--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা ফলাফল অনুসৰি এইবাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে তিনিওটা শাখাতে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।


চলিত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হোৱা দেখা গৈছে। তথ্য অনুসৰি, বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত ৮১.১৩ শতাংশ আৰু কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।


কলা শাখাৰ ফলাফলত এইবাৰ উজলি উঠিছে বাক্সা জিলা। জিলাখনৰ সামগ্ৰিক ফলাফলৰ ভিত্তিত বাক্সা জিলাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই তালিকাত দৰং জিলায় দ্বিতীয় আৰু লখিমপুৰ জিলাই তৃতীয় স্থান লাভ কৰিছে।


বাণিজ্য শাখাৰ ফলাফলত মাজুলী আৰু দক্ষিণ শালমৰা মানকাচৰ জিলাই যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে, তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বজালী জিলাই তৃতীয় স্থান দখল কৰিছে। বাণিজ্য শাখাত শিক্ষাৰ্থীসকলৰ এনে ফলাফলক সচেতন মহলে আদৰণি জনাইছে।


বিজ্ঞান শাখাৰ ফলাফলত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে। তামুলপুৰ, পশ্চিম কাৰ্বি আংলং আৰু বাক্সা— এই তিনিওখন জিলায় যুটীয়াভাৱে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। এই শাখাত দ্বিতীয় স্থানত পশ্চিম কাৰ্বি আংলং আৰু তৃতীয় স্থানত বাক্সা জিলা আছে।


বিজ্ঞান আৰু বাণিজ্য দুয়োটা শাখাতে মাজুলী জিলাৰ অগ্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমান ৰাজ্যজুৰি সফল শিক্ষাৰ্থীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু