--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাজিয়াবাদৰ নন্দগ্ৰাম থানা এলেকাৰ মাষ্টাৰ কলনীৰ বাসিন্দা ৰামবীৰ সিং গোলাই যোৱা ৭ ছেপ্টেম্বৰত ৫৫ বছৰীয়া পত্নী ৰাজেশ গোলাৰ সৈতে পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।

ডিজিটেল ডেস্কঃ নেপালত অৰাজক পৰিস্থিতি হোৱাৰ পাছতেই মহাসংকটত পৰিছে বহু ভাৰতীয়। নেপালত সংঘটিত হৈছে অতি কৰুণ ঘটনা। নেপাললৈ গৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এক দম্পতীৰ জীৱনলৈ নামি আহিল কাল অমানিশা।

নেপালৰ পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গাজিয়াবাদৰ পৰা গৈছিল এহাল পতি-পত্নী। কাঠমাণ্ডুৰ এখন হোটেলত থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে হোটেলখনত জুই লগাই দিয়ে, তাৰ পিছত তেওঁলোকে চতুৰ্থ মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে। এই ঘটনাত মহিলাগৰাকীয়ে মৃত্যুক সাবটি লয়।

গাজিয়াবাদৰ নন্দগ্ৰাম থানা এলেকাৰ মাষ্টাৰ কলনীৰ বাসিন্দা ৰামবীৰ সিং গোলাই যোৱা ৭ ছেপ্টেম্বৰত ৫৫ বছৰীয়া পত্নী ৰাজেশ গোলাৰ সৈতে পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল। বুধবাৰে এই দম্পতীৰ পুত্ৰই তথ্য লাভ কৰে যে তেওঁৰ মাতৃ এই পৃথিৱীত আৰু নাই।

পশুপতিনাথ মন্দিৰ দৰ্শন কৰাৰ পিছত স্বামী-স্ত্ৰীয়ে কাঠমাণ্ডুৰ হায়াট ৰেচিডেন্সিত থাকিবলৈ আহিছিল। দিনৰ প্ৰায় ১১:৩০ বজাত দুস্কৃতিকাৰীয়ে হোটেলখনত জুই লগাই দিয়ে। হোটেলখনক জুইয়ে আগুৰি ধৰা দেখি দুয়ো নিজৰ জীৱন ৰক্ষাৰ প্ৰয়াসত চতুৰ্থ মহলাৰ পৰা জঁপিয়াই দিয়ে।

বুধবাৰে নেপালৰ পৰা ৰামবীৰ সিঙৰ পুত্ৰ বিশাললৈ ফোন আহিছিল যে চিকিৎসাৰ সময়ত তেওঁৰ মাতৃৰ মৃত্যু হৈছে। আনহাতে, দুদিন পিছত আহত অৱস্থাত পিতৃ ৰামবীৰ সিং গোলাক সাহায্য শিবিৰত উদ্ধাৰ কৰা হয়। মৃতদেহ সংগ্ৰহ কৰিবলৈ ভাৰত-নেপাল সীমান্তৰ সোণাউলিলৈ অহা ৰাজেশ গোলাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মাতৃগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো উপযুক্ত চিকিৎসা নকৰিলে, যাৰ বাবে তেওঁৰ মৃত্যু হয়। ভাৰতীয় দূতাবাসৰ সহায়ত বৃহস্পতিবাৰে সন্ধিয়া মৃতদেহটো সোণৌলীত উপস্থিত হৈ পৰিয়ালটোক গতাই দিয়া হয়। ইয়াৰ পিছত মৃতদেহ লৈ গাজিয়াবাদলৈ ৰাওনা হয় পৰিয়ালটো।

এই ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ