--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা ফলাফল অনুসৰি এইবাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে তিনিওটা শাখাতে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।


চলিত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হোৱা দেখা গৈছে। তথ্য অনুসৰি, বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত ৮১.১৩ শতাংশ আৰু কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।


কলা শাখাৰ ফলাফলত এইবাৰ উজলি উঠিছে বাক্সা জিলা। জিলাখনৰ সামগ্ৰিক ফলাফলৰ ভিত্তিত বাক্সা জিলাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই তালিকাত দৰং জিলায় দ্বিতীয় আৰু লখিমপুৰ জিলাই তৃতীয় স্থান লাভ কৰিছে।


বাণিজ্য শাখাৰ ফলাফলত মাজুলী আৰু দক্ষিণ শালমৰা মানকাচৰ জিলাই যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে, তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বজালী জিলাই তৃতীয় স্থান দখল কৰিছে। বাণিজ্য শাখাত শিক্ষাৰ্থীসকলৰ এনে ফলাফলক সচেতন মহলে আদৰণি জনাইছে।


বিজ্ঞান শাখাৰ ফলাফলত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে। তামুলপুৰ, পশ্চিম কাৰ্বি আংলং আৰু বাক্সা— এই তিনিওখন জিলায় যুটীয়াভাৱে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। এই শাখাত দ্বিতীয় স্থানত পশ্চিম কাৰ্বি আংলং আৰু তৃতীয় স্থানত বাক্সা জিলা আছে।


বিজ্ঞান আৰু বাণিজ্য দুয়োটা শাখাতে মাজুলী জিলাৰ অগ্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমান ৰাজ্যজুৰি সফল শিক্ষাৰ্থীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ