰ মাষ্টাৰ কলনীৰ বাসিন্দা ৰামবীৰ সিং গোলাই যোৱা ৭ ছেপ্টেম্বৰত ৫৫ বছৰীয়া পত্নী ৰাজেশ গোলাৰ সৈতে পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। বুধবাৰে এই দম্পতীৰ পুত্ৰই তথ্য লাভ কৰে যে তেওঁৰ মাতৃ এই পৃথিৱীত আৰু নাই।


পশুপতিনাথ মন্দিৰ দৰ্শন কৰাৰ পিছত স্বামী-স্ত্ৰীয়ে কাঠমাণ্ডুৰ হায়াট ৰেচিডেন্সিত থাকিবলৈ আহিছিল। দিনৰ প্ৰায় ১১:৩০ বজাত দুস্কৃতিকাৰীয়ে হোটেলখনত জুই লগাই দিয়ে। হোটেলখনক জুইয়ে আগুৰি ধৰা দেখি দুয়ো নিজৰ জীৱন ৰক্ষাৰ প্ৰয়াসত চতুৰ্থ মহলাৰ পৰা জঁপিয়াই দিয়ে।


বুধবাৰে নেপালৰ পৰা ৰামবীৰ সিঙৰ পুত্ৰ বিশাললৈ ফোন আহিছিল যে চিকিৎসাৰ সময়ত তেওঁৰ মাতৃৰ মৃত্যু হৈছে। আনহাতে, দুদিন পিছত আহত অৱস্থাত পিতৃ ৰামবীৰ সিং গোলাক সাহায্য শিবিৰত উদ্ধাৰ কৰা হয়। মৃতদেহ সংগ্ৰহ কৰিবলৈ ভাৰত-নেপাল সীমান্তৰ সোণাউলিলৈ অহা ৰাজেশ গোলাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মাতৃগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো উপযুক্ত চিকিৎসা নকৰিলে, যাৰ বাবে তেওঁৰ মৃত্যু হয়। ভাৰতীয় দূতাবাসৰ সহায়ত বৃহস্পতিবাৰে সন্ধিয়া মৃতদেহটো সোণৌলীত উপস্থিত হৈ পৰিয়ালটোক গতাই দিয়া হয়। ইয়াৰ পিছত মৃতদেহ লৈ গাজিয়াবাদলৈ ৰাওনা হয় পৰিয়ালটো।


এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ