--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

ডিজিটেল ডেস্কঃ পুৱাই গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত সেৱা গ্ৰহণ কৰাৰ পিছতেই গোলাঘাটৰ কছাৰীহাটস্থিত "ত্ৰিশূল" মন্দিৰত আশীষ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পিছতেই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে নুমলিগড় শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ তিনি কোটি পঞ্চাশ লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা হয় ক্ৰীড়া প্ৰকল্পটো। একেটা অনুষ্ঠানতে গোলাঘাট নগৰত ২৪ ঘণ্টাই পানী যোগান ধৰিব পৰাকৈ ১৩০ কোটি ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ধনশিৰি নদীৰ পৰা উত্তোলন কৰা হ'ব এই পানী। '

ধুবুৰীত ১৪০০ গৰু কোৰবানী দিয়া হৈছে। কোৰবানী দিয়া গৰুৰ মাংস নামঘৰত ৰখা হৈছে। সেই কথাটো কোনেও নোসোধে।এইকেইটা গৰু জীয়াই ৰখা হৈছে। যিকেইটা গৰু কোৰবানী দি নৃশংস ভাৱে মাৰি পেলোৱা হৈছে,সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকৰ হৃদয় নকঁপাই নেকি? ১৪০০ গৰু একেদিনাই কোৰবানী দিওঁতে কাৰো দুখলগা নেদেখিলো। এইকেইটা গৰু জীয়াই আছে।কোৰবানী দিয়া গৰুৰ ওপৰত কোনেও আলোচনা নকৰে,জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে।এই বিষয়ত কোনো চেনেলত টক শ্ব হোৱা নাই '-এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।ইয়াৰ পিছত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প উন্মোচন কৰিবলৈ যোৱা পথত জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীক। কংগ্ৰেছ কৰ্মী সকলৰ উত্তাল প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিও বিফল হয়। কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

ইপিনে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত প্ৰকল্প উন্মোচন কৰি বেডমিণ্টন খেলিলে মুখ্যমন্ত্ৰী শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ