--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিক্ষা মন্ত্রীজনে শনিবাৰে সমাগত শাৰদীয় দুর্গা পূজাৰ আগে আগে পুনৰ শিক্ষক নিযুক্তি প্রদান কৰাৰ কথা ঘোষণা কৰে। কেৱল বিদ্যালয় শিক্ষা বিভাগতে ১৩ সহস্রাধিক শিক্ষক নিযুক্তি প্রদান কৰাৰ কথাও তেওঁ ঘোষণা কৰে।

ডিজিটেল ডেস্ক : আগন্তুক দুর্গা পূজাৰ সময়তে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগত প্রায় ১৩ হাজাৰ শিক্ষক পদত নিযুক্তি প্রদান কৰা হ'ব।


শেহতীয়াকৈ ফলাফল ঘোষণা কৰা স্নাতক আৰু স্নাতকোত্তৰ টেট উত্তীর্ণ প্রার্থীসকলৰ প্রমাণ-পত্ৰৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতে খালী পদৰ দ্বিতীয়খন তালিকা প্রকাশ কৰা হ'ব। আনহাতে নিঅ'ছৰ অধীনত ডি এল ই ডি কৰাসকলেও সুবিধা লাভ কৰিব। শনিবাৰে এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে।


শিক্ষা মন্ত্রীজনে শনিবাৰে সমাগত শাৰদীয় দুর্গা পূজাৰ আগে আগে পুনৰ শিক্ষক নিযুক্তি প্রদান কৰাৰ কথা ঘোষণা কৰে। কেবল বিদ্যালয় শিক্ষা বিভাগতে ১৩ সহস্রাধিক শিক্ষক নিযুক্তি প্রদান কৰাৰ কথাও তেওঁ ঘোষণা কৰে।


শেহতীয়াকৈ স্নাতক আৰু স্নাতকোত্তৰ টে'ট উত্তীর্ণ প্রার্থীসকলক এই পদসমূহত নিযুক্তি প্রদান কৰা হ'ব। ইয়াৰ বাবে টেট উত্তীর্ণ প্রার্থীসকলৰ প্ৰমাণ-পত্ৰসমূহ ভাগে ভাগে পৰীক্ষা কৰি থকা হৈছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনতে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ত খালী হৈ থকা ৫,৫৫০টা শিক্ষক পদ পূৰণৰ বাবে বিজ্ঞাপন দিছিল। নিম্ন প্রাথমিকত ৩,৮০০টা আৰু উচ্চ প্রাথমিকত ১,৭৫০টা পদ পূৰণৰ বাবে বিজ্ঞাপনৰ আধাৰত স্নাতক আৰু স্নাতকোত্তৰ টে'ট পৰীক্ষা অনুষ্ঠিত কৰিছিল। কেইদিনমান পূর্বে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল।


টে'ট পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীসকলৰ প্ৰমাণ-পত্ৰসমূহৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে। শুকুৰবাৰৰ পৰা গুৱাহাটীত কেন্দ্রীয়ভাবে এই প্রার্থীসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰমাণ-পত্ৰসমূহ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৮ জুলাইলৈকে পর্যায়ক্রমে এই পৰীক্ষণ প্রক্রিয়া অব্যাহত থাকিব। লক্ষণীয়ভাৱে এই পৰীক্ষণ প্রক্রিয়াত এইবাৰ নিঅ'ছৰ অধীনত যিসকল প্রার্থীয়ে ডি এল ই ডি উত্তীর্ণ হৈছে সেইসকলকো সুযোগ দিয়া হ'ব বুলি প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ঘোষণা কৰিছে।


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিঅ ছৰ অধীনত ১৮ মহীয়া ডি এল ই ডি কৰা এই প্রার্থীসকলক আৱেদনৰ ক্ষেত্ৰত বৈধতা প্রদান কৰা হৈছে। প্রণিধানযোগ্য যে এই প্ৰাৰ্থীসকলৰ গোচৰৰ বাবেই সমগ্র শিক্ষক নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰিছিল। ইফালে ন্যায়ালয়ে এই প্রার্থীসকলক নিযুক্তিৰ প্ৰাৰ্থীত্বত অন্তর্ভুক্ত কৰিবলৈ নিৰ্দেশ দিলেও কিছু চর্ত বান্ধি দিয়া বুলি উল্লেখ কৰিছে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে। তেওঁ কয় যে এই ডিপ্লমা কৰিলেও তেওঁলোকে সেই সময়ত শিক্ষকৰ চাকৰি কৰি থকা হ'ব লাগিব বুলি ন্যায়ালয়ে চর্ত বান্ধি দিছে। অর্থাৎ 'ইউডাইচ'ত অন্তর্ভুক্ত শিক্ষক হ'ব লাগিব। চৰকাৰে ২০১৭ চনৰ পূৰ্বে শিক্ষকৰ চাকৰি কৰি থাকিলে নিঅ ছৰ অধীনত ডি এল ই ডি কৰিলেও প্রার্থী হিচাপে যোগ্য বিবেচনা কৰিছে বুলি প্রকাশ কৰে। তেওঁ বর্তমান চলি থকা প্রমাণ-পত্র পৰীক্ষা প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতে বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যার্পণৰ বাবে প্রকাশ কৰা হ'ব বুলি শনিবাৰে সামাজিক মাধ্যমযোগে প্রকাশ কৰে। অর্থাৎ শিক্ষা মন্ত্ৰীৰ ঘোষণা অনুসৰি অচিৰেই স্নাতক আৰু স্নাতকোত্তৰ নিযুক্তিৰ দ্বিতীয়খন তালিকা প্রমাণ-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে প্রকাশ হ'ব।


ইফালে শিক্ষা মন্ত্রীজনে কালি প্রকাশ কৰে যে মাধ্যমিক পর্যায়ত খালী হৈ থকা স্নাতক শিক্ষকৰ ৭,৫৮৮টা পদ পূৰণৰ বাবে অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ছটা মণ্ডলত নথি আৰু প্ৰমাণ-পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই মণ্ডলকেইটা হ'ল ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ (ম) আৰু বঙাইগাঁও জিলা। তেওঁ প্রকাশ কৰে যে এই পদসমূহ পূৰণ কৰিবৰ বাবে বিজ্ঞাপন জাৰি কৰিছিল যদিও এতিয়া নথি আৰু প্ৰমাণ-পত্ৰ পৰীক্ষণ কৰিবৰ বাবে ৬,২৩৬টা পদৰ বাবেহে প্রার্থী মতা হৈছে। অর্থাৎ এতিয়াও ১,৩৫২টা পদ খালী ৰৈ যোৱা বুলি উল্লেখ কৰি শিক্ষা মন্ত্রীজনে শীঘ্রে এই পদসমূহ পুৰণ কৰিবৰ বাবে পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাইছে বুলি তেওঁ সদৰী কৰে। লক্ষণীয় যে ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ থকা ১,৪৮৭টা স্নাতকোত্তৰ শিক্ষকৰ পদ পূৰণৰ বাবে ইতিমধ্যে নথি আৰু প্ৰমাণ-পত্ৰ পৰীক্ষণ প্রক্রিয়া সম্পূর্ণ হৈছে। কিন্তু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ অভাৱত ইয়াৰে ২৩০টা পদ এইবাৰ পূৰণ নহ'ব বুলি তেওঁ প্রকাশ কৰে। এই পদ পূৰণৰ বাবে পুনৰ বিজ্ঞাপন জাৰি কৰা হ'ব বুলি তেওঁ কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ