--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • মহাবাহু ব্রহ্মপুত্র নদীকেন্দ্রিক সভ্যতাৰ সাক্ষীস্বৰূপ বৃহত্তৰ নিমাতী অঞ্চলৰ জনসাধাৰণে পূর্বপুৰুষসকলৰ দিনৰে পৰা কৃষিভিত্তিক ব্যৱসায়-বাণিজ্যৰে জীৱনৰ সম্বল হিচাপে লৈ জীৱন অতিবাহিত কৰি আহিছিল।

ডিজিটেল ডেস্ক : এসময়ত শস্য-শ্যামলা হৈ থকা ঐতিহাসিক নিমাতী অঞ্চলত বসবাস কৰা দৰিদ্ৰ জনসাধাৰণৰ কৰুণ বিননি এতিয়া শুনিব কোনে? মহাবাহু ব্রহ্মপুত্র নদীকেন্দ্রিক সভ্যতাৰ সাক্ষীস্বৰূপ বৃহত্তৰ নিমাতী অঞ্চলৰ জনসাধাৰণে পূর্বপুৰুষসকলৰ দিনৰে পৰা কৃষিভিত্তিক ব্যৱসায়-বাণিজ্যৰে জীৱনৰ সম্বল হিচাপে লৈ জীৱন অতিবাহিত কৰি আহিছিল। 


মহাবাহু ব্ৰহ্মপুত্রক আস্থা আৰু বিশ্বাসত লৈ নৈপৰীয়া লোকসকলে জীৱনযুদ্ধত অৱতীৰ্ণ হৈছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া লোকসকলৰ সকলো দিশৰপৰাই উভৈনদী আছিল। সকলো প্ৰকাৰৰ খাদ্য, শস্য-মৎস্য, গাখীৰ আদিৰে নৈপৰীয়া শস্য-শ্যামলা পৰিৱেশ বিৰাজমান আছিল। নিমাতীৰ এই ভোগৰ অঞ্চলটোলৈ অমানিশা আহি পৰে ১৯৮৮ চনত। 


পূর্বতে অহা বানপানীসমূহে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক ক্ষতিসাধন কৰিলেও ১৯৮৮ চনত অহা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানপানীয়ে তচ্নচ্ কৰি নিয়ে ঐতিহাসিক নিমাতী। এই বানপানীৰ ফলত নিমাতীৰ ভৌগোলিক এলেকাও বহু পৰিৱৰ্তন হ'ল। বানপানীৰ পাছৰে পৰা নিমাতীৰ চাৰিগাঁও চাপৰি, ডাইনী গাঁও, গোহাঁই গাঁও, নতুন গোহাঁই গাঁও আদি জনসাধাৰণৰ দুৰ্দশা বৃদ্ধি পাবলৈ ধৰিলে। এসময়ত ভোগালী অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ ভয়ানক খহনীয়াই খহাই খেতি পথাৰৰ মাটিখিনিও নিজৰ কৰি ল'লে। 


নিজৰ মাটি-বাৰী হেৰুৱাই নিথৰুৱা হোৱা বহু পৰিয়ালক সেই সময়ৰ চৰকাৰে তিতাবৰ, কলিয়াপানী আদি বিভিন্ন ঠাইত সংস্থাপিত কৰিলে। কিন্তু বহু পৰিয়ালে এতিয়াও নিজৰ পৈত্বিক সম্পত্তিকে সাৰথি কৰি জীৱন অতিবাহিত কৰি আহিছে। দিনৰ পাছত দিন ধৰি মহাবাহুৱে খহাই আনি পৈতৃক ভেটিটোও নিজৰ কৰি লোৱাত ঐতিহাসিক নিমাতীৰ বহুকেইখন গাঁৱৰ জনসাধাৰণৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। 


ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰা ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতে চাৰিগাঁও চাপৰি, গোহাঁই গাঁও, ডাইনী গাঁৱৰ নদীপৰীয়া অংশতো বহু অংশ খহাই পেলায়। কেইবা বছৰ ধৰি অহৰহ হৈ থকা এই খহনীয়াৰ ফলত চাৰিওখন গাঁৱৰে ৰাইজলৈ ভাবুকি আহি পৰিছে। ঐতিহাসিক কমিছনাৰ আলিৰ পৰা ডাইনী গাঁও পর্যন্ত পথটোৰ পশ্চিম অংশত বহু ঠাইত ব্ৰহ্মপুত্ৰৰ খহনীয়া পাবলৈ আৰু বেছি দূৰ নাই। কিছু কিছু ঠাই ৩০-৪০ মিটাৰহে আছে মূল পথটোলৈ। 


যদি এই অংশসমূহত জলসম্পদ বিভাগে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ নকৰে, তেতিয়া হ'লে এই পথটো খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা বেছি। জলসম্পদ বিভাগে অতিশীঘ্রে দীর্ঘম্যাদী আঁচনি গ্রহণ নকৰিলে অদূৰ ভৱিষ্যতে যোৰহাট নগৰৰ প্ৰতিও ভাবুকি আহিব। 


উল্লেখযোগ্য যে নিমাতী অঞ্চলত খেতিয়কসকলৰ খেতি-মাটিত পানী সময়মতে ওলাই যাব নোৱাৰাৰ ফলত খেতিয়কসকলে খেতি কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। খেতিকে জীৱিকাৰ মাধ্যম হিচাপে লোৱা ৰাইজৰ খেতিপথাৰৰ পৰা বৰষুণৰ পৰা হোৱা পানীও ওলাই নোযোৱাৰ বাবে বহু দিনলৈকে খেতি কৰিব নোৱাৰে। ৰাইজে দাবী কৰা মতে জলসম্পদ বিভাগে কমিছনাৰ পথত নিৰ্মাণ কৰা বৃহৎ পকীপুল বিজ্ঞানসন্মতভাৱে নবহুৱাৰ বাবে বাঢ়নী পানীখিনি ওলাই যাব নোৱাৰে। সৰলা বিলৰ পৰা বাঢ়নী পানী ওলাই গ'লে এই খেতিৰ পথাৰসমূহ খেতিৰ উপযোগী হৈ পৰে। 


স্থানীয় খেতিয়কসকলে আজি এই প্রতিবেদকক জনোৱা অনুসৰি, এই পুলটোৱেদি ব্রহ্মপুত্রলৈ পানী ওলাই যাব লাগে যদিও নিৰ্মাণৰ তাৰতম্যৰ বাবে সেয়া হৈ নুঠিল। খেতিয়কসকলে সকলো প্ৰকাৰৰ শাক-পাচলি খেতি এই বৃহৎ পথাৰতে কৰি আহিছে। পকী পুলটোৰ বাবে প্রায় ১০খন গাঁৱৰ শতাধিক কৃষকৰ অৱস্থা শোচনীয় হৈছে। প্রায় এশ বিঘা মাটিত পানীৰ তলত থকাত খেতি কৰিব নোৱাৰি নিমাতীৰ এইসকল খেতিয়কৰ অৰ্থনৈতিক অবস্থা দুর্বিষহ হৈ পৰিছে। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ পলসুৱা মাটিত হোৱা শাক-পাচলিৰে জনসাধাৰণক বিশুদ্ধ পাচলি খুৱাই অহা এইসকল খেতিয়কৰ বিননি এতিয়া শুনোতা কোনো নাই। যোৰহাট জিলা জলসম্পদ বিভাগ আৰু জিলা কৃষি বিভাগে এইক্ষেত্রত কি সময়োপযোগী ব্যৱস্থা গ্রহণ কৰে, সেয়া সময়তহে জানিব পৰা যাব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement