--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

ডিজিটেল ডেস্কঃ পুৱাই গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত সেৱা গ্ৰহণ কৰাৰ পিছতেই গোলাঘাটৰ কছাৰীহাটস্থিত "ত্ৰিশূল" মন্দিৰত আশীষ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।


ইয়াৰ পিছতেই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।


উল্লেখ্য যে নুমলিগড় শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ তিনি কোটি পঞ্চাশ লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা হয় ক্ৰীড়া প্ৰকল্পটো। একেটা অনুষ্ঠানতে গোলাঘাট নগৰত ২৪ ঘণ্টাই পানী যোগান ধৰিব পৰাকৈ ১৩০ কোটি ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ধনশিৰি নদীৰ পৰা উত্তোলন কৰা হ'ব এই পানী। '


ধুবুৰীত ১৪০০ গৰু কোৰবানী দিয়া হৈছে। কোৰবানী দিয়া গৰুৰ মাংস নামঘৰত ৰখা হৈছে। সেই কথাটো কোনেও নোসোধে।এইকেইটা গৰু জীয়াই ৰখা হৈছে। যিকেইটা গৰু কোৰবানী দি নৃশংস ভাৱে মাৰি পেলোৱা হৈছে,সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকৰ হৃদয় নকঁপাই নেকি? ১৪০০ গৰু একেদিনাই কোৰবানী দিওঁতে কাৰো দুখলগা নেদেখিলো। এইকেইটা গৰু জীয়াই আছে।কোৰবানী দিয়া গৰুৰ ওপৰত কোনেও আলোচনা নকৰে,জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে।এই বিষয়ত কোনো চেনেলত টক শ্ব হোৱা নাই '-এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।ইয়াৰ পিছত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰিবলৈ যোৱা পথত জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীক। কংগ্ৰেছ কৰ্মী সকলৰ উত্তাল প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিও বিফল হয়। কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।


ইপিনে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত প্ৰকল্প উন্মোচন কৰি বেডমিণ্টন খেলিলে মুখ্যমন্ত্ৰী শৰ্মাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি